header ads

শৈশৱ আৰু ইন্টাৰনেটৰ প্ৰভাৱ | Assamese article by Namrata Das


"শৈশৱ আৰু ইন্টাৰনেটৰ প্ৰভাৱ"

"মা তুমি খেলিবানে ?    

 দেউতা খেলিবানে?

 আহাঁ আহাঁ         আমি খেলো

 আহাঁ না আকৌ আমি খেলো.... ৷"


 (সৰুতে ৰেডিঅ'ত শুনা এতিয়াও মনত আছে...)


এক নষ্টালজিয়া, সঁচাকৈ সেই দিনবোৰৰ মাদকতাই বেলেগ আছিল। কিবা এক বুজাব নোৱাৰা মিঠা অনুভূতি। শৈশৱেই হ'ল জীৱনৰ এনে এক সময় যিখিনি সময়ত সম্পূৰ্ণ মুকলি মনেৰে আমি জীৱনটো উপভোগ কৰিব পাৰিছিলোঁ। সেয়ে হয়তো শৈশৱক 'সোণোৱালী’ বুলি কোৱা হয়।

    আমাৰ কণ কণ শিশুসকলকো তেওঁলোকৰ শৈশৱ মুকলিমুৰীয়াকৈ উদযাপন কৰিবলৈ দিয়াতো আমাৰে কৰ্তব্য তথা দায়িত্ব। আজিৰ শৈশৱ জীৱনৰ কন্টকময় বাটেৰে গৈ এদিন অতীত হোৱাৰ আগতে এই মধুৰ সময়ছোৱাৰ সুখময় মুহূৰ্তবোৰৰপৰা তেওঁলোকক  বিৰত কৰাতো উচিত নহয়। জীৱনৰ বিভিন্ন স্তৰবোৰ বুজি পোৱাৰ পূৰ্বে তেওঁলোকক আমি একো একোটা যন্ত্ৰ কৰি পেলোৱা নাইনে বাৰু? ইয়াৰ মূল কাৰণ বুলি ক'বলৈ গ'লে আমি দেখিছোঁ যে, বৰ্তমান শৈশৱৰ ধাৰণাটোৱেই বহু সলনি হৈ পৰিছে। কংক্ৰিটৰ জগতখনে কণ কণ শিশুসকলৰ কোমল মনবিলাকৰ ওপৰত বহু প্ৰভাৱ পেলোৱাটো আমাৰ পৰিলক্ষিত হৈছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলত সমগ্ৰ জগতখনতে অভূতপূৰ্ব পৰিৱৰ্তন হৈছে। এয়া হৈছে সময়ৰ আমূল পৰিৱৰ্তন যাক আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। ৰাতিপুৱা শুই উঠাৰপৰা নিশা বিছনাত পৰা লৈকে আমি বিজ্ঞানৰ লগতে ওতঃপ্ৰোতভাবে ভাৱে জড়িত হৈ থাকোঁ। গতিকে পৰিৱৰ্তনৰ এই শিকলিডাল আগবঢ়াই নিওঁতে কেতিয়াবা ক'ৰবাত খোকোজা লগাটোও স্বাভাৱিক ; কিন্তু সেই অৱস্থাৰ পৰা নিজেই নিজক বচাই চলিব পৰাটোও জানোঁ আমাৰে দায়িত্ব নহয় ?

          আমাৰ ধুনীয়া পৃথিৱীখন আজি কি এক পৰিস্থিতিৰ মাজত সেয়া আমাৰ সকলোৱে জ্ঞাত।বৰ্তমান সকলোৰে পৰিচিত এক বিভীষিকা হৈছে "ক'ভিড ১৯" । ক'ভিড ১৯ ৰ লগত যুঁজ দিয়াৰ এই জটিল সময়ছোৱাত গোটেই বিশ্বতে সৃষ্টি হোৱা হাহাকাৰময় পৰিস্থিতিৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধ কৰি ৰাখিবলগীয়া হৈছে। এই মহামাৰী ভাইৰাছবিধৰ সংক্ৰমণৰ আতংকই সমগ্ৰ পৃথিৱীখনকে এটা বছৰ পিছুৱাই নিলে ৷ ফলত ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক – শিক্ষয়িত্ৰী সকলো আনুষ্ঠানিক পাঠদানৰপৰা বিৰত থাকিবলগীয়া হৈছে। কিন্তু ইয়াৰ মাজতো চৰকাৰৰ নিৰ্দেশনা অনুসৰি যি "Online Class" ৰ ব্যৱস্থা কৰা হৈছে সেয়া সঁচাকৈ অতি প্ৰশংসনীয় পদক্ষেপ। কিন্তু পৰিতাপৰ কথা এয়ে যে, "Online Class" বৰঞ্চ এক কঠিন প্ৰত্যাহ্বানৰূপেহে আমাৰ সমাজৰ এচাম অভিভাৱক - অভিভাৱিকাৰ সন্মুখত দেখা দিছে। ইয়াৰ প্ৰধান কাৰণ বুলিবলৈ হ'লে একাষাৰে ক'ব লাগিব এটা স্মাৰ্ট ফ'নৰ কথা। এখন উন্নয়নশীল দেশ হিচাপে ভাৰতবৰ্ষই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিশত বহুতো উন্নতি কৰা আমি দেখিছোঁ। বৰ্তমান ইন্টাৰনেটৰ যুগত ঘৰৰ ভিতৰতে বহি নিজৰ ম'বাইল ফ'নটোৰ জৰিয়তে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ কথাই অতি সহজতে আৰু কম সময়তে জানিব পাৰোঁ। কিন্তু দুখৰ বিষয় এয়ে যে, আমাৰ দেশত এনে বহুতো অনগ্ৰসৰ তথা পিছপৰা অঞ্চল আছে য'ত ইন্টাৰনেটৰ প্ৰভাৱ এতিয়াও পৰা নাই ; আকৌ কিছু কিছু অঞ্চলত ইয়াৰ প্ৰভাৱ পৰিছে যদিও সেইসমূহ এলেকা বা অঞ্চলৰ লোকসকলে ইন্টাৰনেটৰ ব্যৱহাৰ জানিবলৈ এতিয়াও বহু বাকী। অৰ্থনৈতিক দুৰৱস্থা আৰু পিছপৰা সমাজ ব্যৱস্থা এইক্ষেত্ৰত প্ৰধান হেঙাৰ হিচাপে দেখা দিছে। যাৰ ফলত অভিভাৱকসকলে তেওঁলোকৰ সন্তানসকলৰ হাতত এটা অত্যাধুনিক স্মাৰ্টফ'ন তুলি দিয়াত অসমৰ্থ হৈছে। ইয়াৰ ফলস্বৰূপে শিক্ষক - শিক্ষয়িত্ৰীসকলে "Online Class" ব্যৱস্থাটো সুচাৰুৰূপে চলাই নিয়াত কিছু পৰিমাণে অসফল হোৱা দেখা গৈছে। সময়ৰ এই কঠিন প্ৰত্যাহ্বান আমি সুস্থ সবল মনেৰে অতিক্ৰমি আগুৱাই যাব লাগিব। এইসময়ত শিশুসকলৰ মানসিক দিশটোৰ প্ৰতি লক্ষ্য ৰখাটো অতিকৈ জৰুৰী। তেওঁলোকে কৰি ভাল পোৱা বা তেওঁলোকৰ ভাল লগা দিশৰ ক্ষেত্ৰত যদি তেওঁলোকৰ পিতৃ মাতৃয়ে গুৰুত্ব প্ৰদান কৰে, তেতিয়া হয়তো শিশুসকল বহু পৰিমানে লাভৱান হ'ব বুলি আশা কৰিব পাৰি। প্ৰত্যেক শিশুৰে কিছু হ'লেও নিজস্ব প্ৰতিভা থাকে। গতিকে সময়ৰ সৎ প্ৰয়োগেৰে সুপ্ত প্ৰতিভাসমূহ উলিয়াই অনাৰ এয়ে এক উপযুক্ত সময়।

         আকৌ আনফালে আৰু এখন জগত আছে, য'ত আমাৰ কিছুমান অভিভাৱকে সন্তানৰ প্ৰতি থকা মোহত মোহাচ্ছন্ন হৈ পাহৰিয়ে যায় যে, তেওঁলোকে নিজ হাতে নিজৰ সন্তানবোৰক কোন দিশে ঠেলি দিছে। সেয়া তেওঁলোকে উপলব্ধিয়ে কৰিব নোৱাৰে। এবছৰ নৌহওঁতেই অকণমানি এটাই হাতত মোবাইলটো লৈ ৰ লাগি চাই থকাটো এতিয়া অতি সহজতে দেখিবলৈ পোৱা যায়। মোবাইল ফোনটোৰ পৰা হ'ব পৰা কুপ্ৰভাৱবোৰৰ কথা আমি সকলোৱে জানোঁ। কিন্তু জানিলেও বহুক্ষেত্ৰত কথাবোৰলৈ গুৰুত্ব নিদিওঁ। মন কৰিব লগীয়া যে, শিশু কালছোৱা বৰ আলসুৱা সময় আৰু এইখিনি সময়তে সিহঁতৰ মানসিক আৰু বৌদ্ধিক বিকাশ হয়, যাৰ ওপৰত সিহঁতৰ ভৱিষ্যতৰ বহুকথাই নিৰ্ভৰ কৰে। গতিকে আমি অভিভাৱকসকল সজাগ সচেতন হোৱাতো অতি আৱশ্যক। ব্যস্ত জগতৰ আমি প্ৰত্যেকেই ব্যস্ত নাগৰিক, হ'লেও অকণমান ভাল লগা সময় আমি আমাৰ কণমানিহঁতৰ বাবে জানো উলিয়াব নোৱাৰোঁ ?

              এয়া হৈছে নিজকে এবাৰ জুকিয়াই চোৱাৰ সময়, নিজক কিছু সলনি কৰাৰ সময়। আমি প্ৰত্যেকেই যদি চেষ্টা কৰোঁ তেনেহ'লে আমি সহজেই ইন্টাৰনেটৰ যোগাত্মক দিশসমূহ আকোঁৱালি লৈ আৰু ঋণাত্মক দিশসমূহ এৰাই চলি শিশুসকলক নিশ্চয়কৈ এক সুনিৰ্দিষ্ট ভৱিষ্যতৰ পথলৈ আগুৱাই নিব পাৰিম বুলি আশা কৰিব পাৰি। 

    কাৰণ আজিৰ শিশু ভৱিষ্যতৰ নাগৰিক।

-------------------------------

 


নাম: নম্ৰতা দাস (সহকাৰী শিক্ষয়িত্ৰী)

উত্তৰ দেহৰ কুৰিহা প্ৰাথমিক বিদ্যালয়

শিক্ষাখণ্ড: হাজো

যোগাযোগ: ৭০০২৯১৪৩৯৩



অলংকৰণ :- সংগীতা কাকতি



Post a Comment

0 Comments