সপোন
“মা, মোক তাঁতখন ঠিক কৰি দে না, তাঁতত বিহুৰ গামোচা এইবাৰ সৰহকৈ লগাম।“ অনুপ্ৰিয়াৰ কথা শুনি মাক সুপ্ৰিয়া আচৰিত।
যি জনী ছোৱালীৰ তাঁতখনৰ কাষলৈ যাবলৈ সময়েই নাই, তাই আকৌ সৰহকৈ কাপোৰ লগাব !
“তোৰ বাৰু কি হ’ল ?”
“মা, বি-এড কৰিবলৈ ইমানগাল টকা দিব পাৰিবিনে? গতিকে মই টেট পৰীক্ষাত বহাৰ অযোগ্য। শিক্ষক হোৱাৰ সপোনো ধূলিসাৎ হ’ল। অইন চাকৰিৰ বাবে প্ৰশ্নকাকত কিনাৰতো কথাই নুঠে। প্ৰাইভেট স্কুলত কাম কৰাতকৈ তাঁতখনতেই দুপইচা বেছিকৈ ওলাব ।"
“মাজনী, স্বাৱলম্বী হ’বলৈ তই বেচ্ ভাল চিন্তা কৰিছ। সৌ তাহানিতে বাপুৱে কুটীৰ শিল্পৰ জৰিয়তে স্বাৱলম্বনৰ পথ দেখুৱাই থৈ গৈছে। চা সোণ, দুৰ্নীতিৰ পথেৰে চহকী হোৱাতকৈ দুখীয়া-জীৱনেই শ্ৰেয়। মনত ৰাখিবি, 'সন্তুষ্টিয়েই পৰম ধন।'
----------------------
সহ:শিক্ষয়িত্ৰী,
প্ৰৱীন কুমাৰ চৌধুৰী উচ্চ মাধ্যমিক বিদ্যালয়।
শিক্ষা খণ্ড- চমৰীয়া
দূৰভাষ---9859218553
অলংকৰণ :- সংগীতা কাকতি
1 Comments
Daily News Paper Of Assam
ReplyDelete