header ads

শিক্ষক দিৱস | An Assamese Short Story by Dimple Sarma

"শিক্ষক দিৱস"


    নয়না আজি বহুত সুখী। কিয়নো ইমান বছৰৰ কষ্ট, সাধনাৰ অন্তত আজি তাইৰ জীৱনলৈ সপোনৰ সেই বিশেষ দিনটো বাস্তৱ ৰূপত আহি উপস্থিত হৈছেহি।তাইৰ সপোন আছিল দৰ্শন বিভাগৰ অধ্যাপিকা হোৱা আৰু সেইটো সপোন মনতে পুহি ৰাখি সেই উদ্দেশ্যে তাই প্ৰতিটো দিন অতি নিষ্ঠাৰে অধ্যয়ন কৰি গৈছিল। তাইৰ কষ্ট আৰু ধৈৰ্য্যৰ ফল তাই পালে। আজি তাইৰ appointment letter আহিছে। তাই পঢ়া কলেজখনতে অধ্যাপিকা পদত নিযুক্তি লাভ কৰিছে। সেয়েহে তাইৰ বেছি আনন্দ লাগিছে। আজি ছেপ্টেম্বৰ মাহৰ ৪ তাৰিখ। কালিলৈ ৫ ছেপ্টেম্বৰ শিক্ষক দিৱস। নয়না কালিলৈ তাই পঢ়া এল.পি. স্কুলখনলৈ যাব। 

      ৰাতিপুৱা সোনকালে উঠিলে তাই। গাটো ধুই মন্দিৰত সোমাই চাকি ধূপ জ্বলাই আজৰি হৈ ল'লে। আজিৰ পৰা ৯ বছৰ আগৰ সেই বিশেষ দিনটোলৈ তাইৰ মনত পৰি গ'ল। হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল তাই। B.A. ত admission ল'বৰ বাবে ১৯০০ টকাৰ প্ৰয়োজন হৈছিল। কিন্তু দেউতাকে টকা যোগাৰ কৰিব নোৱাৰিলে। নয়নাৰ দেউতাকৰ এখন সাধাৰন হোটেল আছিল আৰু হোটেলখনৰ উপাৰ্জনেৰেই ঘৰখন চলাই আছিল। নয়নাৰ বায়েক তিনিজনী, দাদাক দুজন। তাই সৰু সকলোতকৈ। বায়েক দুজনী বিয়া হৈছিল আৰু দাদাক দুজনে ITI পঢ়ি আছিল গুৱাহাটীতে । দেউতাকৰ সপোন আছিল তাইক ইউনিভাৰ্চিটিত পঢ়াব। অতি কষ্টেৰে দেউতাকে ঘৰখনৰ  প্ৰয়োজনসমূহ পূৰণ কৰিছিল। বিশেষকৈ তাইৰ পঢ়াৰ ক্ষেত্ৰত দেউতাকে কোনোদিনে বাধা আৰোপ কৰা নাছিল। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে যেন দেউতাক হাৰি গৈছিল। তাইৰ মুখলৈকে চাব পৰা নাছিল। Admission ৰ last date পাৰ হৈ গৈছিল। কিন্তু অশেষ চেষ্টা কৰিও দেউতাকে টকা যোগাৰ কৰিব পৰা নাছিল। ৰাতি ভাত খাব বহি দেউতাকে চকু পানী ৰখাব নোৱাৰি এগৰাহ ভাত মুখত দিয়েই উঠি গৈছিল আৰু নয়নাই তলমূৰকৈ বহি ৰৈছিল ভাত খাবলৈ বহি। মাকে বাৰে বাৰে মতাৰ পিছতো তাই চকু তুলি চাব পৰা নাছিল। কিয়নো মূৰ দাঙিলেই তাইৰ চকুত উলমি ৰৈ থকা টোপাল দুটা সৰি পৰিব। মাকে দেখিলে কষ্ট পাব বুলিয়ে তাই তেনেকৈ বহি ৰৈছিল। কিন্তু মাকে সকলো গম পাইছিল। জানিছিল তাই লাগিলে মনতে কষ্ট লৈ থাকিব তথাপি দেউতাকক টকাৰ কথা পুনৰ নকয়। তাই দেউতাকৰ আগত আৰু নপঢ়ে বুলিয়ে কৈছে। কিন্তু দেউতাকেও জানে যে তাইৰ বাবে দেউতাকৰ সপোনটোৰ মূল্য কিমান। কিন্তু দেউতাকে টকা যোগাৰ কৰিব নোৱাৰাৰ বাবে মনত কষ্ট পাব বুলি তাই তেনেকৈ কৈছে। ইফালে দেউতাক আনফালে নয়না দুয়োৰে মুখলৈ চাব নোৱাৰা অৱস্থা হৈছিল। তেনেকুৱা সময়তে তাইৰ লগত একেলগে পঢ়া বিনীতাৰ মুখত টকাৰ অভাৱত নয়নাই admission ল'ব নোৱাৰা কথাটো গম পাই তাইৰ এল.পি .স্কুলৰ শিক্ষক নৰপতি ডেকাই তাইৰ ঘৰলৈ আহি ২০০০ টকা দেউতাকৰ হাতত দিছিল। কৈছিল "তাই মোৰ প্ৰিয় ছাত্ৰী। আপুনি এইখিনি লৈ তাইৰ admission টো কৰাই দিয়ক আৰু চিন্তা কৰিব নালাগে। টকাখিনি মোক এতিয়া নালাগে। আপোনাৰ যেতিয়া মন যায় তেতিয়া দিব।" দেউতাকৰ জীৱটোহে যেন ঘূৰি আহিল তেনেকুৱা লাগিছিল। 

  সেই টকাখিনি লৈ নয়না পিছদিনা সৰু বায়েকজনীক লগত লৈ কলেজলৈ গৈছিল। কিন্তু ইতিমধ্যে admission ৰ তাৰিখ পাৰ হৈ যোৱাৰ বাবে কলেজৰ কৰ্তৃপক্ষই admission দিব বিচৰা নাছিল যদিও পিছত বহুবাৰ কাকূতি মিনতি কৰাৰ পিছত তাইৰ admission হৈছিল। সেইজন শিক্ষকৰ বাবেহে আজি তাই এইখিনি কৰিব পাৰিছে। 

   কথাখিনি ভাবিয়ে নয়না আবেগিক হৈ উঠিল। শিক্ষকজনৰ প্ৰতি তাইৰ মন কৃতজ্ঞতাৰে ভৰি পৰিল। স্কুললৈ গৈ তাই প্ৰথমেই ছাৰৰ ভৰি চুই সেৱা কৰিব। আৰু সেইজন ছাৰৰ বাবেই যে আজি তাই এইখিনি সুখ্যাতি অৰ্জন কৰিব পাৰিলে সেই কথা আজিৰ সভাত সকলোৰে আগত ক'ব। শিক্ষক দিৱসৰ এই দিনটোত আজি তাইৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুজনক এনেদৰে উপহাৰ দিব। মাকক মাত দি নয়নাই কালিয়ে আনি থোৱা গামোচাৰ টোপোলাটো হাতত লৈ ওলাই গ'ল স্কুললৈ বুলি।''
-------------------------------------------------------------------------



ডিম্পল শৰ্মা
সহকাৰী শিক্ষয়িত্ৰী
নতুন চৰাবৰী প্ৰাথমিক বিদ্যালয়
হাজো শিক্ষাখণ্ড