চেষ্টাৰ অসাধ্য একো নাই
ৰাতিপুৱা শুই উঠিয়েই চকুদুটা মোহাৰি মোহাৰি
মন্টিয়ে দুৱাৰখন খুলি বাহিৰলৈ ওলাই আহিল। হঠাৎ তাৰ চকু পৰিল দুৱাৰমুখত পৰি
থকা বাতৰি-কাকতখনৰ ওপৰত। সি তাত আগতে নেদেখা অদ্ভুত দৃশ্য এটি দেখিবলৈ পালে। ল'ৰা
এজনে ভৰিৰ আঙুলিৰে ধুনীয়া ছবি এখন আঁকি আছে। ল'ৰাটোৰ হাত দুখন নাই। সি
বাতৰি-কাকতখন বুটলি লৈ "দেউতা, দেউতা" বুলি দৌৰি গৈ দেউতাকৰ ওচৰ পালেগৈ।
দেউতাকে তেতিয়া পিছফালে মুখ ধুই আছিল। সি গৈ দেউতাকক ক'লে,
"চোৱাচোন দেউতা , ভৰিৰে ইমান ধুনীয়া ছবি আঁকিছে.....
!!"
দেউতাকে মুখ ধুই থাকিয়েই ক'লে,
"বাতৰিৰ শিৰোনামত কি লিখিছে পঢ়াচোন তুমি।"
সি পঢ়ি গ'ল...
'চিত্ৰাংকন প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰথম
পুৰস্কাৰেৰে জিলিকিল বিশেষভাৱে সক্ষম অসম-সন্তান তথা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ অভিজ্ঞান
ডেকা। শিশু দিৱসৰ দিনাখন শঙ্কৰদেৱ কলাক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীৰদ্বাৰা
সম্বৰ্দ্ধনা --- বিশেষভাৱে সক্ষম শিশু শিল্পী গৰাকীক।'
কথাখিনি পঢ়ি সি দেউতাকক সুধিলে ,
"এয়া কেনেকৈ সম্ভৱ দেউতা ? তাক দেখি মোৰ বৰ দুখ
লাগিছে।" দেউতাকে উত্তৰ দিলে ,
"চেষ্টাৰ অসাধ্য একো নাই সোণ, মানুহে চেষ্টা কৰিলে অতি
টান কামো সহজ হৈ পৰে। তাৰ কাৰণে মানুহক লাগে আত্মবিশ্বাস, ধৈর্য আৰু একাগ্ৰতা ;
নহ'লেনো অভিজ্ঞানে অকল ভৰিৰে ইমান ধুনীয়া ছবি আঁকিব পাৰেনে? মনপুতি কৰিলে সকলো
কামেই সহজ হৈ পৰে।" দেউতাকৰ কথাখিনিয়ে মন্টিক দুগুণ উৎসাহ দিলে। সি
মনতে দৃঢ়প্ৰতিজ্ঞ হ'ল -- আজিৰ পৰা সি পঢ়া - শুনা, ছবি অঁকা বা যি কামেই নকৰক
কিয়.. মনপুতি কৰিব; যাতে অভিজ্ঞানৰ দৰে তাকো এদিন সকলোৱে চিনি পায়।
**********************************
চন্দনা হীৰা
সহ: শিক্ষয়িত্ৰী
বঙৰা পাছনীয়াপাৰা মজলীয়া বিদ্যালয়।
মোবাইল নং--7002785923
অলংকৰণ :- সংগীতা কাকতি
0 Comments