আলোক
দেৱতুল্য শিশু আমি
যাওঁ স্কুলত
পঢ়ি শুনি ডাঙৰ হ'ম
লক্ষ্য আছে মনত।
পুথিৰ বিদ্যা হাতৰ বিদ্যা
শিকিম আমি
নহ'লে যে জীৱনটো হ'ব
আলৈ আথানি।
চৰকাৰে দিছে আমাক
বিনামূলীয়া পুথি
তেনেহ'লে নলওঁ কিয়
এই জ্ঞানৰ জ্যোতি?
সূৰ্যৰ পোহৰে পোহৰ বিলাই
বিশ্ব মানৱক
সমগ্ৰশিক্ষাই শিক্ষা দিব
সকলো বঞ্চিতক।
চৈয়দ ময়িদুল ইছলাম ,
সহঃ শিক্ষক,
তৰণী এম.ই স্কুল