সাক্ষাৎকাৰ
স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাৰ ক্ষেত্ৰত মনোযোগ বঢ়োৱাত সংগীত সহায়ক হয় নেকি?
ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশ তথা মানসিক ভাৰসাম্য ৰক্ষা কৰাত সংগীতে সহায় কৰেনে ?
এগৰাকী শিল্পীৰ বাবে সংগীতযাত্রাৰ পৰম প্রাপ্তি কি হ'ব পাৰে?
এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি শৈক্ষিক গোট জ্ঞানম উপস্থিত হৈছিলোঁ অসমৰ এনে এগৰাকী বিশিষ্ট কন্ঠশিল্পীৰ ওচৰত, যাৰ কণ্ঠ তথা নামেই পৰিচয়। তেওঁৰ 'দিখৌ নৈৰ পাৰৰে ', 'হে প্ৰাণ গোপাল' ইত্যাদি গান প্ৰতি অসমীয়াৰ মুখে মুখে। অসমীয়া সংগীত জগতলৈ তেওঁৰ অৱদান অনবদ্য। তেওঁ ছয়গাঁও মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড৹ অনিমা চৌধুৰী বাইদেউ । আহকচোন সাক্ষাৎকাৰটোৰ মাজলৈ যাওঁ-
জ্ঞানমঃ— আপোনাৰ শিক্ষা জীৱন আৰু সংগীত যাত্ৰাৰ আৰম্ভণিৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ ৷
ড০ অনিমা বাইদেউঃ—মোৰ শিক্ষা জীৱনৰ আৰম্ভণি নগাঁৱত। দেউতাৰ চাকৰি সূত্ৰে আমি নগাঁৱত আছিলোঁ আৰু নগাৱঁৰ বালিকা প্ৰাথমিক বিদ্যালয়ত মোক নামভৰ্তি কৰাই দিছিল। সৰুৰে পৰাই মই গান গাই খুব ভাল পাইছিলোঁ। হোৱাই - নোহোৱাই ৰেডিঅ'টো অকাই-পকাই থাকি গানবোৰ শুনি থাকোঁ । গানৰ প্ৰতি মোৰ ৰাপ দেখি দেউতাই তেতিয়া মোক সংগীত বিদ্যালয়ত নামভৰ্তি কৰি দিয়ে ৷ নগাঁৱত মই বিখ্যাত সংগীতকাৰ নন্দ বেনাৰ্জীৰ পিতৃ সুশীল বেনাৰ্জীৰ তত্বাৱধানত সংগীত চৰ্চা আৰম্ভ কৰিছিলোঁ। তেখেতে যে কেৱল গানেই শিকাইছিল তেনে নহয়, তেওঁ বহু বাদ্যও বজাব জানিছিল আৰু শিকাইছিল। মই গানৰ অনুশীলন সদায় কৰিছিলোঁ বাবে ছাৰে মোক খুব মৰম কৰিছিল । এনেকৈ পঢ়া আৰু গান চলি আছিল। সেই সময়ত অসমত প্ৰতি বছৰে "সদৌ অসম সংগীত সন্মিলন" অনুষ্ঠিত হৈছিল আৰু এই সন্মিলন প্ৰতি বছৰে অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত হৈছিল। সন্মিলনত সদৌ অসম ভিত্তিত সংগীত প্ৰতিযোগিতাও অনুষ্ঠিত হৈছিল । প্ৰথম পৰ্যায়ৰ প্ৰতিযোগিতা জিলা ভিত্তিত হৈছিল। মই নগাঁও জিলাৰ পৰা নিৰ্বাচিত হৈ ১৯৬২ চনত নগাঁৱৰ নেহেৰু বালিত হোৱা চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বনগীতত প্ৰথম পুৰস্কাৰ লাভ কৰি নগাঁৱলৈ সন্মান কঢ়িয়াই আনিছিলোঁ। এই সন্মিলনত ভাৰতৰ প্ৰখ্যাত শাস্ত্ৰীয় সংগীত শিল্পীসকলক সংগীত পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ জনোৱা হৈছিল। সেইবাৰ প্ৰসিদ্ধ শাস্ত্ৰীয় সংগীত শিল্পী এ কানন আৰু মালৱিকা কাননক নিমন্ত্ৰণ জনাইছিল। মোৰ দেউতা শাস্ত্ৰীয় সঙ্গীতৰ ভক্ত আছিল আৰু আটাইকেইদিনে গোটেই নিশা শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান উপভোগ কৰিছিল। দেউতাই মোক সংগীতজ্ঞদ্বয় এ কানন আৰু মালৱিকা কাননে কেনেদৰে সংগীত পৰিৱেশন কৰে, সেয়া দেখুৱাবলৈ লৈ গৈছিল।
তাৰ কিছুদিন পিছতে ভোগালী বিহু উপলক্ষত নগাঁৱৰ নেহেৰু বালিত অনুষ্ঠিত হোৱা সংগীত প্ৰতিযোগিতাত মই খ শাখাৰ শ্ৰেষ্ঠ প্ৰতিযোগী হৈছিলোঁ।
মই পঞ্চম শ্ৰেণীলৈ প্ৰমোচন পোৱা বছৰতে দেউতা গুৱাহাটীলৈ বদলি হয়। গুৱাহাটীলৈ অহাৰ পিছত শাস্ত্ৰীয় সঙ্গীতৰ পণ্ডিত শ্ৰদ্ধাৰ হীৰেণ শৰ্মা চাৰৰ তত্বাৱধানত সংগীত শিকিবলৈ লওঁ আৰু ভাল লগা কথাটো হ'ল - মই গানৰ খুব অনুশীলন কৰিছিলোঁ বাবে ছাৰেও মোক যথেষ্ট মৰম কৰিছিল। স্কুলত, কলেজত পঢ়ি থকা সময়ৰ পৰা আৰু বহু বছৰলৈ মই তেওঁৰ ওচৰত শিকি আছিলোঁ। গুৱাহাটীলৈ অহাৰ পাছত পশ্চিম গুৱাহাটী বিহু সন্মীলনীত মই প্ৰথম অনুষ্ঠান পৰিবেশন কৰিছিলোঁ। তেতিয়া মই পঞ্চম শ্ৰেণীৰ ছাত্ৰী। তেনেকৈ স্কুলীয়া সময়ত গাই থাকিলোঁ আৰু কলেজলৈ আহি মই ১৯৭০ চনত কটন কলেজৰ শ্ৰেষ্ঠ গায়িকা হ'লো। বিচাৰক হিচাপে আছিল শ্ৰদ্ধাৰ ৰমেন বৰুৱাদেৱ। মই হয়তো তেওঁৰ চকুত পৰিছিলোঁ আৰু এদিন গাৰ্লছ্ কমন ৰুমৰ (Girls Common Room) ওচৰত ছোৱালী কেইগৰাকীমানৰ লগত ৰৈ থাকোঁতে তেওঁ মোক মাতি চিনেমাত গান গাম নেকি বুলি সুধিলে। চিনেমাত গান গোৱাতো মোৰ স্বপ্ন আছিল যদিও মই দেউতাক সুধিব লাগিব বুলি কৈছিলোঁ। তেতিয়া শ্ৰদ্ধাৰ ৰমেন দা আৰু শ্ৰদ্ধাৰ ব্ৰজেন বৰুৱা দা আমাৰ ঘৰলৈ আহিছিল। তেনেকৈয়ে 'মুকুতা' চিনেমাখনত 'হে প্ৰাণ গোপাল' গীতটিৰে চিনেমাত প্ৰথম গীত গাওঁ। ইয়াৰ পিছত, গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠা গায়িকাৰ সন্মান বুটলিবলৈ সক্ষম হৈছিলোঁ আৰু তাৰ পাছতেই 'পুতলা ঘৰ', 'প্ৰেম জনমে জনমে', 'অগ্নিবৃষ্টি' আদি ছবিৰ গীতত কণ্ঠদান কৰাৰ সুযোগ পাইছিলোঁ । তাৰপিছত কেছেট, ৰেডিঅ'ৰ জৰিয়তে গাই আছিলোঁ। আনফালে, বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পিছত ১৯৭৮ চনত মই ছয়গাঁও মহবিদ্যালয়ত অধ্যাপিকা হিচাপে যোগদান কৰি মুৰব্বী অধ্যাপিকাৰ দায়িত্ব লৈছিলোঁ । ছয়গাঁও মহাবিদ্যালয়ত অধ্যাপনা কৰি থকা সময়তেই ১৯৯৯ চনত মই পি.এইচ.ডি ডিগ্ৰী লওঁ।
জ্ঞানমঃ- শিক্ষকতাৰ নিচিনা এটা বৃত্তিত থকাৰ পিছতো সংগীতৰ জগতত এক সুকীয়া স্থান দখল কৰিবলৈ আপুনি সক্ষম হৈছে ৷ আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা আমি জানিব বিচাৰোঁ যে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনা বা মনোযোগ বঢ়োৱাৰ ক্ষেত্ৰত সংগীতে সহায় কৰে নেকি ?
ড০ অনিমা বাইদেউঃ—নিশ্চয়কৈ সহায় কৰে বুলি মই ভাবোঁ । সংগীত সাধনাৰ বস্তু ৷ পঢ়া-শুনাৰ লগত যদি সংগীত থাকে, একো বাধাৰ সৃষ্টি নকৰে, বৰং মনটো ভালহে লাগে। কিয়নো তেতিয়া মনত কোনো ধৰণৰ বেয়া ভাব আহিব নোৱাৰে আৰু বেয়া বাতাবৰণৰ পৰাও আঁতৰি থাকিব পাৰি । পঢ়ি আমনি লাগিলে যদি সংগীত চৰ্চা কৰা হয় , তেন্তে সংগীতে আমাৰ মনটো আকৌ সজীৱ কৰি তোলে । আচলতে গান এটা গালে বা গুণগুণালে মন আনন্দৰে ভৰি পৰে । এটা উদাহৰণ দিব বিচাৰিছোঁ— মোৰ নাতিনী ছোৱালীয়ে মেট্ৰিক পৰীক্ষাৰ সময়তো মাজে মাজে সংগীত চৰ্চা কৰি আছিল । তাই হেনো পঢ়াৰ ভাগৰ নোহোৱা কৰিবলৈ অৰ্থাৎ মনটো সজীৱ কৰিবলৈ তেনে কৰে। নাতিনীৰ ক্ষেত্ৰত সংগীত সহায়কহে হৈছে।
আমাৰ দিনত পঢ়া-শুনাৰ চাপ কম আছিল , এতিয়া তুলনামূলকভাৱে বেছি ৷ সেয়ে মানসিক চাপো বেছি ৷ সংগীত মানসিক চাপ কমোৱাত সহায়ক। দেখা গৈছে যে আজিকালি বহুতো শিক্ষাৰ্থীয়ে সময় নাই বুলি কয় যদিও তেওঁলোকে মোবাইলত বহু সময় দিয়ে । আচলতে যিখিনি সময় নিজৰ বাবে থাকে, সেইখিনি সময় অত্যধিক মোবাইল বা টিভি চোৱা বাদ দি আধা ঘণ্টা সময়ো যদি তেওঁলোকে সংগীত সাধনাত ব্ৰতী হয়, সেইখিনিয়ে পঢ়া-শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধিহে কৰিব। ছাত্ৰ- ছাত্ৰীসকলে নিজৰ লক্ষ্য ঠিক ৰাখি আগবাঢ়িব লাগিব। এলাহ নকৰি নিজৰ চেষ্টাটো সদায়েই কৰি যাব লাগিব।
জ্ঞানমঃ- ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশ , মানসিক ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত সংগীতে কিবা প্ৰকাৰে সহায় কৰেনে ?
ড০ অনিমা বাইদেউঃ- সহায় কৰে ৷ সংগীতটো হ'ল পৰমাত্মাৰ লগত মিল থকা বস্তু । আমি দেখিছোঁ, ক্লাছিকেল মিউজিকৰ লগত জড়িত ব্যক্তিসকলে একাগ্ৰতাৰে অনুশীলন কৰে আৰু তেওঁলোক সংগীতৰ লগত একাত্ম হৈ যায় । সেয়ে ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশ তথা মানসিক ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত সংগীতে সহায় কৰে বুলি মই ভাবোঁ।
জ্ঞানমঃ— আপোনাৰ সেই সময়ৰ সংগীতৰ পৰিৱেশ আৰু এতিয়াৰ সংগীতৰ পৰিবেশৰ মাজত কিবা পাৰ্থক্য আছে বুলি ভাবেনে ?
ড০ অনিমা বাইদেউঃ- হয় , বহুত পাৰ্থক্য আছে ৷ আচলতে আজিৰ কথাটো হৈছে , এতিয়া গোলকীকৰণৰ যুগ, ইণ্টাৰনেটত সকলো উপলব্ধ । বিশেষকৈ ক’ভিড-১৯ ৰ পিছৰ পৰা ল'ৰা ছোৱালীবিলাকে ইণ্টাৰনেটৰ সৈতে তুলনামূলকভাৱে বেছিকৈ জড়িত হৈ পৰিল। সেয়ে তেওঁলোকৰ সুবিধাবোৰ বেছি। তাৰোপৰি আগৰ তুলনাত আৰ্থিকভাৱেও মানুহবিলাক কিছু টনকিয়াল হ’ল ৷ সেয়ে সংগীতৰ ক্ষেত্ৰতো সুবিধা বিলাক ল’ব পাৰিছে। আমাৰ দিনত আৰ্থিক দিশটোও এটা কাৰণ আছিল আগবাঢ়ি যাব নোৱাৰাৰ। আকৌ, সেই সময়ৰ গানৰ ৰেকৰ্ডিং আৰু আজিৰ গানৰ ৰেকৰ্ডিঙৰ ক্ষেত্ৰতো আকাশ- পাতাল পাৰ্থক্য আছে। আগতে গীত এটি ৰেকৰ্ড কৰি থকা সময়ত যদি ভইচ বা মিউজিক কিবা এটাৰ মাজতে ভুল হয়, তেন্তে আকৌ নতুনকৈ আৰম্ভ কৰিবলগা হৈছিল । যিমানবাৰ ভুল হ'ব সিমানবাৰ আকৌ নতুনকৈ গাব লাগিছিল । সেয়ে কষ্ট বেছি আছিল ৷ কিন্তু এতিয়া তেনেকুৱা নহয় ৷
এতিয়া কাৰকৰী দিশটো ইমান উন্নত হ'ল যে গীত এটাৰ সুৰ বা কথাৰ অকণমান ভুল হলে কেৱল সেই সুৰখিনি বা কথাখিনি গাই দিলেই হয়। বাদ্যযন্ত্ৰী সকলেও ভুল হোৱা খিনি শুদ্ধকৈ বজালেই হয়। ।
আমাৰ দিনত আমি এটা দল হৈ কাম কৰিছিলোঁ, দলটোৰ মাজত সৌহাৰ্দপূৰ্ণ পৰিবেশ আছিল, হাঁহি-স্ফূৰ্তিৰ পৰিবেশ আছিল ৷ কিন্তু এতিয়া তেনেকুৱা পৰিবেশ খুব কমেই দেখা যায় । কেছেট আৰু চিডিৰ সময়ত আঠটামানকৈ গীত কৰা হৈছিল, এতিয়া নহয়। আগতে মানুহে গীত শুনিছিল, এতিয়া মানুহে গীত চায়। কিন্তু এটা কথা মানিব লাগিব, এতিয়াৰ সুবিধাখিনিৰ কাৰণে বহুত প্ৰতিভা ওলাই আহিছে। এইটো ভাল কথা।
জ্ঞানমঃ- বৰ্তমানৰ সংগীত আৰু আপোনালোকৰ সময়ৰ সংগীতৰ মাজত দেখা আটাইতকৈ ডাঙৰ পাৰ্থক্য আপুনি কি বুলি ভাৱে ?
উঃ বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীয়ে যথেষ্ট সুবিধা লাভ কৰিছে যদিও চৰ্চা খুবেই কম কৰে ৷ তেওঁলোকৰ অভিভাৱকসকলো কেবল প্ৰচাৰমুখীহে হোৱা দেখা যায় ৷ কিন্তু সংগীত যে এটা সাধনাৰ বস্তু সেয়া তেওঁলোকৰ বহুতেই উপলব্ধি নকৰে ৷ অধ্যয়ন/চৰ্চা কমকৈ কৰি সফলতা সহজতেই বিচাৰে। তাৰোপৰি আমাৰ সময়ত সংগীত কেবল শ্ৰব্য মাধ্যমহে আছিল, কিন্তু এতিয়া শ্ৰব্যতকৈ দৃশ্যত বেছি প্ৰাধান্য দিয়া দেখা যায় ৷ সেইবাবেই আজিৰ বহু সংগীতত সংগীতৰ প্ৰকৃত অৰ্থ আৰু মাধুৰ্য্য প্ৰকাশ পোৱা দেখা নাযায় ৷
জ্ঞানমঃ- আপুনি জ্যোতি সংগীত আৰু বিয়ানাম সমূহক এক অনন্য মাত্ৰা প্ৰদান কৰিছে । এই ক্ষেত্ৰত ন-শিকাৰু সকলৰ প্ৰতি আপোনাৰ পৰামৰ্শ কি ?
ড০ অনিমা বাইদেউঃ- আমাৰ অসমীয়া বিয়ানামবোৰ অনন্য ৷ বিয়ানামৰ বহুতো সুৰ আছে । এই সুৰবোৰ অতি শুৱলা হোৱা বাবে মানুহৰ হৃদয় চুই যায় । আকৌ বিয়ানামসমূহত এটা কৰুণ সুৰ থাকে, যিয়ে সকলোকে আকৰ্ষণ কৰে। আমাৰ এখন বিয়াৰেই কেবাটাও অনুষ্ঠান বা পৰ্ব থাকে আৰু প্ৰায় প্ৰতিটো অনুষ্ঠানৰ লগতেই অনুষ্ঠান বা পৰ্বটোৰ হিচাবত বিয়ানাম থাকে, যিয়ে পৰ্বটোক অনন্য মাত্ৰা প্ৰদান কৰে।
মই মাৰ মুখৰ পৰাই বহু বিয়ানাম শিকিছিলোঁ। মোৰ মায়ে খুব ভাল বিয়ানাম গাইছিল। কেইবছৰমান আগতে 'অনিমা চৌধুৰীৰ বিয়ানাম' নামেৰে কেছেট এখনো উলিয়াইছিলোঁ । তেতিয়া সেইখন খুব চলিছিল। তাৰ পিছত 'ন কইনা', 'আদৰৰ বোৱাৰী', 'সুকন্যা', 'প্ৰভাতী কইনা' আদি কেবাখনো বিয়ানামৰ কেছেটত কণ্ঠদান কৰিছোঁ।
আজিকালি বিয়ানামবোৰ নাইকিয়া হৈ অহাৰ দৰেই হৈছে । আজিকালিৰ ছোৱালীবোৰে বিয়ানাম গাবলৈ লাজ কৰে । এয়া নিশ্চয়কৈ ভাল কথা নহয়। সেয়েহে মই মাজে সময়ে বিয়ানামৰ কৰ্মশালালৈ যাওঁ আৰু ছোৱালী, মহিলাসকলক বিয়ানাম গাবলৈ উৎসাহ যোগাওঁ । তেনেকৈ শিকোৱা মহিলাৰে বিয়ানামৰ দল গঠনও হৈছে।
আজিকালি যিহেতু বাণিজ্যিকীকৰণৰ প্ৰভাৱ সকলোতে পৰিছে, সেয়েহে বিয়ানামৰ ক্ষেত্ৰতো যদি বিয়ানামৰ দল খুলি বিয়াবোৰত গোৱাৰ ব্যৱস্থা কৰিব পৰা যায়, তেন্তে এই গীতবোৰে প্ৰসাৰ লাভ কৰাৰ লগতে ইয়াক জনসাধাৰণেও সুন্দৰকৈ গ্ৰহণ কৰিব বুলি মই আশাবাদী । এই ক্ষেত্ৰত ন-শিকাৰু সকলক উৎসাহিত কৰাৰ বাবে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানেও আগভাগ লোৱাৰ প্ৰয়োজন আছে ।
জ্ঞানমঃ- আপোনাৰ সংগীত যাত্ৰাত পৰম প্ৰাপ্তি কি বুলি সুধিলে আপোনাৰ উত্তৰটো কি হ'ব বাইদেউ ?
ড০ অনিমা বাইদেউঃ-
পৰম প্ৰাপ্তি বুলি মই কেতিয়াও নাভাবোঁ। চাকৰি কালত চাকৰিৰ লগতে সংগীতৰ সাধনা কৰি যাবলৈ চেষ্টা কৰিছিলোঁ যদিও বহুতো কাম আধৰুৱা হৈ ৰ'ল ৷ । বিশেষকৈ লোকসংগীতৰ( কামৰূপীয়া লোকগীত, গোৱালপৰীয়া লোকগীত, চিয়াগীত, বিহুগীত, দৰঙী বিয়াগীত, টোকাৰী গীত আদি) ক্ষেত্ৰখনক আগুৱাই লৈ যোৱাৰ হেঁপাহ এটা আছিল ৷ আনকি ছয়গাঁওৰ লোকগীতখিনিও ভিতৰুৱা গাওঁবোৰৰ পৰা সংগ্ৰহ কৰি সংৰক্ষণ কৰাৰ হেঁপাহ এটা মনতে পুহি ৰাখিছিলোঁ।অৱসৰৰ পিছত এনেকুৱা কিছুমান কাম কৰাৰ পৰিকল্পনা আছিল যদিও বিভিন্ন কাৰণত সেইবোৰ এতিয়ালৈকে হৈ উঠা নাই। সাংস্কৃতিক ক্ষেত্ৰখনত মই কৰা কামবোৰত সদায়েই মোৰ 100% দিবলৈ চেষ্টা কৰিছোঁ যদিও কেতিয়াবা মনলৈ ভাব আহে যে কৰি অহা সাংগীতিক কামবোৰৰ ভিতৰত কিছু কিছু ক্ষেত্ৰত আৰু ভালকৈ কৰিব পৰা গ'লহেঁতেন ছাগে ! সৰুৰেপৰাই সংগীতৰ সাধনা কৰি গৈছিলোঁ যদিও পোনপ্ৰথমবাৰৰ বাবে 'মুকুতা ' ছবিত গীত গাবলৈ পোৱাটো মোৰ বাবে আছিল এক ডাঙৰ প্ৰাপ্তি । কিয়নো 'মুকুতা' ছবিত গীত গোৱাৰ আগলৈ আনুষ্ঠানিকভাৱে মোৰ গান বাণীবদ্ধ হোৱা নাছিল । ছবিখনত গীত গোৱাৰ পিছতেই HMV ৰ পৰা গীত বাণীবদ্ধ কৰিবলৈ আমন্ত্ৰণ লাভ কৰিছিলোঁ । সৰুৰে পৰাই ভূপেন দা, দিপালী বাইদেউৰ দৰে শিল্পীৰ গানবোৰ যেতিয়াই শুনছিলোঁ মোৰো ক'ব নোৱাৰাকৈ এটা হেঁপাহ জাগিছিল এনেকৈ গান গোৱাৰ। এটা সময়ত তেওঁলোকৰ লগত গীত গাই বাণীবদ্ধ কৰাৰ যে হেঁপাহটো পূৰণ হৈছিল , সেয়াও মোৰ বাবে এক প্ৰাপ্তি ।
গীত গোৱাৰ লগতে সদায় এগৰাকী শিক্ষয়িত্ৰী, এগৰাকী মাতৃ , এগৰাকী পত্নী , এগৰাকী বোৱাৰী আদিৰ দায়িত্ববোৰো সুচাৰুৰূপে পালন কৰি গৈছিলোঁ । ইয়াৰ বাবে সংগীতৰ ক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ যি পৰম হেঁপাহ আছিল সেইখিনি পূৰণ কৰাত সম্পূৰ্ণৰূপে সফল হ'ব নোৱাৰিলোঁ যেন লাগে কেতিয়াবা। অৱশ্যে মোৰ এই ব্যক্তিগত আকাংক্ষা পূৰণৰ স্বাৰ্থত বিদ্ৰোহ কৰি বিচৰাখিনি লাভ কৰাৰ পক্ষত মই নাছিলো । জীৱনত হেঁপাহ বহুত থাকিবই । কিন্তু এই সকলোবোৰ পূৰণ কৰা কেতিয়াও সম্ভৱ নহয় । সেয়েহে আনে জীৱনত নোপোৱা বহুখিনি যে মই পাইছোঁ ,সেই কথাটো মই সদায় ভাবোঁ । আচল কথা হ'ল সমাজত ভালকৈ থকাটো । সমাজত যাতে মোক লৈ সমালোচনা কৰিব লগা নহয় সেইটোৰ প্ৰতি মই সচেতন । লগতে জনসাধাৰণে যে মোক গ্ৰহণ কৰিছে আৰু এতিয়াও ইমান মৰম দি আছে এইবোৰেই মোৰ প্ৰাপ্তি।
সাক্ষাৎ গ্ৰহণ:- মনবীনী দাস,
পল্লবী পাঠক।




0 Comments