header ads

এটি মিঠা সপোন | An Assamese poem by Mrigen Kalita

এটি মিঠা সপোন


ন-সূৰুযৰ  ন-প্রভাতৰ
হেঙুলী  আভাত 
উপজিলো তোমাৰ কোলাত  |

আল-ফুলকৈ  তুলি-তালি 
ডাঙৰ কৰিলা লৈ বোকোচাত |
এদিন দুদিন কৰি বছৰ বাগৰি 
মাতিলো তোমাক মা -মা কৰি |

এটি দুটি কৈ অ, আ, A, B, C  বুলি
জানিলো ঘৰখনেই শিক্ষাৰ কঠীয়াতলি 
মা  মোৰ প্রথম শিক্ষয়িত্রী |

সময় বুজি লগাই দিলে বিদ্যালয়ত নাম 
আজৰি পৰত খেলা-ধূলা আৰু পঢ়া-শুনাই কাম |
মা- দেউতাৰ লগতে শিক্ষাগুৰুৰ আশিষ শিৰত লৈ 
এদিন উভতিম উচ্চশিক্ষাৰে শিক্ষিত হৈ  |

শিক্ষকতাৰ ব্রতেৰে হম প্ৰতিষ্ঠিত 
জনতাৰ ভেদা-ভেদ আঁতৰ কৰি 
নিকা স্বচ্ছ আদৰ্শৰে সমাজ গঢ়িম 
দেশ তথা সমাজৰ হকে জীৱন উচৰ্গিম ||


************************



মৃগেন্দ্ৰ কলিতা
প্রধান শিক্ষক 
খিদিৰপুখুৰী কৈৱৰ্ওপাৰা প্রাথমিক বিদ্যালয় 
শিক্ষাখণ্ড  : ৰামপুৰ