header ads

গান্ধীজীৰ কৈশোৰ আৰু বুনিয়াদী শিক্ষা | Article by Pritimani Das

গান্ধীজীৰ কৈশোৰ আৰু বুনিয়াদী শিক্ষা  Article by Pritimani Das

 গান্ধীজীৰ কৈশোৰ আৰু বুনিয়াদী শিক্ষা----

------এক অনন্য উত্তৰণৰ চমু অৱলোকন ---

        বৈশ্য বৰ্ণৰ এক মধ্যবিত্ত বনিয়া পৰিয়ালত জন্ম গ্ৰহণ কৰা মোহনদাস কৰমচাঁদ গান্ধী সৰুৰেপৰা অত্যন্ত লাজকুৰীয়া স্বভাৱৰ আছিল । সমনীয়াৰ সৈতে কথা-বতৰা পাতি ভাল নোপোৱা, নিসংগতাপ্ৰিয় মোহনদাস আছিল পঢ়া শুনাতো অত্যন্ত সাধাৰণ ।বিদ্যালয়ৰ খেলা-ধূলা আৰু শৰীৰচৰ্চাৰ শ্ৰেণীতো তেওঁ অংশগ্ৰহণ কৰা নাছিল । লাজকুৰীয়া স্বভাৱেই তেখেতক পঢ়াশলীয়া  স্বাচ্ছন্দ্যকৰ আৰু জাকৰুৱা আনন্দৰ পৰা বঞ্চিত কৰিছিল । অৱশ্যে এই ক্ষেত্ৰত তেখেতৰ পিতৃভক্তিও আছিল অন্য এক কাৰক । এক নৈষ্ঠিক পৰিয়ালত ডাঙৰ দীঘল হোৱা হেতুকে গান্ধীজীৰ শৰীৰৰ চৰ্চাৰ তাগিদাতকৈ ৰুগীয়া পিতৃদেৱৰ শুশ্ৰূষাৰ তাড়না আছিল প্ৰৱল ।বিদ্যালয়ৰ প্ৰধান শিক্ষক ডোৰাবজী ইদুলজী জিমিৰ কাঢ়া অনুশাসনেও পিতৃৰ প্ৰতি থকা কৰ্তব্যনিষ্ঠাৰ পৰা তেওঁক বিতাড়িত কৰিব পৰা নাছিল ।কৈশোৰৰ শেষৰফালে গান্ধীজী সংগদোষৰ বলি হৈছিল ।কেতবোৰ অসামাজিক কামত তেওঁ লিপ্ত হৈছিল - যেনে মিছা কথা কোৱা, জুৱা খেলা,চিগাৰেট সেৱন কৰা,ককায়েকৰ হাতৰ সোণৰ খাৰু চোৰকৈ বিক্ৰী কৰি ঋণ পৰিশোধ কৰা ইত্যাদি অনেক কু-অভ্যাসেৰে তেওঁ অপৰাধ প্ৰৱণতাৰ দুৱাৰডলিত ভৰি থৈছিল । 'মোৰ সত্য অন্বেষণৰ কাহিনী 'শীৰ্ষক তেখেতৰ আত্মজীৱনীখন পঢ়িলে তেখেতৰ ব্যক্তিত্বৰ বহুমাত্ৰিক ও চমৎকাৰী দিশসমূহে আমাক আকৰ্ষণ নকৰাকৈ নাথাকে । ১৯৩৮ চনৰ ৱাৰ্ধা সন্মিলনত 'নই তালিম' ৰূপে আত্মপ্ৰকাশ কৰা গান্ধীজীৰ শিক্ষানীতিয়ে পিছলৈ বুনিয়াদী শিক্ষাস্বৰূপে জনাজাত হয় ।তেওঁ কৈছিল "শিক্ষাৰ জৰিয়তে মই শিশুৰ সকলো দিশৰ সৰ্বোৎকৃষ্ট বিকাশৰ লগতে তেওঁলোকৰ শৰীৰ, মন আৰু আত্মাৰ বিকাশক বুজোঁ।"গান্ধীজীৰ বুনিয়াদী শিক্ষাত এই কথাষাৰৰ সুন্দৰ প্ৰতিফলন হয় ।

মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষাৰ কেইটামান উল্লেখযোগ্য বিশেষত্ব হ'ল-

১/কৰ্মৰ জৰিয়তে শিক্ষা। (learning by doing) প্ৰাথমিক পৰ্যায়ত পাঠ্যপুথিৰ অস্তিত্ব সম্পূৰ্ণৰূপে নস্যাৎ কৰি গান্ধীজীয়ে কৰ্মৰ জৰিয়তে শিক্ষাদানৰ পোষকতা কৰিছিল ।প্ৰাথমিক শিক্ষা ৭-১৪ বছৰ বয়সলৈ সম্পূৰ্ণ বিনামূলীয়া আৰু বাধ্যতামুলক হোৱাৰ লগতে বৃত্তিমুখী শিক্ষা প্ৰদানেৰে আত্মনিৰ্ভৰশীল ব্যক্তি হিচাপে পৰিগণিত কৰোৱাটো আছিল তেখেতৰ শিক্ষাদৰ্শনৰ আটাইতকৈ উজ্বল দিশ । ছাত্ৰ-ছাত্ৰীৰ মন-মগজু আৰু আত্মা বিকাশ সাধন কৰি তোলা এই শিক্ষানীতি 'প্ৰয়োগবাদ দৰ্শন' (pragmatist philosophy)ৰ দ্বাৰা প্ৰভাৱিত ,যিয়ে শিশুটিক পৰৱৰ্তী সময়ত সুস্থ অৰ্থনৈতিক বিকাশত সহায় কৰিব ।

২/মাতৃভাষাৰ ওপৰত গুৰুত্ব প্ৰদান ---- গান্ধীজীয়ে কৈছিল- "ভিন্নভাষী মানুহৰ ওপৰত আন এটা ভাষা জোৰ কৰি জাপি দিয়াটো স্বৰাজৰ উদ্দেশ্য নহয় ।" সেয়ে তেওঁ প্ৰাথমিক পৰ্যায়ত ইংৰাজী ভাষাৰ শিক্ষাদান গুৰুত্বহীন বুলি কৈছিল ।গান্ধীজীৰ সমকালীন ভাৰতীয় সমাজখন হৈছে বৃটিছৰ সাম্ৰাজ্যবাদী আগ্ৰাসনপিষ্ট সমাজ । সেই সময়ছোৱাত তেওঁ অনুভৱ কৰিছিল যে অৰ্থনৈতিক আগ্ৰাসনৰ সমান্তৰালকৈ ইংৰাজৰ ভাষিক ,সাংস্কৃতিক আগ্ৰাসনে ভাৰতৰ বহুভাষিক, বহুসাংস্কৃতিক, বৰ্ণময়, সমাজখনক অন্ধকাৰ গহ্বৰলৈ ঠেলি দিব । সেয়ে তেওঁ দৃঢ়মত পোষণ কৰি কৈছিল যে একমাত্ৰ মাতৃভাষাৰ জ্ঞান আৰু দখলেহে ছাত্ৰ-ছাত্ৰীক অইন ভাষাত সম্বৃদ্ধিশালী হোৱাত সহজসাধ্য কৰি তুলিব আৰু দেশপ্ৰেমৰ মনোভাব জগাই তুলিব ।

৩/নৈতিক আৰু আধ্যাত্মিক শিক্ষা----------মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষানীতিৰ আন এক উল্লেখনীয় দিশ হ'ল নৈতিক আৰু আধ্যাত্মিক প্ৰমূল্যৰ শিক্ষা ।উপাৰ্জনক্ষম হোৱাই শিক্ষাৰ একমাত্ৰ আৰু শেষ লক্ষ্য নহয় ।স্বাৱলম্বীতাৰ সমান্তৰালকৈ নৈতিক আৰু আধ্যাত্মিক দিশত শক্তিশালী হ'লেহে সমাজত শান্তি শৃংখলা অটুত থাকিব ।এইখিনিতে ভাববাদী দৰ্শনে প্ৰভাৱ পেলোৱা গান্ধীজীৰ বুনিয়াদী শিক্ষানীতিয়ে সত্য আৰু অহিংসাৰ গুঢ়াৰ্থ অনুভৱ কৰিবলৈ শিশু অৱস্থাৰ পৰাই অনুপ্ৰাণিত কৰা উচিত বুলি কয় ।স্খলিত সমাজ ব্যৱস্থাৰ লগতে দক্ষিণ আফ্ৰিকাত সন্মুখীন হোৱা বৰ্ণবৈষম্যৰ তিক্ততাপূৰ্ণ অভিজ্ঞতাই তেওঁৰ এই চিন্তাৰ উৎস বুলিব পাৰি ।

: উপসংহাৰ :

উপসংহাৰত ক'ব পাৰি যে, এসময়ৰ অসামাজিক আচৰণপুষ্ট কিশোৰ মোহনদাস কৰমচাঁদ গান্ধীৰ বৰ্ণময় জীৱনচৰ্যা , মহামানৱলৈ উত্তৰণ , চমৎকাৰী শিক্ষাদৰ্শনৰ বিশদ অধ্যয়নৰ আৱশ্যকতা আছে । ই আমাৰ ছাত্ৰ-ছাত্ৰীৰ বাবেও প্ৰেৰণাদায়ক ও শিক্ষাপ্ৰদ ।শেহতীয়াকৈ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি (NEP-2020) ত গান্ধীজীৰ বুনিয়াদী শিক্ষানীতিৰ কেতবোৰ উল্লেখনীয় দিশ প্ৰতিফলিত হৈছে । কাৰ্যতঃ হৈ উঠিলেহে মহামানৱজনাৰ প্ৰতি আমি সকলোৱে প্ৰকৃত শ্ৰদ্ধা প্ৰদৰ্শন কৰা হ'ব ।

***************************



প্ৰীতিমণি দাস।

চম্পকনগৰ ছোৱালী ইংৰাজী বিদ্যালয়।

শিক্ষাখণ্ড- ছয়গাওঁ।


অলংকৰণ :- সুৰভি দাস


Post a Comment

0 Comments