header ads

গায়ত্ৰী বাইদেউ | Assamese Short Story by Chayanika Malakar

গায়ত্ৰী বাইদেউ  Assamese Short Story by Chayanika Malakar

গায়ত্ৰী বাইদেউ

    আজি শিশু দিৱস। 'সূৰুয'ৰ প্ৰতিটো শিশুৰ মনত আজি খুউব আনন্দ । সকলো শিশুৱে আজি পুৱাতে নিজৰ নিজৰ কাম শেষ কৰি আজৰি; কিয়নো আজি 'গায়ত্ৰী বাইদেউ' আহিব। তেওঁ সকলোৰে বাবে বিভিন্ন চ'কলেট, বেলুন আৰু নতুন নতুন চোলা আনিব।পূজা-বিহুত যদিও বেলুন, চোলা আদি দিয়া হয় আজিৰ দিনটো কিন্তু বেছি আনন্দদায়ক সকলোৰে বাবে।কাৰণ আজি 'পণ্ডিত জৱাহৰলাল নেহৰু'ৰ জন্মদিনৰ উপৰিও 'গায়ত্ৰী বাইদেউ'ৰো জন্মদিন আৰু  তেওঁলোকে 'জৱাহৰলাল নেহৰু'ৰ ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনৰ উপৰিও চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ লগতে বিভিন্ন কাৰ্যসূচীৰ মাজেৰে এই দিনটো অতিবাহিত কৰি আহিছে।

       'সুৰুয' এখন অনাথ আশ্ৰম আৰু 'গায়ত্ৰী বাইদেউ' বৰ্তমান 'সুৰুয' অনাথ আশ্ৰমত থকা প্ৰতিটো শিশুৰপৰা আৰম্ভ কৰি তাত কৰ্মৰত প্ৰতিজন কৰ্মচাৰীৰ বাবে এটা অতি চিনাকি নাম।কেৱল এইটো এটা চিনাকি নামেই নহয় , ইয়াত থকা প্ৰতিটো শিশুৰ ওঁঠত হাঁহি আৰু মনত আনন্দ বিলোৱা এজনী মৰমিয়াল বাইদেউ।

    ইতিমধ্যে 'গায়ত্ৰী বাইদেউ' গাড়ীত উঠি 'সূৰুয' অভিমুখে ৰাওনা হৈছে।

    'গায়ত্ৰী বাইদেউ 'এসময়ত এই 'সুৰুয' অনাথ আশ্ৰমত সকলোৰে বাবে 'গায়ত্ৰী' নামেৰে পৰিচিত আছিল। কিয়নো তেওঁ এই অনাথ আশ্ৰমখনতেই ডাঙৰ-দীঘল হৈছিল। ৬ বছৰীয়া আছিল তেওঁ, যেতিয়া দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰাৰ বাবে তেওঁ পিতৃ-মাতৃক হেৰুৱাবলগীয়া হৈছিল। পিতৃ- মাতৃৰ মৃত্যুৰ পিছত খুড়াক-খুড়ীয়েকৰ লগত তেওঁ থাকিবলৈ লৈছিল যদিও কিছুদিনৰ পিছত তেওঁলোকে গায়ত্ৰীৰ দায়িত্বৰ পৰা হাত এৰা দি গায়ত্ৰীক শিশু দিৱসৰ দিনটোতে এই অনাথ আশ্ৰমখনত থৈ গৈছিল আৰু তেতিয়াৰে পৰা তেওঁৰ ঠিকনা হৈছিল এই 'সূৰুয' নামৰ আশ্ৰমখন ।

      সেয়ে তেওঁ এই দিনটোক নিজৰ জন্মদিন হিচাপে পালন কৰি আহিছে । কিন্তু ইমানৰ পিছতো গায়ত্ৰীয়ে জীৱনৰ আগত পৰাজয় স্বীকাৰ কৰা নাছিল।চৰকাৰী বিদ্যালয় এখনৰ পৰা খুউব সুন্দৰকৈ মেট্ৰিকত উত্তীৰ্ণ হয় আৰু অৱশেষত তেওঁৰ পঢ়াৰ প্ৰতি থকা দৃঢ়তাৰ ফলত বৰ্তমান তেওঁ এখন মহাবিদ্যালয়ৰ অধ্যাপিকা।

সেয়ে তেওঁ প্ৰতিবছৰে শিশু দিৱসৰ দিনা সকলো কৰ্ম একাষৰীয়া কৰি ইয়াৰ অনাথ শিশুসকলৰ লগত কিছু সময় অতিবাহিত কৰে আৰু আগলৈও কৰি থাকিব বুলি প্ৰতিজ্ঞা লৈছে।

     "বাইদেউ আহি পালোঁ আমি"--- গাড়ীচালকজনৰ মাতত গায়ত্ৰী বৰ্তমানৰ অৱস্থালৈ উভতি আহিল আৰু গাড়ীৰ খিৰিকিৰে বাহিৰলৈ চাই দেখিলে সকলোৱে তেওঁৰ বাবে পদূলিতে থিয় হৈ ৰৈ আছে।


****************************


নামঃ চয়নিকা মালাকৰ (৯৬১৩৫৫২৭১২),

পদবী: সহকাৰী শিক্ষয়িত্ৰী

বিদ্যালয়ৰ নামঃ খোপনিকুছি নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়,

শিক্ষাখণ্ডঃ হাজো।



অলংকৰণ :- সংগীতা কাকতি

Post a Comment

0 Comments