header ads

শিশুৰ হাঁহি | Assamese poem by Santanu Patar


 শিশুৰ হাঁহি

 

স্বৰ্গৰ ফুলবোৰো খিলখিলাই উঠে

মৰতৰ ফুলৰ বাগিচাবোৰৰ হাঁহি খিকিন্দালিৰে 

সিহঁতৰ কপাহী সুকোমল ওঁঠেৰে বৈ আহে হাঁহিৰ খলকণি

আঙুলিবোৰতে জী উঠে সোণোৱালী সূৰুযৰ কিৰণ

মনবোৰ নিৰ্মল সিহঁতৰ ।

 

সিহঁতৰ সুখতে হম যেন সুখী 

মই বিশাল আকাশ, সিহঁত যেন তাৰেই তৰা

বুকুতে সাৱটি যেন ৰাখিম পোহৰাই,

 

নিচুকনি গীত শুনি শুই পৰা শিশুবোৰে

খোলা আকাশৰ সুখখিনি আঙুলি পাবত গণি গণি 

সুখী হৈ আকাশৰ বুকুত উৰা মাৰে,

মুখবোৰ তৰাৰ দৰে জিলিকে জোনৰ পোহৰত।

 

সিহঁতৰ বুকুবোৰত কোমল উশাহে খেলে

ধেমালিতে মুকুতা মনি জিলিকে দুনয়নত

অবুজন মনত কৌতূহল জাগে ৰঙীন কথাত

 

শিশুবোৰে হৃদয়ত ৰং সানি পূৰ্ণ কৰে জীৱন

ৰং সানে ঘৰবোৰত এমোকোৰা হাঁহি ছটিয়াই

 

ভৱিষ্যতে দেশৰ ভূমিত গজি উঠা

একোজোপা বৃক্ষ

যাৰ উশাহত গোটেই দেশৰ মুখত জিলিকিব হাঁহি

উজলিব দেশমাতৃৰ বক্ষ ।।

 ****************************

 


শান্তনু পাতৰ

সহ: শিক্ষক

বিদ্যালয়:-পূৱ ভাউৰীয়া ভিঠা প্ৰাথমিক বিদ্যালয় 

শিক্ষাখণ্ড:- ছয়গাঁও


অলংকৰণ :-  সংগীতা কাকতি

Post a Comment

0 Comments