header ads

গান্ধী বাপু | Assamese poem by Nekib Ahmed


গান্ধী বাপু 

 

গান্ধী বাপু, 

তুমি আজিও চাই আছানে আমাক ?

তুমি যে দেশখনক স্বাধীনতা দিছিলা..

 

মনত দেখোন আছেই তোমাৰ - 

কিন্তু আজিৰ মানুহে দেখোন

নাৰাখে মনত,

নুবুজে তাৰ অৰ্থ,

পাহৰি পেলাব খোজে

স্বাধীনতাৰ সেই যুদ্ধখন..

 

 

আমাক বাৰু তুমি স্বাধীনতা দিছিলা সঁচা..... 

পিছে মানুহবোৰ দেখোন পৰাধীন !!

তাৰ শিকলিৰেই আৱদ্ধ আজিও..

 

কিন্তু মানুহৰ মনবোৰ চোন আজি

আকৌ পৰাধীনতাত ভুগিছে অ' বাপু,

 

নাভাবে , নুবুজে ,

নোখোজে কৰিব কাকো আপোন..

সঁচাকৈ বেয়া লাগে চোন।

 

তুমি যে কৈছিলা-

 

"সত্যৰ সদায় জয়" , "অহিংসাই পৰম ধৰ্ম" ..

 

ইয়াৰ কোনো মূল্য নাই জানো বাপু ?

সঁচাই কৈছোঁ অ' বাপু।

এইখন তোমাৰ সেই স্বাধীন ভাৰত নহয়।

এইখন ভাৰতৰ সকলোৰে মন

স্বাৰ্থপৰ আৰু কেৱল স্বাৰ্থপৰ,

অন্তৰবোৰ পংকিলতাৰে ভৰপূৰ।

 

**************************** 

  

মঃ নেকিব আহমেদ

অষ্টম শ্ৰেণী

ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয়

ছয়গাঁও 

অলংকৰণ :- পল্লবী পাঠক

Post a Comment

0 Comments