header ads

উৰুখা পঁজাৰ বিননি | An Assamese Short Story by Manisha Rajbongshi Das

উৰুখা পঁজাৰ বিননি


পোনা, গা ধোৱা হ'লনে ? ...অ' পোনা মুখেৰে নামাত যে মই কি সুধিছো শুনিছনে নাই ? হাৰে ইয়াৰ মাত নাই যে !!পোনা অ' পোনা... 

পোনাকণৰ মাত নুশুনি বাহিৰলৈ ওলাই আহিল পদুমী |

"ক'ৰ'না ভাইৰাছ টু থাউজেন্ড নাইনটিন বা সংক্ষেপে ক'ভিড নাইনটিনৰ প্রাৰম্ভিক লক্ষনসমূহ আকৌ এবাৰ পঢ়ি দিছো জ্বৰ, মুৰৰ বিষ, নাকেৰে পানী ওলোৱা, ডিঙিৰ বিষ, উশাহ নিশাহত কষ্ট পোৱা | এনে কিবা লক্ষণ দেখিলেই ততালিকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক |"

অহ, দেখিছনে তাৰ কাণ্ড ৰেডিঅ'টো ইয়াত  বজায় থৈ বপুৰা নাই দেখোন | ক'লৈ বা গ'ল এই দুপৰীয়াখন !! পোনা অ' পোনা.... তাক বিচাৰি পদুমী বাট পালেগৈ |এনেতে পোনাকণো আহি পালে |পদুমীয়ে খঙেৰে সুধিলে --এই ভৰ দুপৰীয়াখন কলৈ গৈছিলি ? 

মা, দিলীপ ককাইদেউক আজি ইমান ডাঙৰ গাড়ী এখনেৰে হাস্পতালৰ পৰা লৈ আনিছে নহয় |

কি?? তাৰমানে তই সিহঁতৰ ঘৰলৈ গৈছিলি নেকি ? মই সিহঁতৰ ঘৰলৈ যাবলৈ মানা কৰিছিলো নে নাই?? 

ঘৰলৈ যোৱা নাই নহয় |পদূলিৰ পৰাহে চাইছো |মা, ককাইদেউ কিন্তু অলপ শকত হৈছে আৰু সৰু ককাইদেউক কি কৈছে জান...

পিছত শুনিম সেইবোৰ | বতৰটো কেনে আন্ধাৰ কৰি আনিছে দেখিছনে অলপ পিছতেই বৰষুন আহিব |কেনেবাকৈ বৰষুনত তিতি জ্বৰ হব লাগিলে লগেলগেই ক'ৰনাই লগ দিব | 

মা, জ্বৰ হলেই ক'ৰনা হয় নেকি ?

হ'বও পাৰে |এতিয়া তই সোনকালে গাটো ধুই আহ মই ভাত বাঢ়ো | 

মা, ভাতৰ লগত আজি কিবা বনাইছনে? 

কি বনাম? অইনদিনা যি খাৱ আজিও একেই |

তেনেহলে নাখাওঁ মই ভাত |

কিয় ?

সদায় সদায় নিমখ তেলেৰে শুকান ভাত খাব পাৰি নেকি? 

কিয় নোৱাৰি? জমিদাৰৰ পুতেক ওলাইছ? দুখীয়াৰ ঘৰত জন্ম হৈছ' যেতিয়া কাঁহীত যি পৰে সেয়াই খাব লাগিব |বাপেৰটো বিচনাত পৰি আছে মই কেনেদৰে নিমখ তেলখিনি যোগাৰ কৰিছো জাননে? আজিৰপৰা এইখিনিও মুখত নপৰিব |তলি উদং |তাৰপিছতহে ভোকতে ঘাঁহ বন সৱ খাব লাগিব |

পদুমীৰ কথা শুনি খঙতে পোনাকণ তাৰপৰা গুচি গ'ল |ভিতৰৰপৰা ৰমেশে দুয়োজনৰে কথাবোৰ শুনি বিচনাতে উচপিচাব ধৰিলে | মনতে ভাবিলে তাৰ নিচিনা পিতৃ জীয়াই থাকি লাভ নাই যিয়ে নিজৰ সন্তানৰ ভোকৰ সময়তো এসাঁজ ভালকৈ খুৱাব নোৱাৰে |লাহেকৈ বিচনাৰ পৰা উঠি আহিল ৰমেশ |ৰমেশক দেখি পদুমীয়ে চিঞৰি উঠিল.--
হাৰে আপুনি আকৌ বিচনাৰ পৰা কিয় উঠি আহিল? ডাক্তৰে আপোনাক বিচনাতে থাকিবলৈ কৈছে নহয় |

হ'ব দে |কিমান আৰু বিচনাতে থাকিম |বহুত আৰাম কৰিলো |চাও বেগখন দেচোন |

বেগ কেলেই? ক'লৈ যায় আপুনি? 

অলপ থেলাখনকেই উলিয়াই নিও ৰহচোন কিজানি দুই এটকা পাওৱেই |

ক'লৈকো যাব নোৱাৰে | প্রথমে নিজৰ শৰীৰটোকে সুস্থ কৰি লওঁকচোন | পিছেপৰেও সেইবোৰ ভাবিব |মই আছো নহয় |ব'লক বিচনালৈ |

তই বুজা নাই অ পদুমী |পোনাৰ শুকান মুখখন মই আৰু চাব নোৱাৰো |যিজন পিতৃয়ে ভোকত আতুৰ সন্তানক অন্ন এমুঠিৰ যোগাৰ কৰি দিব নোৱাৰে তেনে পিতৃ জীয়াই থাকি লাভ নাই |মই মৰি যোৱাই ভাল |

মনে মনে থাককচোন |কি অমংগলীয়া কথাবোৰ কৈছে |

তইতো মোক বুজিবলৈ চেষ্টা কৰ অ' পদুমী |আজি এবাৰ যাও দে |

কিন্তু কিবা লকডাউনৰ কথা কৈছে যে ?

এহ কিবা কলে বুজায় কম দে |এতিয়া বেগখন দে আৰু কি কি লাগিব ক |

কেইটামান চাউলৰ বাহিৰে  একোৱেই নাই ঘৰত আৰু পইচা পায় যদি এপোৱামান দালি আৰু আলু আনিব নহলে | পোনাক গালিহে দিও কিন্তু সুদা ভাতকেইটা গিলিবলৈ কিমান কষ্ট সেয়া মইও ভালকৈ জানো |

হ'ব দে বেগখন দে |

হুম এইখন বেগ লওঁক |

মই আহো এতিয়া |

অহ ৰবচোন মাস্কখন পিন্ধি যাওক |

উম পাহৰিছিলোৱেই |

বজাৰলৈ যাবলৈ ওলোৱা দেখি পোনাকণ দৌৰি আহি ৰমেশক কলে --দেউতা মাছ আনিবি বহুদিন মাছেই খোৱা নাই |

হব হব | যদি পাও ডাঙৰ ৰৌ মাছ এটাকে আনিম দে | এতিয়া যা ভাতকইটা খাই  ল |

তই আহিলে খাম |
............  ...................
পদুমী, পোনা ...
কিছুসময়ৰ পিছতেই ৰমেশৰ মাত শুনি দুয়োজন বাহিৰলৈ ওলাই আহি দেখিলে ৰমেশে লেকেচিয়াই লেকেচিয়াই খোজ কাঢ়ি আহিছে | পদুমী দৌৰি গ'ল ৰমেশৰ ওচৰলৈ --
হে হৰি কি হ'ল আপোনাৰ ?মোৰ কথা নুশুনিলে নহয় |

আস্ ভৰিখন |

কেনেকৈ হ'ল? ভৰিখন ফাটি উঠিছে দেখোন |

মই টাউনলৈ যাবই নাপালো অ |বাটতে পুলিচে আগচি ধৰি বৰকৈ কোবালে |মই ইমানকৈ বুজাবলৈ চেষ্টা কৰিলো নুবুজিলেও | আস্ ধৰচোন | পোনা অ' মোক ক্ষমা কৰি দিবি দেই বোপা | মই তোৰ বাবে মাছ আনিব নোৱাৰিলো অ' |

এতিয়া বলকচোন ভিতৰলৈ |এই বেমাৰী মানুহজনকনো এনেকৈ কোবাব লাগেনে? হেৰৌ, আমি যদি এনেকৈ দিনৰ পিছত দিন ধৰি ঘৰখনতেই সোমাই থাকিব লাগে তেন্তে কি কৰি খাম? কোনে খুৱাব?? --ৰমেশক কান্ধত ধৰি লৈ গ'ল পদুমীয়ে |

চোতালত পৰি ৰোৱা উদং মোনাখনলৈ দুখমনেৰে চাই ৰ'ল পোনাকণে | কতদিনৰ মূৰত মাছেৰে ভাত এসাজ খাবলৈ পাব বুলি আশা কৰি আছিল !!এটা কৰুন হুমুনিয়াহ ওলাল পোনাকনৰ মুখেৰে | ইতিমধ্যে ধৰালৈ বৰষুন নামি আহিছিল |বৰষুনজাকলৈ কিছুপৰ চাই ৰ'ল সি | হঠাতে কিবা এটা মনত পৰি পোনাকণৰ মুখখনত যেন সাতোৰঙৰ ৰামধেনুৰ সমাহাৰ ঘটিল |লগে লগে সি ভিতৰলৈ গৈ পদুমীক কলে --মা, দিলীপ ককাইদেৱে সৰু ককাইদেউক কোৱা শুনিছো ক'ৰনা হ'লে হেনো হাস্পাতালত মাছে মঙহে খাৱলৈ দিয়ে | পদুমীৰ উত্তৰলৈ বাট নাচাই সি পুনৰ ঘূৰি আহিল চোতাললৈ আৰু দুহাত মেলি সাৱটিবলৈ ধৰিলে বৰষুনজাকক --এটাই আশা ,"বৰষুনত তিতিলে তাৰ জ্বৰ হব, জ্বৰ হলে ক'ৰনা হব আৰু ক'ৰনা হলে মাছে মঙহেৰে এসাঁজ খাবলৈ পাব |"

(সমাপ্ত)


***************************** 

মনীষা ৰাজবংশী দাস 
জেজাৰবড়ী প্রাথমিক বিদ্যালয় 
ৰামপুৰ শিক্ষাখণ্ড
ৰামপুৰ ক্লাছটাৰ

Post a Comment

0 Comments