header ads

গান্ধী জয়ন্তী | Article by Rashmi Rekha Medhi


গান্ধী জয়ন্তী

    ভাৰতবৰ্ষত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ ওপজা দিনটোক গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়।সমগ্ৰ ভাৰততে এই দিনটো চৰকাৰী ছুটীৰ দিন হিচাপে ঘোষণা কৰি গান্ধীজীলৈ সন্মান প্ৰদৰ্শন কৰা হৈছে। ভাৰতৰ জনসাধাৰণে মহাত্মা গান্ধীক জাতিৰ পিতা হিচাপে (Father of the Nation) সন্মান দি আহিছে।

    ৰাষ্ট্ৰসংঘই মহাত্মা গান্ধীৰ জন্মদিন ২ অক্টোবৰ তাৰিখটোক আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে ঘোষণা কৰিছিল।গান্ধী জয়ন্তী ভাৰতবৰ্ষত এক অন্যতম ৰাষ্ট্ৰীয় পৰ্যায়ত উদযাপিত দিৱস। সমগ্ৰ ভাৰততে আৰু দুটা দিৱস পালন কৰা হয়। সেয়া হ'ল ভাৰতৰ স্বাধীনতা দিৱস (১৫আগষ্ট) আৰু গণৰাজ্য দিৱস (২৬ জানুৱাৰী)।

    গান্ধী জয়ন্তীৰ দিনাখন ভাৰত তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ গান্ধী স্মৃতিক্ষেত্ৰসমূহত বাৰেৰহনীয়া কাৰ্যসূচীৰে অনুষ্ঠান পালন কৰা হয়। ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গান্ধী জয়ন্তী উপলক্ষে সমগ্ৰ ভাৰততে স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল। এই অভিযান অনুযায়ী গান্ধী জয়ন্তীৰ দিনাখন বিভিন্ন দল-সংগঠনে ৰাজহুৱা স্থানত চাফাই অভিযানত অংশ লৈ আহিছে।

    ভাৰতৰ স্বাধীনতা আন্দোলনত ভাৰতীয় জনগণক অহিংস নীতিৰে উদ্বুদ্ধ কৰি বৃটিছ চৰকাৰৰ বিৰুদ্ধে সংগ্ৰামত জঁপিয়াই পৰি ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতক পৰাধীনতাৰ পৰা মুক্ত কৰি ৰাষ্ট্ৰক স্বাধীনতা প্ৰদান কৰাত মহামানৱ মহাত্মা গান্ধীৰ অৱদান  চিৰকালৰ বাবে ভাৰতীয় জনমানসত স্মৰণীয় হৈ ৰ'ল।সেয়েহে জাতিৰ পিতা মহাত্মা গান্ধী ভাৰত বৰ্ষৰ ইতিহাসত যুগ যুগান্তৰৰ বাবে অতি প্ৰাসংগিক।

************************


ৰশ্মি ৰেখা মেধী

সহকাৰী শিক্ষয়িত্ৰী 

আঞ্চলিক হাইস্কুল , ফুলগুৰি 

ব্লক ― ৰাণী


অলংকৰণ :-মনবীনী দাস

Post a Comment

0 Comments