মহাত্মা গান্ধীৰ অসম ভ্ৰমণৰ অভিজ্ঞতা
মহাত্মা গান্ধী অসমলৈ চাৰিবাৰ আহিছিল ।অসহযোগ আন্দোলনৰ সময়ত চন ১৯২১ ৰ আগষ্ট মাহত অসমলৈ আহি গুৱাহাটী, তেজপুৰ, নগাঁও, যোৰহাট, ডিব্ৰুগড়, শিলচৰ, চিলেট হৈ কলিকতালৈ গৈছিল। সেয়ে মহাত্মাৰ প্ৰথম আগমন । ইয়াৰ পিছত চন ১৯২৬ ৰ ডিচেম্বৰ মাহত গুৱাহাটীৰ পাণ্ডুত অধিৱেশন বহোঁতে তেখেত দ্বিতীয়বাৰলৈ আহিছিল । ১৯৩৪ চনত হৰিজন ছফৰলৈ ওলাওঁতে অসমো তেখেতৰ ভ্ৰমণ তালিকাত অন্তৰ্ভুক্ত হৈছিল। ১৯৪৬ চনতো তেখেতে গুৱাহাটী, শুৱালকুছি , গোৱালপাৰা, ধুবুৰী প্ৰভৃতি ঠাই ফুৰি গৈছিল ।
মহাত্মাই অসম ভ্ৰমণলৈ আহোঁতে যিবিলাক প্ৰৱন্ধ আৰু চিঠি-পত্ৰাদি লিখিছিল , তাক একগোট কৰি লিখা ' Collected Works of Mahatma Gandhi ' নামৰ কিতাপৰপৰা ইয়াত কিছু অংশ ভাঙনি কৰি দিয়া হৈছে।
ঠাইডোখৰ আৰু মানুহ :-
মই অসমৰ নামটোহে কেবল শুনিবলৈ পাইছিলোঁ । ইংলেণ্ডত মই পঢ়ি থাকোঁতে মণিপুৰ আক্ৰমণৰ কাহিনী পঢ়িবলৈ পাইছিলোঁ । তেতিয়াৰপৰা মোৰ এনে এটা ভাৱ হৈছিল যে অসমৰ মানুহ অসভ্য আৰু পিছপৰা। সেইবাবে মই 'হিন্দ্ স্বৰাজ'খন লিখোঁতে অসমৰ মানুহক অসভ্য বুলি লিখিলোঁ। এই কথাত অসমৰ মানুহে দুখ পালে। কৰ্মচাৰীসকলে কিন্তু এই মন্তব্যটোৰ ভালকৈ সুবিধা ল'লে। যিজন অজ্ঞ মানুহে তেওঁলোকক অসভ্য বুলি ভাবিছিল তেওঁলৈ অসমীয়াই মৰম অনুভব কৰিব পাৰিবনে ? কিন্তু আজিকালি মানুহে হিয়াখনলৈ চাবলৈ শিকিছে।যিজন মানুহ প্ৰকৃততে অজ্ঞ , তেওঁক খং কৰাটো সম্ভৱনে ? তথাপিও মই ৰাজহুৱা সভাত ক্ষমা বিচাৰিবলৈ প্ৰথম সুযোগ ল'লোঁ। মই যেতিয়া নিজৰ ভুলৰ কথা ক'লোঁ, মানুহে হিয়াখুলি হাহিঁলে। মই ক্ষমা খোজাটো তেওঁলোকে বিচৰা নাছিল। কোনে অসমৰ মানুহক অসভ্য বুলিব পাৰে ? কোনোবাই এইদৰে ক'লে মোৰ দৰেই তেওঁ নিজে অসভ্য হ'ব। য'ত মহিলা সকলে নিজে ধুনীয়া কাপোৰ ব'বলৈ জানে আৰু য'ত মহিলাসকলে নিজে যি বৈছে তাকে পিন্ধে, তেওঁলোকক কোনে অসভ্য বুলিব পাৰে ?পঞ্চাশ বছৰ আগতে এনে অৱস্হা আছিল যে মানুহক লগা সকলো বস্তু অসমত উৎপন্ন হৈছিল। পাঠকে শুনি ভাল পাব যে আজিলৈকে অসমৰ প্ৰত্যেকগৰাকী তিৰোতাই কাপোৰ ব'ব জানে। নিজক লগা সকলো কাপোৰ তেওঁলোকে নিজে বৈ লয়। সাধাৰণ গৃহস্থৰ দৰে ধনী গৃহস্থৰ ঘৰৰ তিৰোতাও বোৱনী। জীৱিকাৰ বাবে তেওঁলোকে কাপোৰ নবয়,ঘৰত আজৰি সময়ত কাপোৰ বয়। ছোৱালীয়ে
কাপোৰ ব'ব নাজানিলে বিয়াৰ বাবে দৰা পাবলৈ টান। মই থকা ঘৰৰ গিৰিহঁত ডাঙৰ জমিদাৰ , যথেষ্ট ধনো আছে, তেওঁৰ ৭০ বছৰীয়া মাক, ভনীয়েক, স্ত্ৰী সকলোৱেই কাপোৰ ব'ব জানে। আনকি দহ -বাৰ বছৰীয়া ছোৱালীজনীয়েও কাপোৰ বয়। "অসমৰ প্ৰত্যেকগৰাকী তিৰোতা জন্মৱধী বোৱনী(born weaver)। যি ছোৱালীয়ে ব'ব-কাটিব নাজানে তেওঁ গৃহিণী হ'বলৈ আশা কৰিব নোৱাৰে। অসমৰ তিৰোতাই ফুল বাছি কাপোৰত পৰীৰ কাহিনী তুলিব পাৰে। মই শ্ৰীযুত তৰুণৰাম ফুকন ডাঙৰীয়াৰ আলহী হৈ আছিলোঁ। তেওঁ মোক অসমীয়া তিৰোতাৰ কাপোৰ বোৱাত পাৰদৰ্শিতাৰ নিদৰ্শনস্বৰূপে যি পুৰণি কাপোৰ দেখুৱাইছিল সি অতুলনীয়। সেই ধুনীয়া, সুন্দৰ চানেকীবোৰ দেখি ভাৰতৰ অতীত গৌৰৱ আৰু লুপ্ত শিল্পৰ কথা সুঁৱৰি মই নীৰৱে চকুলো নুটুকি নোৱাৰিলোঁ।"
বাপুৱে অসমীয়া মানুহৰ বিষয়ে ক'বলৈ গৈ কৈছে যে অসমীয়া মানুহ সহজ-সৰল আৰু বিশ্বাসী। হিন্দু আৰু মুছলমান দুয়ো ধৰ্মাৱলম্বী লোকে অসমীয়া ভাষা কয়। অসমৰ মানুহ বহু পৰিমাণে আনন্দত আছে বুলিয়েই ক'ব পাৰি। তেওঁলোকে মাটি বেছি চহাব নালাগে। বানপানীয়ে মাটি সাৰুৱা কৰে। অলপ পৰিশ্ৰম কৰিয়ে মানুহে জীৱিকা উলিয়াব পাৰে।
বাপুৱে অসম সম্পৰ্কে আৰু বহু কথাই কৈ গৈছে ।তাৰ মাজৰপৰা অসমীয়া নাৰী সম্পৰ্কে কোৱা দুটামান কথাহে ইয়াত উল্লেখ কৰা হৈছে ।
( আলম লৈ )
*********************************
হিমাক্ষী দেৱী
সহঃ শিক্ষয়িত্ৰী
শিকাৰহাটী আঞ্চলিক হাইস্কুল
অলংকৰণ :- সংগীতা কাকতি
1 Comments
কিমান তাৰিখে আহিছিল
ReplyDelete