header ads

লকডাউনৰ প্ৰভাৱ | An Assamese poem by Gurucharan Mazumdar

লকডাউনৰ প্ৰভাৱ



বিশ্বত আজি ক'ৰ'ণা মহামাৰীৰ
ইমান অতপালি,
স্কুল- কলেজত শিক্ষাৰ্থী নাই
সকলোবোৰ খালী ।
কোমল বয়সীয়া শিক্ষাৰ্থীৰ জীৱন
হ'ল খেলিমেলি,
কোনে দিলে কলীয়া ডাৱৰ
এচপৰা মেলি ?
লক্ ডাউনৰ বাবে শিক্ষাৰ্থীসকল
ঘৰতে হ'ল আবদ্ধ,
সিহঁতৰ সেই ক্ষতি পূৰাবৰ
কাৰ হ'ব সাধ্য ?
বিদ্যালয়ত পঢ়া পাঠ্যপুথিৰ লগত
দেখাদেখি নাই,
ইউটিউব, টিভিৰ ছিৰিয়েল কিন্তু
চাবলৈ পাহৰা নাই।
এনেকৈ থাকিলে শিক্ষাৰ্থীৰ জীৱনলৈ
নামিব অন্ধকাৰ,
চৰকাৰে যদি শীঘ্ৰে ইয়াৰ
নকৰে প্ৰতিকাৰ।।

*****************************


গুৰুচৰণ মজুমদাৰ
প্ৰধান শিক্ষক
চাপাঠুৰী প্ৰাঃ বিঃ
ৰামপুৰ ব্লক

Post a Comment

0 Comments