header ads

ক’ৰ’ণা মহামাৰী আৰু শিক্ষাক্ষেত্ৰত ইয়াৰ প্ৰভাৱ | An Assamese Article by Anil Ch Deka

ক’ৰ’ণা মহামাৰী আৰু শিক্ষাক্ষেত্ৰত ইয়াৰ প্ৰভাৱ


যোৱা বছৰ শেষভাগত চীনদেশৰ য়ুহান প্ৰদেশত প্ৰাদুৰ্ভাৱ হোৱা ক 'ৰনা ভাইৰাছ কভিড্‌ 19 য়ে প্ৰথমে চীন দেশত সংহাৰ সৃষ্টি কৰাৰ পিছত এখন এখনকৈ বিশ্বৰ প্ৰায় আটাইবোৰ দেশতে এই ক্ষুদ্ৰ ভাইৰাছবিধে আক্ৰমণ কৰি মানৱজাতিৰ বাবেই এক ভয়ংকৰ বাৰ্তা বহন কৰিছে । এই পৰ্যন্ত বিশ্বত প্ৰায় 1,75,16,427  জন ব্যক্তি এই মহামাৰীত আক্ৰান্ত হৈছে। ইতিমধ্যে প্ৰায় 7,50,000 গৰাকী ব্যক্তিৰ মৃত্যু হৈছে ।


              মানুহৰ শ্বাস-প্ৰশ্বাস আৰু নাক,মুখ,চকু আদিৰ জৰিয়তে মানুহৰ দেহত প্ৰৱেশ কৰা এইবিধ ভাইৰাছ তেনেই ক্ষুদ্ৰ কিন্তু অতিকৈ ভয়াবহ ও ধ্বংসাত্মক ।বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানৱজাতি ইখন দেশৰ পৰা সিখন দেশ বা এটা প্ৰান্তৰ পৰা অন্য প্ৰান্তলৈ আহ-যাহ কৰিবলৈ বাধ্য ।যাৰ ফলস্বৰূপে এটা প্ৰান্তৰ পৰা অন্য প্ৰান্তৰ মানুহৰ দেহলৈ ভাইৰাছবিধ সহজে বিয়পে ।


           পৃথিৱীৰ ধনী মানী ও শক্তিশালী, চিকিৎসাবিজ্ঞান নাইবা অন্যান্য দিশত কাৰিকৰী দিশ আদিত উচ্চশিখৰত অৱ্স্হান কৰা আমেৰিকা,জাপান,চীন,ৰাছিয়া,অষ্ট্ৰেলিয়া,ফ্ৰান্স,

ইংলেণ্ড আদি মহাপ্ৰতাপী দেশে এইবিধ ভাইৰাছৰ ওচৰত লেওসেও হৈ গৈছে । আমাৰ ভাৰত বৰ্ষতো এতিয়ালৈকে প্ৰায় 30,00000 লোক এই ভাইৰাছ বিধৰ স্বীকাৰ হৈছে । ইতিমধ্যে প্ৰায় 70,000 জন ব্যক্তি পৰধামলৈ গতি কৰিছে ।

            সুজলা সুফলা শস্য শ্যামলা ভাৰতৰ উত্তৰ -পূৱৰ ৰাজ্য সমূহো ইয়াৰ প্ৰভাৱত তছ-নছ হৈছে । বৰ্তমানলৈ অসমত প্ৰায় 90,000 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰায় 250 গৰাকী ব্যক্তিৰ মৃত্যূ হৈছে । এই মহামাৰীৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় হিচাপে আক্ৰান্ত দেশ সমূহে দীৰ্ঘদিনৰ বাবে লক্‌ডাউন ঘোষণা কৰাৰ ফলত বিশ্ব অৰ্থনীতিত বাৰুকৈয়ে প্ৰভাৱ পৰিছে ।আনহাতে অতি ভয়াবহ প্ৰভাৱ পৰিছে শিক্ষাৰ ক্ষেত্ৰত ।পৃথিৱীৰ বিভিন্ন দেশৰ লগতে আমাৰ দেশেও এই ক্ষেএত মাধমাৰ খাবলগীয়া হৈছে । যোৱা মাৰ্চ মাহৰ মাজভাগৰ পৰাই শিক্ষাক্ষেত্ৰ সমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে । যাৰবাবে প্ৰতিজন ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়িত্ৰী,অভিভাৱক-অভিভাৱিকা চিন্তা বিমুখ হৈ পৰিছে । প্ৰতিজন ব্যক্তিকে বাৰুকৈয়ে চুই গৈছে তথা মানুহ মাত্ৰেই প্ৰভাৱান্বিত হৈছে ৷ 

  আজি প্ৰতিজনব্যক্তি,শিক্ষক,অভিভাৱক,প্ৰশাসক,
নীতি নিৰ্ধাৰণ কৰোতা তথা শুভকাংক্ষী হিচাপে সকলোৱে চিন্তান্বিত তথা এই কিশোৰ চেমনীয়া যুৱক-যুৱতী তথা শিশু সকলৰ মানসিকতাত যি অভাৱনীয় প্ৰভাৱ পৰিল,শিক্ষাক্ষেত্ৰত যি অমূল্য ক্ষতি সাধন হ'ল তাক মোকাবিলা কৰা অথবা আগুৱাই লৈ যোৱাৰ কোনো উচিত পথৰ সন্ধান পোৱা নাই ।অৱশ্যে কিছুপৰিমাণে এই ক্ষতি লাঘৱ কৰিবৰ বাবে শিক্ষা বিভাগে অনলাইন শিক্ষা ব্যৱস্হাৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীক শিক্ষা দিবৰ বাবে যত্ন কৰিছে । কিছুসংখ্যক ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে যদিও গ্ৰাম্য বা পিছপৰা অঞ্চলৰ বেছি সংখ্যক ছাত্ৰ-ছাত্ৰী বা অভিভাৱকে এই সুবিধাৰ পৰা বঞ্চিত হৈছে ।

           অভাৱগ্ৰস্ত পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী সকলে এই সুবিধা গ্ৰহণ কৰিবলৈ অপাৰগ হৈছে ।এচামে নিজৰ গৰু-গাই বিক্ৰী কৰি এন'ড্ৰয়েড মবাইল ফোন কিনিবলৈ বাধ্য হৈছে । বাতৰি কাকতৰ মাধ্যমেৰে গম পোৱা যায় দুই এজন ছাত্ৰ-ছাত্ৰী,অভিভাৱকে মবাইল যোগাৰ কৰিব নোৱাৰি আত্মহননৰদৰে চৰমপন্হা গ্ৰহণ কৰিছে । এনে সিদ্ধান্ত গ্ৰহণযোগ্য নহলেও হতাশগ্ৰস্ততাৰ বাবেই যে এনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰিছে সি ধুৰুপ । সি যিকি নহওঁক এই ব্যৱস্হাই কিন্তু আমাৰ যোগাযোগ ব্যৱস্হা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত বজাই ৰাখিছে । এচাম ছাত্ৰ-ছাত্ৰী সচাকৈয়ে উপকৃতওঁ হৈছে । আন এচামে আকৌ কোমল মতীয়া বিবেচনা কৰিব নোৱাৰি এই সুবিধা গ্ৰহণ কৰি ম'বাইলত বিভিন্ন গেম খেলিবলৈ আৰম্ভ কৰি দিছে,যাৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী কিয়নো ম'বাইল আসক্তিয়ে এক ভয়াবহ ভৱিষ্যতলৈ সেই ছাত্ৰ বা ছাত্ৰী গৰাকী আগুৱাই গৈ আছে । শুনা যায় গেম খেলিবলৈ বাধা প্ৰদান কৰাৰ ফলত বহুত পৰিয়ালত অশান্তিৰ পৰিস্হিতিৰ সৃষ্টি কৰিছে । 


******************


অনিল চন্দ্ৰ ডেকা ,
সহকাৰী শিক্ষক
জলাহ হাইস্কুল
জলাহ,চাংসাৰী