ছাত্ৰ -ছাত্ৰীৰ সৰ্বাংগীন বিকাশত ক্ৰীড়াৰ ভূমিকা
ছাত্ৰ -ছাত্ৰীৰ জীৱনত ক্ৰীড়া অৰ্থাৎ খেল-ধেমালিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে । সুস্থ শৰীৰ এটা আমাৰ বাবে খুউব দৰকাৰ । ছাত্ৰ জীৱনটো ভৱিষ্যৎ গঢ়াৰ সময়, শিক্ষা লৈ প্ৰকৃত নাগৰিক হোৱাৰ সময় । সেয়েহে এটা সুস্থ-সৱল শৰীৰ ছাত্ৰ -ছাত্ৰীৰ বাবে খুবেই দৰকাৰ , কাৰণ এইখিনি সময়ত তেওঁলোকে যথেষ্ট কষ্ট কৰি পঢ়াশুনা কৰিব লগা হয়। যদি শৰীৰটো বিভিন্ন অসুখে আগুৰি ধৰে তেতিয়া সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে পঢ়া -শুনা কৰিবলৈ যথেষ্ট অসুবিধাত পৰে । কোৱা হয় স্বাস্থ্যই পৰম সম্পদ আৰু এই সু-স্বাস্থ্য লাভ কৰিব পাৰি খেল -ধেমালিৰ জৰিয়তে । পাঠগ্ৰহণ কৰি, পঢ়া-শুনা কৰি ছাত্ৰ- ছাত্ৰীসকল ভাগৰি পৰে , মনলৈ অৱসাদ আহে । কেতিয়াবা শৰীৰত এলাহ ভাৱ আহি যায় আৰু এই সকলোবোৰ দূৰ কৰিব পাৰি একমাত্ৰ খেল -ধেমালিৰ জৰিয়তে । সেয়েহে বিদ্যালয় সমূহত খেল-ধেমালিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখা যায় ।
খেল-ধেমালিয়ে দৈহিক অংগ-প্ৰত্যংগ সঞ্চালন বিকাশত সহায় কৰে। সক্রিয় আৰু শক্তিশালী ধৰণৰ খেলাই লৰা-ছোৱালীৰ মাংসপেশী নিয়ন্ত্ৰণত সহায় কৰে । উদাহৰণস্বৰূপে সঠিক দৃষ্টি আৰু পর্যবেক্ষণ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমাৰ মাজত জনপ্ৰিয় ‘ হৰলুকি’ খেলৰ প্ৰভাৱ মন কৰিবলগীয়া। এই ক্ষেত্ৰত কোনো এটা খৰাহিত বিভিন্ন ধৰণৰ বস্তু যেনে বল,শিলগুটি আদি দেখাকৈ ৰাখি থৈ তাৰ পাচত শিশুৰ চকুত কাপোৰ বান্ধি তাৰপৰা যিকোনো এবিধ বস্তু উলিয়াই শিশুক সোধা হয়, কোনবিধ বস্তু তাৰ পৰা উলিওৱা হ’ল। এনে খেলত ল'ৰা-ছোৱালীৰ পৰ্যবেক্ষণ ক্ষমতাৰ লগতে সঠিক দৃষ্টিৰ ক্ষমতাও বৃদ্ধি পায়। খেলা-ধূলাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ ভাষা বিকাশ হোৱা দেখা যায়। বিভিন্ন ধৰণৰ খেল খেলাৰ ফলত , বিভিন্ন মানুহৰ লগত কথা পতাৰ সুবিধা পোৱা যায় আৰু ইয়াৰ ফলত পৰস্পৰে পৰস্পৰৰ লগত কথা - বতৰা পতাৰ পিচত বিভিন্ন ভাষা তথা কথা কোৱাৰ কৌশল শিকাৰ সুবিধা পোৱা যায় । ইয়াৰ উপৰিও খেলৰ জৰিয়তে ছাত্ৰ -ছাত্ৰীয়ে বিভিন্ন আকৃতিৰ বৰ্গ, বৃত্ত, পোন আৰু বেঁকা ৰেখা আদি শিকোতে তাৰ মাজৰ ভিন্নতা বুজি উঠে ।দেখা যায় খেলৰ সহায়ত ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট সমাজমুখী হৈ পৰাৰ ফলত এৰা-ধৰা কৰিবলৈ শিকে ,অন্যৰ সৈতে সহযোগিতা , বুজাবুজি কৰিবলৈ শিকাৰ উপৰিও আনৰ দৃষ্টিকোণো বুজি উঠিব পাৰে, যাৰ ফলত শিশুৰ সামাজিক-আৱেগিক বিকাশ ঘটে ।
ছাত্ৰ-ছাত্ৰীৰ বাবে অতিকৈ প্ৰয়োজনীয় গুণ নিয়মানুবৰ্তিতা , সহনশীলতা , পাৰস্পৰিক বুজা-পৰা ,পৰোপকাৰী আদি গুণবোৰ খেল-ধেমালিৰ জৰিয়তে পাব পাৰে । খেলৰ জৰিয়তে শিশুসকল নিজৰ নিজৰ বুদ্ধিমত্তা প্ৰকাশ কৰাৰ সুযোগ পায় আৰু শিশুটি অধিক কল্পনামুখী হয়।
দৌৰা আৰু খোজকঢ়াটো এটা অতি প্ৰয়োজনীয় ব্যায়াম। খেলা-ধূলাই সকলো সময়তে মনটো সতেজ আৰু সক্ৰিয় কৰি ৰাখে। উল্লেখযোগ্য কথা যে খেলে এজন শিশুৰ মনত জয়ৰ হেঁপাহক সক্ৰিয় কৰি ৰাখে। এবাৰ পৰাজিত হ’লে পিছৰবাৰত সফল হোৱাৰ মনোবল বঢ়ায়। যাৰ বাবে তেওঁ অধিক সাধনা আৰু পৰিশ্ৰম কৰিবলৈ শিকে। ' যত্ন কৰিলে ৰত্ন পায় '—এই কথাই মনত অতিৰিক্ত মনোবল আনি দিয়ে । মোবাইল, টিভিক লৈ ব্যস্ত হৈ পৰা ল'ৰা -ছোৱালীবোৰ শাৰীৰিক আৰু মানসিকভাৱে অতি দুৰ্বল হৈ পৰাৰ লগতে সিহঁতৰ কথা-বতৰা, চাল-চলন আদিবোৰো কঠিন হৈ পৰিছে । আত্মিক সম্পৰ্কবোৰ হেৰুৱাই পেলাইছে । ইয়াৰ ফলত শিশুটোৰ শাৰীৰিক আৰু মানসিক বিকাশ বাধাগ্ৰস্ত হয়।অভিভাৱকসকলে বুজা উচিত যে নিজৰ শিশুক মুকলিমূৰীয়াকৈ খেল -ধেমালি কৰিবলৈ মুক্ত কৰি দি শৈশৱৰ ৰং-ধেমালিবোৰ উপভোগ কৰিবলৈ দিয়া উচিত। তেতিয়াহে শিশুটোৰ সকলো দিশত বিকাশ সম্ভৱ হ’ব।
বৰ্তমান ক্ৰীড়া এনে এটি গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে যে পঢ়া-শুনাৰ লগতে এই বিষয়টো জীৱনৰ কেৰিয়াৰ হৈ পৰিছে। সেইবাবেই বৰ্তমান ক্ৰীড়াক সকলোৱে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি শিশুসকলক খেল-ধেমালিৰ সৈতেও জড়িত কৰাব বিচাৰে। এটা সময় আছিল যেতিয়া খেল-ধেমালি কেৱল শৈশৱৰ মাজতেই সীমাবদ্ধ হৈ পৰিছিল। কিন্তু এতিয়া সেই সীমাৰ পৰিধি ভাঙি খেল-ধেমালি জীৱনৰ কেৰিয়াৰ হৈ পৰিল যাৰ ফলত একোজন সফল খেলুৱৈয়ে মান, যশ, খ্যাতি আৰু অৰ্থ সকলো লাভ কৰিবলৈ সক্ষম হৈছে । আমি উদাহৰণ হিচাপে আমাৰ অসম গৌৰৱ এথলীট হিমা দাসৰ নাম ল’ব পাৰোঁ । ধিঙৰ পৰা গৈ হিমাই নিজৰ প্ৰতিভাৰে বিশ্বত খ্যাতি লাভ কৰিছে । তাৰোপৰি বক্সিং বিশ্ব চেম্পিয়ন লাভলীনা বৰগোঁহাইৰ নাম ল'ব পাৰি ।
জন্মতে সকলো শিশুয়ে কিছুমান জন্মগত প্ৰতিভা লগত লৈ আহে আৰু সময়ত তাৰ বিকাশ হ'বলৈ ধৰে । এই ক্ষেত্ৰত অভিভাৱকসকলে নিজৰ সন্তানৰ প্ৰতি চকু ৰাখিব লাগে । যিবোৰ শিশুৱে অনবৰতে খেলি ভাল পায় তেওঁলোকক খেলিবলৈ দিব লাগে । তেওঁলোকে কোনবিধ খেলক অধিক পছন্দ কৰে লক্ষ্য কৰিব লাগে ; কাৰণ শিশুৱে ফুটবল বা ক্ৰিকেট খেলি ভাল পোৱা ল'ৰা বা ছোৱালী এজনীয়ে এজন ভাল খেলুৱৈ হ'ব পাৰে । সেয়েহে শিশুক অকল পঢ়াশুনাতে আৱদ্ধ কৰি নেৰাখি খেলাত সদায় উৎসাহ দিব লাগে । আমাৰ বহুতো অভিভাৱকৰ খেলৰ প্ৰতি এক ভুল ধাৰণা আছে । খেলৰ জড়িয়তেও যে নিজক প্ৰতিষ্ঠা কৰিব পাৰি তেনে ধাৰণা অভিভাৱকে ল'ৰা -ছোৱালীৰ মনত সোমোৱাই দিব লাগে ।বৰ্তমান সময়ত আমাৰ হেৰাই যাবলৈ ধৰা কুকুৰা যুঁজ, টেকেলী ভঙা, লুকা-লুকি, দৰা-কইনা, চোৰ-পুলিচ, উকুলি-মুকুলি, কড়ি, ৰজা-ৰাণী, ঢোপ, ৰছী টনা, হেতালি, ৰুমাল পেলোৱা, টোকৰ মৰা, আদি খেলসমূহ ছাত্ৰ -ছাত্ৰী সকলৰ মাজত প্ৰচলন হোৱাৰ যথেষ্ট প্রয়োজনীয়তা আহি পৰিছে। শিশুৰ দৈহিক তথা অংগসঞ্চালন, ভাষাৰ, সামাজিক-আৱেগিক আৰু কল্পনাৰ বিকাশৰ বাবে এই ধৰণৰ খেল যথেষ্ট প্ৰয়োজনীয় ।
দেখা যায় অতীজৰে পৰা খেল-ধেমালিক শিক্ষা আহৰণৰ এটা পথ হিচাপে বিবেচিত কৰি অহা হৈছে। বৰ্তমানেও খেলৰ জৰিয়তে নিজক গঢ় দি বিশ্বদৰবাৰত নাম উজ্বলাইছে অসমৰ সাঁতোৰবিদ মিঠু বৰুৱা, এলভিছ আলি হাজৰিকাই । অসমৰ শিৱ থাপা বক্সিং খেলৰ জৰিয়তে , মণিপুৰৰ মেৰীকম বক্সিং খেলৰ জৰিয়তে পৃথিৱী বিখ্যাত হৈ পৰিছে ।
সেয়েহে ক'ব পাৰি খেল -ধেমালি অকল খেলাই নহয় ই ছাত্ৰ -ছাত্ৰীৰ শাৰীৰিক , মানসিক , বৌদ্ধিক বিকাশৰ সেতু ; যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলে সফলতাৰ পথৰে আগুৱাই যাব পাৰে ।
লেখকৰ ঠিকনা:
কিৰণ দাস ।
বিষয় শিক্ষয়িত্ৰী ( ইংৰাজী )
ৰামদিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়।
৯৯৫৪৭৮৬৪৬০
0 Comments