header ads

পোৱানে কোনোবাই চিনি মোক | An Assamese Poem by Amiya Kumar Roy

পোৱানে কোনোবাই চিনি মোক


পোৱানে কোনোবাই চিনি মোক
মই দেখোন ভ্ৰমি ফুৰো নিষ্কণ্টকে
তোমালোকৰ পদুলিয়ে পদুলিয়ে,
মুহূৰ্তে মুহূৰ্তে অহৰ্নিশে |

 ভাল পাঁও মই কৰি ক্ষত-বিক্ষত,
তোমালোকৰ নিভৃত কলিজা,
ভালপাঁও তোমালোকৰ
কৰযোৰৰ আহ্বান
নামানা কিয় নীতি নিয়ম?
থাকা,তেনেকৈ থাকা,
সেয়াই যে মোৰ বাসনা |

নিগৰাই ভাল পাঁও মই 
লালসাৰ ৰস টোপাটোপে,
ভাল পাঁও আকৌ
 মাৰি অট্টহাঁহি
দেখো যেতিয়া তোমালোকৰ
দেহাৱসানৰ লেলিহান শাৰী |

পোৱানে কোনোবাই চিনি মোক
মই দেখোন ভ্ৰমি ফুৰো নিষ্কণ্টকে
তোমালোকৰ পদুলিয়ে পদুলিয়ে
মূহুহৰ্তে মূহুৰ্তে অহৰ্নিশে |

                          

 অমিয় কুমাৰ ৰয়
(প্ৰধান শিক্ষক)
বৰীপাৰা প্ৰাথমিক বিদ্য়ালয়
বকো প্ৰাথমিক শিক্ষাখণ্ড