তত্বাৱধায়কৰ একলম.......
যিকোনো সামাজিক অনুষ্ঠান এটা জন্ম আৰু শ্ৰীবৃদ্ধিৰ মূলতে ধনাত্মক চিন্তাশীল ব্যক্তিসকলৰ সবল মানসিকতা আৰু ঐকান্তিক সামূহিক প্ৰচেষ্টা। এনে এক দৃষ্টি ভঙ্গীৰ প্ৰতি থকা বিশ্বাসৰ ফলশ্ৰুতিত কামৰূপ জিলাৰ শিক্ষক -কৰ্মচাৰীৰ ঐক্য বদ্ধ প্ৰচেষ্টাত " শৈক্ষিক গোট,জ্ঞানম কামৰূপ' ৰ তৰফৰ পৰা এখন দুমহীয়া বৈদ্যুতিন আলোচনী প্ৰকাশ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যত শিক্ষক,ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক কৰ্মৰাজি আৰু সৃষ্টিশীল প্ৰতিভা বিকাশত অগ্ৰাধিকাৰ দিয়া হব ।
মনোবৈজ্ঞানিক লৱেন লিল্ডে কৈছিল -"সৃজনীমূলক কৰ্মৰাজিৰ মাজতে শিশুৰ স্বতন্ত্ৰভাৱে আৰু নমনীয়তাৰে কৰিব পৰা শক্তিৰ গভীৰতা ধৰিব পাৰি।" গতিকে শিশু সকলৰ সাহিত্য চৰ্চাৰ ক্ষেত্ৰত উৎসাহিত কৰা আৰু সৃষ্টিশীলতাত থকা অযুত সম্ভাৱনা সমূহৰ প্ৰকাশৰ বাবে নিশ্চিত ভাৱে শিক্ষক সমাজৰ দায়িত্ব আৰু প্ৰধান কৰ্তব্য হোৱা উচিত।
কভিড -১৯ অতিমাৰী সংক্ৰমণ এই সংকটৰ
সময়ত প্ৰকাশ হবলগীয়া দুমহীয়া ই আলোচনী 'জ্ঞানম'ৰ সম্পাদনা সমিতিৰ
তত্ত্বাবধায়িকাৰ দায়িত্ব মোক অৰ্পন কৰিছে। এনে গধুৰ দায়িত্ব বহন কৰাৰ দক্ষতা
মোৰ নাই। সামাজিক দায়বদ্ধতা তথা সম্পাদনা সমিতিৰ সকলোৰে উৎসাহ, মনোবল দেখি কিছু
সাহস গোটালোঁ।
শেষত ই আলোচনীখনত হ'ব পৰা জ্ঞাত-অজ্ঞাত আৰু
অনিচ্ছাকৃত ভুলৰ বাবে সকলোৰে ওচৰত কৰযোৰে ক্ষমা ভিক্ষা মাগিলোঁ।
আঞ্চলিক কাৰ্যলয়
কামৰূপ জিলা