আদৰ্শ
বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ নিৰ্দেশমৰ্মে 'গান্ধী জয়ন্তী' উপলক্ষে বিদ্যালয় চৌহদৰ কাষৰ এলেকাটো চাফ-চিকুণ কৰিবলৈ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকল একগোট হ'ল।সকলোৱে সা-সঁজুলি লৈ অতি উলাহেৰে ভৰ দুপৰীয়ালৈ কাম কৰি সকলো ভাগৰুৱা হৈ পৰিল।বিদ্যালয়ত লঘূ-আহাৰ গ্ৰহণ কৰি সকলো ঘৰাঘৰি গ'ল।এক নতুন অভিজ্ঞতা।সৰু সৰু বুকুবোৰ বাপুজীৰ আদৰ্শৰে উদ্বুদ্ধ হ'ল।
পিছদিনাখন বিদ্যালয় চৌহদত সোমাই, প্ৰথমজন ছাত্ৰই তবধ মানিলে।সি লৰালৰিকৈ বেগটো থৈ দৌৰি আহিল।তাৰ পিছত ইজনৰ পিছত সিজন আহি তাৰ লগ লাগিল।এজন এজন কৈ শিক্ষকসকলেও আহি যোগ দিলে।বাহিৰৰ পৰা মানুহবোৰে চাই প্ৰশংসনীয় বুলি একেষাৰে শলাগ ল'লে।
সকলোতকৈ আগত থকা প্ৰধান শিক্ষকজনে গোবৰখিনি পেলাবলৈ কোৰ এখন আনিবলৈ যাবলৈ লওঁতেই কণমানি হাতেৰেই দুজনমানে খৰধৰকৈ গোবৰখিনি আঁতৰাই পেলাই দিলে।
************************
গায়ত্ৰী ৰশ্মি শৰ্মা
সহ-শিক্ষয়িত্ৰী
শিঙাৰপাৰা পাতিদৰং উচ্চ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড-কৰৰা
অলংকৰণ :- পল্লবী পাঠক
0 Comments