মহাত্মা গান্ধীৰ অসম ভ্ৰমণ
শান্তি আৰু গান্ধী সম্পৰ্কে ক'বলৈ যাওঁতে বিশ্ববিশ্ৰুত পদাৰ্থ বিজ্ঞানী এলৱাৰ্ট আইনষ্টাইনে কৈছিল, "ভৱিষ্যৎ প্ৰজন্মই বিশ্বাস কৰিবলৈ টান পাব যে এসময়ত তেওঁৰ দৰে এজন (মহাত্মা গান্ধীৰ দৰে) তেজ মঙহৰ লোকে এই পৃথিৱীত জন্মগ্ৰহণ কৰিছিল"৷ এই কথাষাৰৰ গভীৰ তাৎপৰ্য আছে । জাতিৰ পিতা মহাত্মা গান্ধীয়ে অসমলৈ চাৰিবাৰ আহিছিল আৰু অসমীয়া মানুহক প্ৰশংসাও কৰিছিল ।
এসময়ত ব্ৰিটিছসকলে সমগ্ৰ ভাৰতবৰ্ষত শাসন কৰিছিল । সেই সময়তে ১৮২৬ চনত ইয়াণ্ডাবু
সন্ধি অনুসৰি অসমখনো ব্ৰিটিছৰ অধীন হৈছিল। ব্ৰিটিছ শাসন উফৰাই ভাৰতবৰ্ষক
স্বাধীন কৰিবলৈ দেশৰ মানুহে অহোপুৰুষাৰ্থ কৰিছিল । এই স্বাধীনতা আন্দোলনৰ গুৰি
ধৰিছিল জাতিৰ পিতা মহাত্মা গান্ধীয়ে । মহাত্মা গান্ধীৰ প্ৰকৃত
নামটো মোহনদাস কৰমচাঁদ গান্ধী । পৃথিৱীৰ বহু পৰাধীন দেশেই স্বাধীনতা লাভৰ হকে অনেক
যুদ্ধ - বিগ্ৰহ কৰিব লগা হৈছিল কিন্তু আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন আছিল
সম্পূৰ্ণৰূপে অহিংসা আন্দোলন । 'হিংসা অবিহনে বিদ্ৰোহ' এয়াই আছিল 'অহিংসা আন্দোলনৰ
মূলমন্ত্ৰ' ।
এই অহিংসা আন্দোলনৰে এক কাৰ্যসূচী আছিল 'অসহযোগ আন্দোলন'। ১৯২১ চনত মহাত্মা গান্ধীয়ে অসহযোগ
আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিল আৰু সেই সময়তে অসমৰ আমন্ত্রণক্ৰমে মহাত্মা গান্ধী
ৰেলযোগে আহি ১৯২১ চনৰ ১৮ জানুৱাৰী তাৰিখে অসমত উপস্থিত হৈছিল। মহাত্মা গান্ধী অসমলৈ
আহি সেই সময়ৰ অসমৰ প্ৰখ্যাত কংগ্ৰেছ নেতা তৰুণৰাম ফুকনৰ ভৰলুমুখৰ ঘৰতে
থাকিছিল । সিদিনাখনে গধূলি ফুকনৰ টোলত প্ৰায় ২৫ (পঁচিশ) হাজাৰতকৈয়ো অধিক লোকৰ
উপস্থিতিত এখন সভা অনুষ্ঠিত হৈছিল । অসহযোগ আন্দোলনৰ অন্যতম কাৰ্যসূচী আছিল
'বিদেশী বস্ত্ৰ বৰ্জন' । সভাত ভাষণ প্ৰসংগত মহাত্মা গান্ধীয়ে ক'লে,
" আপোনালোকে যদি স্বৰাজ পাবলৈ সঁচাকৈয়ে বাঞ্ছা কৰে আৰু অসমৰ আন ঠাইলৈকো
মোক নিবলৈ অপৰিসীম আগ্ৰহ কৰে, তেন্তে আপোনালোকৰ গাত থকা বিদেশী কাপোৰবোৰ মই ইচ্ছা
কৰাৰ দৰে এই জুইত যেন পেলাই দিয়ে"৷ সভাৰ প্ৰায় সকলোলোকে নিজৰ গাত থকা বিদেশী
কাপোৰবোৰ জুইত পেলাই দিছিল । এই 'বিলাতী বস্ত্ৰ যজ্ঞ' ত ইমান কাপোৰ পৰিছিল যে
ৰাতিপুৱালৈ সেই কাপোৰ পুৰি শেষ হোৱা নাছিল । এই প্ৰথমবাৰলৈ অসম ভ্ৰমণ কালত মহাত্মা গান্ধীয়ে গুৱাহাটী,
তেজপুৰ, নগাওঁ, যোৰহাট, ডিব্ৰুগড়, শিলচৰ আৰু ছিলেট ভ্ৰমণ কৰি কলিকতালৈ
ঘূৰি যায় । তালৈ গৈ কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ সভাত যোগদান কৰে ।ইয়াৰ পাছত ১৯২৬
চনত পাণ্ডুত বহা ভাৰতীয় জাতীয় কংগ্ৰেছ অধিৱেশনত যোগদান কৰিবলৈ অসমলৈ
আহিছিল।
১৯৩৪ চনত কংগ্রেছ দলে 'হৰিজন ছফৰ' বুলি এক কাৰ্যসূচী গ্ৰহণ কৰে।অসমো এই কাৰ্যসূচীৰ
অন্তর্ভুক্ত আছিল আৰু সেই সূত্রেই তেখেতে ১৯৩৪ চনত অসমলৈ আহি ধুবুৰী, বৰপেটা,
তেজপুৰ, গুৱাহাটী, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া আদি
অঞ্চল ভ্ৰমণ কৰিছিল।
ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ঠিক আগৰ বছৰত অৰ্থাৎ ১৯৪৬ চনত শেষবাৰলৈ অসমলৈ
আহিছিল। এইবেলি তেখেতে গুৱাহাটী, শুৱালকুছি, গোৱালপাৰা, ধুবুৰী আদি ঠাই ভ্ৰমণ কৰিছিল।
শুৱালকুছিৰ শিপিনীসকলৰ বিষয়ে মহাত্মা গান্ধীয়ে উচ্চ প্ৰশংসা
কৰিছিল আৰু অসমৰ বয়নশিল্পীক ভূয়সী প্ৰশংসা কৰিছিল। মহাত্মা গান্ধীয়ে কৈছিল
- "অসমৰ প্ৰত্যেক গৰাকী মহিলা জন্মৱধী বোৱনী। যি ছোৱালীয়ে ব'ব-কাটিব নাজানে
তেওঁ গৃহিণী হ'বলৈ আশা কৰিব নোৱাৰে। অসমৰ তিৰোতাই ফুল বাচি কাপোৰত পৰীৰ
কাহিনী তুলিব পাৰে"৷
এইজন মহাত্মা গান্ধী আমাৰ জাতিৰ জনক, জাতীয় আদৰ্শ। অহিংসা অনুপ্ৰেৰণাৰে
আমিও জীৱন গঢ়িব লাগে।
অলংকৰণ :- সুৰভি দাস
0 Comments