header ads

জৱাহৰলাল নেহৰু | Article by Krishna Sarma

 জৱাহৰলাল নেহৰু

জৱাহৰলাল নেহৰুৰ জন্ম হয় ১৮৮৯ চনৰ ১৪ নৱেম্বৰ তাৰিখে। তেওঁৰ পিতৃৰ নাম আছিল পণ্ডিত মতিলাল নেহৰু আৰু মাতৃ আছিল স্বৰূপা ৰাণী। জন্মৰ পিছৰে পৰা এগৰাকী ইংৰাজ মহিলাই তেওঁক লালন-পালন কৰিছিল।


সৰুতে জৱাহৰলাল নেহৰুৱে পঢ়াশালীয়া শিক্ষা লোৱা নাছিল। ঘৰতে থাকি তেওঁ ঘৰুৱা শিক্ষকৰ অধীনত পঢ়িছিল। মাক আৰু খুড়ীয়েকৰ পৰা ৰামায়ণ আৰু মহাভাৰতৰ কাহিনী বোৰ শুনিছিল আৰু তাৰ পৰা তেওঁ বহুতো ন ন  শিক্ষা লাভ কৰিছিল। ১৯০৫ চনত নেহৰু বিলাতলৈ যায়। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ পোন্ধৰ বছৰ। তেওঁ তাত পৃথিৱী বিখ্যাত 'হেৰ' স্কুলত (Harrow School)নাম লগায়। এই বিদ্যালয়ৰ শিক্ষা শেষ কৰি তেওঁ 'ট্ৰিনিটি কলেজ'( Trinity College)ত পঢ়ে। তাৰ পৰা তেওঁ ১৯২২ চনত বেৰিষ্টাৰী পাছ কৰে। 

      তাৰ পিছত নেহেৰুৱে এগৰাকী বেৰিষ্টাৰ হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। কিন্তু তাত তেওঁৰ মন বহা নাছিল। ইয়াৰ পিছত তেওঁ কংগ্ৰেছ মহাসভাত যোগ দিয়ে আৰু বাপুজীৰ শিষ্য হয়। তেতিয়াৰ পৰাই তেওঁ স্বাধীনতা আন্দোলনত ওতঃপ্ৰোতভাবে জড়িত হৈ পৰে। স্বাধীনতা আন্দোলনত যোগদান কৰা বাবে ইংৰাজ চৰকাৰে তেওঁক বহুবাৰ কাৰাগাৰত থৈছিল।১৯২৯ চনত নেহৰু কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হয়।১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত নেহৰু ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। মৃত্যুৰ সময়লৈকে তেওঁ এই পদতেই অধিষ্ঠিত আছিল। 

       তেওঁ কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল আৰু গোটেই পৃথিৱীতে সুনাম অৰ্জন কৰিছিল। তেওঁৰ স্বদেশ প্ৰেমৰ আদৰ্শ সকলোৰে বাবে অনুসৰণীয়। তেওঁ শিশু সকলক বৰ মৰম কৰিছিল, সেয়েহে তেওঁৰ জন্ম দিনটো ভাৰতবৰ্ষত শিশু দিৱস হিচাপে পালন কৰা হয়। আমি তেওঁক 'নেহৰু খুড়া' বুলি কওঁ।


        **********************************************************        


শ্ৰী কৃষ্ণ শৰ্মা

পঞ্চম শ্ৰেণী

কালিপ্ৰসাদ দাস হাইস্কুল

শিক্ষা খণ্ড: ৰামপুৰ



অলংকৰণ :- পল্লবী পাঠক


Post a Comment

0 Comments