header ads

প্ৰকৃতি |


প্ৰকৃতি

প্ৰকৃতি বিনন্দীয়া প্ৰকৃতি মোহনীয়া

              তুমি চিৰ সেউজী সেউজ,

তুমি প্ৰাণ প্ৰদায়িনী তুমি কৰুণাময়ী

              শ্যামলা তোমাৰ বেশ ।

তোমাৰ বুকুতেই মানৱ জাতিৰ উদ্ভৱ

             তোমাৰ বুকুতেই বিলয় ,

তোমাৰ বুকুৰ অমৃত সম্ভাৰেৰে

             তুমিয়েই জীৱৰ জীৱন ।

অথচ, এচাম স্বাৰ্থপৰে

তোমাৰ বুকুৰ অৰণ্য ধ্বংস যজ্ঞত

             তোমাকেই কৰে উলঙ্গ !

             ৰঁচে মহা সম্ভোগৰ স্বপ্ন ।

নিজৰ মৰণ ফান্দ নিজেই পাতি

             মহা প্ৰলয়লৈ কৰে গতি ।

বৃহদাকায় কল-কাৰখানৰ নিৰ্গত ধোৱাই

            পৃথিৱীলৈ কঢ়িয়াই অস্তিত্বৰ ভাবুকি ।

সমগ্ৰ বিশ্বতে হৈছে প্ৰদূষণ

           "গ্লোবেল ৱাৰ্মিং" তাৰেই কুফল ।

অৰণ্যই জন-অৰণ্যৰ প্ৰাণ

           অৰণ্যহীনতাই জীৱনৰ মৃত্যুবান !

আহাঁ আমি সময় থাঁকোতেই হওঁ সচেতন

           দিওঁ আমি অৰণ্যক ৰক্ষণাবেক্ষণ ।

হওঁ আমি একো একোজন অৰণ্যমানৱ         

           যাদব পায়েং

লওঁ আহা আমি সংকল্প সুন্দৰ ধৰণী গঢ়াৰ ।

 ******************************************

                               

শ্ৰী শেৱালী বৈশ্য

প্ৰধান শিক্ষয়িত্ৰী

শুৱালকুছি সনাতন বালিকা প্ৰাথমিক বিদ্যালয় 

শিক্ষাখণ্ড - হাজো।



অলংকৰণ-সুৰভি দাস



Post a Comment

0 Comments