header ads

প্ৰাপ্তি | A Story by Pallabi Pathak

প্ৰাপ্তি



ঈশ্বৰ হাজৰিকাই প্ৰতিদিনৰ দৰে আজিও বাৰাণ্ডাখনত থকা চকীখনত বহি বাতৰি কাকতখন মেলি ল'লে। সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ফটোখন প্ৰথম পৃষ্ঠাতে দেখিয়েই লগে লগে তেওঁৰ চকু তাৰিখটোলৈ গ'ল। হয়, হয়, আজি দেখোন "শিক্ষক দিৱস "। ইছ! আজিৰ দিনটোও বাৰু পাহৰিব লাগেনে তেওঁ। এৰা, অৱসৰ লোৱাৰ পাঁচ বছৰ হৈছিল হে, পাহৰিবৰ হ'লেইনে দিনটো। আজিটো তেওঁৰ দিন। 

প্ৰায় বত্ৰিশ বছৰ এইখন ঠাইতে শিক্ষকতা কৰা ঈশ্বৰ মাষ্টৰক চিনি নোপোৱা কোনো নোলাব ছাগে গাওঁখনত। অ' হয় , তেওঁ ভেঞ্চাৰ স্কুলত চাকৰি কৰিছিল। কিন্তু সেইখন স্কুলৰ পৰাই যোৱা বত্ৰিশটা বছৰত কমসোপা ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰি ওলাই গৈছিলনে! কিমানে যে ডাঙৰ ডাঙৰ চাকৰি লৈ এইখন গাঁৱৰপৰা ওলাই গৈ চহৰত থাকিবলৈ ল'লে।

ভাল লাগে কথাবোৰ ভাবিলে। মনত পৰে তেওঁৰ সেই শিক্ষকতা কৰা দিনবোৰলৈ।কিমান কষ্টেৰে যে স্কুলখন প্ৰতিষ্ঠা কৰিছিল। কম কষ্ট কৰি ল'ৰা-ছোৱালী বোৰক গণিত আৰু বিজ্ঞানৰ বিষয় দুটা বুজাইছিলনে! এতিয়াও পিছে ঈশ্বৰ মাষ্টৰৰ নাম আছে দেই। সোঁৱে-বাওঁ য়ে প্ৰায় চাৰি-পাঁচখন গাঁৱলৈকে গণিতত তেওঁৰ পাণ্ডিত্যৰ নাম আছে। তেওঁ শিকোৱা কিমানে যে গণিতত লেটাৰ মাৰ্ক লৈ উত্তীৰ্ণ হৈ ওলাই গ'ল তাৰ হিচাপ আজি তেওঁৰ হাততো নাই। 
ঘৰৰ মানুহজনীয়ে কেতিয়াবা দুখ কৰে "বোলো গোটেই জীৱন শিক্ষকতাকে কৰিলে বিদায়বেলাত ছাতিটো আৰু গীতাখনৰ বাহিৰে একো গোটাব নোৱাৰিলে। আন নালাগে চৰকাৰে চাকৰিটোও নিয়মীয়া কৰিবলৈ নেপাওঁতেই অৱসৰ পালে। " সেইটো অৱশ্যে হয়। ঈশ্বৰ হাজৰিকাই অৱসৰ লোৱাৰ দুবছৰ পিছতেই স্কুলখনো প্ৰভিঞ্চিয়েলাইজ হ'ল। পিছে কিনো কৰিব, ভাগ্যৰ লিখন বুলিয়েই মানি ল'লে। 

আজি দুবছৰ মানৰ পৰা মানুহজনীৰ আৰু এটা অভিযোগে হাজৰিকাক বৰকৈ দুখ দিয়ে। তেওঁ প্ৰায়েই শুনাই থাকে, " অৱসৰ লোৱা বৰুৱা মাষ্টৰে হেনো যোৱা বছৰ কৃতী-শিক্ষকৰ বঁটা পালে। ইপিনে নৰেন মাষ্টৰকো কোনোবা এটা সংগঠনে "জীৱনজোৰা সাধনা বঁটা" প্ৰদান কৰিলে। হেৰি, আপোনাক দেখোন সকলোৱে ভাল শিক্ষক বুলি কৈ ফুৰে কেতিয়াও বঁটা এটা বাদ দিলোঁ, গামোচা এখনো যাঁচিব নোৱাৰেনে?"

হাজৰিকাই হাঁহি কথাবোৰ পাতলায়। কিন্তু মনত তথাপিও ক'ৰবাত যেন বিন্ধে কথাবোৰে । নহয়, তেওঁ কাহানিও বঁটা এটা পোৱাৰ হেঁপাহ মনত পুহি ৰাখি কাম কৰা নাই, কিন্তু জীৱনভৰ মানুহ গঢ়াৰ যি সাধনাত তেওঁ ব্ৰতী হৈ থাকিল, তাৰ সমাদৰ লাভ নকৰাৰ কথাটোত হে দুখ লাগে। তথাপি মনলৈ এনেবোৰ ভাৱ আহিলে গীতাৰ তেওঁৰ প্ৰিয় শ্লোক এটা মনলৈ আনে " কৰ্ম কৰি যোৱা, ফলৰ চিন্তা কাহানিও নকৰিবা"। তেওঁ স্কুলত পঢ়োঁতে ফণীৰাম মাষ্টৰে শিকাইছিল কথাষাৰ তেওঁক। তাকেই সাৰোগত কৰি গোটেই জীৱনটো নিঃস্বাৰ্থভাবে শিক্ষাদান কৰি আহিছে তেওঁ। কথাবোৰ ভাবি কাকতখন জপাই চকুহাল মুদি দিয়ে তেওঁ। 

হঠাতে গাড়ীৰ শব্দ শুনি চকুহাল মেলি মূৰ তুলি চাই তেওঁ। চকুৰ আগতে প্ৰায় দুই তিনিখন দামী দামী গাড়ী তেওঁৰ পদূলিত ৰৈ দিয়ে। লগে লগে ধুনীয়া পোচাক পৰিধান কৰা ত্ৰিশ- পয়ত্ৰিশ বছৰীয়া পুৰুষ মহিলা কেইগৰাকীমান গাড়ীৰ পৰা নামি তেওঁৰ কাষলৈ আহে। লগতে দুটি শিশুও অহা দেখি তেওঁ লাহেকৈ চকীৰ পৰা উঠি দিলে। 

মূখবোৰ অচিনাকী দেখি তেওঁ সুধিয়েই পেলালে, "আপোনালোকে বাৰু কাক বিচাৰি আহিছে?"

" ছাৰ, আমি আপোনাকে বিচাৰি আহিছোঁ। " চছমা পিন্ধি থকা মিঠাবৰণীয়া পুৰুষজনে মাত লগালে।
ঈশ্বৰ হাজৰিকাই মাতটো চিনি পালে কিন্তু নামটো মনত পেলাব নোৱাৰি, ল'ৰাজনলৈ চাই থাকিল। 

" ছাৰ , মোক চিনি পোৱা নাই নহয়, মই মৃদুল ছাৰ।"

" মই বিক্ৰম " " ছাৰ ,মই অঞ্জলি " ছাৰ , মই নিৰ্মালী" ছাৰ, মই ভৱেন্দ্ৰ, ছাৰ, মই প্ৰদীপ".....এনেদৰে প্ৰত্যেকেই নিজৰ চিনাকি দি গ'ল । হাজৰিকাই এতিয়াহে চিনি পালে আটাইবোৰকে। 

" ছাৰ , আপোনাৰ কাৰণেই আমি আজি একো একোজন সফল ব্যক্তি হৈ সমাজত নিজৰ পৰিচয় গঢ়িব পাৰিছোঁ। আজিৰ বিশেষ দিনটোত সেয়ে আপোনালৈ মনত পেলাই আপোনাৰ আশীৰ্বাদ ল'বলৈ চহৰৰপৰা গুচি আহিলোঁ আমি আটাইবোৰে। আমাক আশীৰ্বাদ দিব চাৰ। "

আটাইবোৰে এজন এজন কৈ আহি ভৰি চুই সেৱা জনালে। লগতে প্ৰত্যেকেই তেওঁলৈ অনা গামোচা,শৰাই, কলম, হাত-ঘড়ী আদিৰে হাজৰিকাৰ কোলা ভৰি গ'ল। হঠাতে মনটো ইমান ভাল লাগি যাব বুলি তেওঁ যে কাহানিও ভবাই নাছিল। 

এনেতে নিৰ্মালী বোলাজনীৰ লগত অহা শিশু দুটিয়ো আহি তেওঁৰ ভৰিত ধৰিলেহি।" ছাৰ , মোৰ ল'ৰা-ছোৱালী দুটাকো আশীৰ্বাদ দিয়ক যাতে সিহঁতক ভাল মানুহ হিচাপে গঢ় দিব পাৰো।" হাজৰিকাই সিহঁত দুয়োকে সাৱতি ধৰি চুমা খালে। ইয়াৰ পিছত গোটেই দিনটো আটাইবোৰে হাজৰিকাৰ লগতে থাকি খোৱা-বোৱা কৰি আবেলি আকৌ চহৰমুখী হ'লগৈ। 

সিহঁতক বিদাই দি আহি ঈশ্বৰ হাজৰিকাই আকৌ চকীখনত বহি বেৰত মূৰটো আওঁজাই দিলে। মনতে আকৌ এবাৰ গীতাৰ প্ৰিয় শ্লোকটো আঁতৰালে, " কৰ্ম কৰি যোৱা, ফলৰ চিন্তা কাহানিও নকৰিবা"। চকুৰে এসোঁত তপত চকুলো বৈ গ'ল তেওঁৰ। 

আজি পিছে এয়া দুখৰ চকুলো নাছিল। এয়া যে তেওঁৰ জীৱনজোৰা সাধনাৰ মূল্য, সকলো বঁটা, সকলো বাবতকৈ উৰ্দ্ধত এক প্ৰাপ্তিৰ চকুলোহে আছিল। 



পল্লবী পাঠক , 
শিঙিমাৰী পুখুৰীপাৰ মধ্য ইংৰাজী বিদ্যালয়
সহ-শিক্ষয়িত্ৰী 

ছয়গাওঁ শিক্ষাখণ্ড