header ads

কৰ'ণাক্ৰান্ত পৃথিৱী | An Assamese poem by Santanu Patar

কৰ'ণাক্ৰান্ত পৃথিৱী


পৃথিৱীখনে কান্দে বুকু ঢকিয়াই 
অচিন ৰোগে মানুহৰ কলিজাত বিহ ঢালি
কুটি কুটি খায় ঘৰৰ চাৰি বেৰ

বগাই ফুৰে বিষাক্ত বীজাণু
মানুহৰ বুকুৱে বুকুৱে বিৰহৰ গান ঢালি
শাৰী শাৰী কৰ'ণাক্ৰান্ত মৃতদেহত গজে
 শোকৰ চকুলো

নিস্তব্ধ পৃথিৱীত মানুহৰ মনত একুৰা ভয়, 
খিৰিকীৰ ফাঁকেৰে নীৰৱতাৰ ৰংহীন পৃথিৱী, 
চৰাইৰ কলৰৱত, 
বিৰিষৰ পাতত, বতাহত --
নাই জীৱন্ত প্ৰাণচঞ্চলা এমুঠি হাঁহি 

গৃহবন্দিত্বৰ এই মানৱ জীৱনৰ কাহিনীত
দৈনন্দিন কৰ্মসূচীত আউল লাগিল
এটা সঙ্কুচিত গোলকত হাত-ভৰি কোঁচাই
শুই পৰিছে মানৱজাতি 

পৃথিৱী ডুবিছে মহামাৰীৰ ঘোৰ অন্ধকাৰত
স্তব্ধ জীৱনৰ পাঠ চলে অহোৰাত্ৰি
গীটাৰৰ তাঁৰে তাঁৰে অচিন বীজাণুৰ খোজ
পৃথিৱীত বিষাদৰ বীজ ছটিয়াই ছটিয়াই
মানৱজীৱনৰ আঁকে ছবি এখনি

_____________________________




শান্তনু পাতৰ
সহ: শিক্ষক
বিদ্যালয়:-পূৱ ভাউৰীয়া ভিঠা প্ৰাথমিক বিদ্যালয় 
শিক্ষাখণ্ড:-ছয়গাঁও

Post a Comment

0 Comments