header ads

গুৰু প্রণামো তোমাক | An Assamese Hemen Ch Hazarika

গুৰু প্রণামো তোমাক


     তুমি পোহৰৰ উপাসক
      অম্লান জ্যোতি
      তোমাৰ জ্যোতিত
    উদ্ভাষি উঠিব খোজে
    এজাক ভৱিষ্যত উজ্বল
    তিৰ-বিৰ চকু  |
   তুমি জ্বলি জ্বলি
  ছাঁই হৈ যোৱা
  আনৰ জীৱন পোহৰাই ,
 নিজে নিৰ্বাপিত হ'ব নোখোজা
 অক্ষয় বন্তি তুমি  |
 দুখ বাকি হাঁহি হাঁহি
 হঁহুৱাব পাৰা বাবেই
  মহান তুমি  |
  তুমি হাজাৰ পোহৰৰ
  সৃষ্টিৰ আধাৰ  |
   এনে মাহেন্দ্ৰ ক্ষণত
   হে গুৰু,
   তোমাক সহস্র প্রণাম,
    সহস্র প্রণাম   |








     হেমেন চন্দ্র হাজৰিকা
              সহঃ শিক্ষক
        বিৰোগাঁও এম ভি
        ৰামপুৰ শিক্ষাখণ্ড   |