Labels

অনুতপ্ত | Assamese Short Story by Manisha

অনুতপ্ত

     বাৰাণ্ডাৰ এচুকত চাইকেলখন থৈ ঘৰৰ ভিতৰলৈ সোমাব খোজোতেই ভিতৰৰ কোঠাত পুতেক অভিলাষে চিঞৰি চিঞৰি কোৱা কথাকেইষাৰ কনক মাষ্টৰৰ কাণত পৰিল --"কি দিব পাৰিছে দেউতাই ? না ভালদৰে খাবলৈ দিব পাৰিছে না পিন্ধিবলৈ ভাল কাপোৰ এযোৰ দিব পাৰিছে |লগৰবোৰৰ আগত কিমান লাজ পাওঁ মইহে জানোঁ !তথাপি কোনোবাদিনা তহঁতক কিবা দাবী কৰিছিলোঁ নেকি? দেউতাক অলপ প্রেক্টিকেল হ'বলৈ কবি | সংস্কাৰৰ কথা কৈ থাকিলেই মানুহৰ লাজ, ভোক নুগুচে |"

-দেউতাৰাই কিমান কষ্টেৰে ঘৰখন চলায় আছে কেতিয়াবা ভাবি চাইছনে ? দুজনীকৈ ছোৱালী পঢ়াই শুনাই বিয়া দিয়া, তোক ইমানলৈকে পঢ়োঁৱা... ধেমালি নেকি হা ? লাজ পায় সি? লাজ পাবলগীয়া কিটো হ'ল ক'চোন ? তোক খাবলৈ দিয়া নাই নে নাঙঠ কৰি ৰাখিছোঁ ? প্রতিটো বিহুৱে, পূজায়ে কাপোৰ পিন্ধিবলৈ পাইছ তই | দেউতাৰাৰ কাষলতিৰ তল চিলাই কৰা চাৰ্ট দুটালৈ কেতিয়াবা লক্ষ্য কৰিছনে ?? কেইটকা দৰমহা পায় কোনোবাদিনা শুধি পাইছনে? 

-"টকা নাপায়েই যদি ফ্রীতে টিউচন পঢ়াবলৈ কিয় যায়? য'ত নিজৰেই নাই তাতে আকৌ ঘৰে ঘৰে গৈ সেই ভিক্ষাৰীবোৰক এটকাও নোলোৱাকৈ পঢ়াব কিয় লাগে ?ইমান মহান দেখুওৱাৰ কোনো দৰকাৰ নাই নহয় |"

"-দেউতাৰাই কাকো দেখুৱাই ফুৰা নাই, সেয়া দেউতাৰাৰ চৰিত্র ,আদৰ্শ.. যাৰ বাবে দেউতাৰাক সকলোৱে সন্মান কৰে |"

-"ইস সন্মান ! কেইখনমান গামোচা, কেইখনমান শৰাই পোৱা মানেই সন্মান নহয় | মানুহ এজনক দেখাৰ লগে লগে আন দহজনে শিৰ নত কৰা মানেহে সন্মান | দেউতাৰ লগৰে নিৰঞ্জন খুৰাক দেখা নাই ?তেওঁক দেখাৰ লগে লগেই মানুহে আতঁৰি দিয়ে | সেয়াহে আচল সন্মান | দেউতাক কবি, পাৰে যদি সন্মান বুলি ভাবি থকা সেই জাবৰবোৰ বিক্রী কৰিবলৈ, কিজানি দুটকামান পায়েই |"

-"তই যে নিৰঞ্জন খুড়াৰৰ কথা কৈছ, সেইজনাই ইমান কম সময়ৰ ভিতৰতে কেনেকৈ অট্টালিকা নিৰ্মাণ কৰিলে তই সেইবোৰ নাজান | অসৎ পথেৰে অৰ্জন কৰা ধনৰ কোনো প্রয়োজন নাই |সৎ পথেৰে কাকো তেল নমৰাকৈ দেউতাৰাই যি দিয়ে, যেনেকৈ ৰাখে তাতেই সুখী |"

-"তই সুখী হ'ব পাৰ মই নহয় | মুঠতে মোক বাইক এখন লাগিবই নহ'লে....। "

     খঙেৰে কথাখিনি কৈ দেউতাকৰ কাষেৰেই পাৰ হৈ গ'ল সি | কিছুসময়ৰ বাবে শিলপৰা কপৌৰ নিচিনা হৈ থাকিল কনক মাষ্টৰ |দুৱাৰমুখত হঠাতে গিৰিয়েকক দেখি ৰমলা অপ্ৰস্তুত হ'ল যদিও মনৰ ভাৱ নেদেখুৱাই হাঁহিমুখেৰে সুধিলে "আপুনি আহি পালে ?"-কনক মাষ্টৰে "উম" বুলি লাহেকৈ কৈ ৰমলাৰ মুখখনলৈ চালে | অলপ আগেয়ে পুতেকৰ সৈতে হোৱা বিতৰ্কৰ কোনো ভাৱেই ফুটি উঠা নাই মুখমণ্ডলত | এয়াই ছাগে নাৰী !বুকুত হাজাৰ বিষ লৈও ভাও লৱ পাৰে অমৃত পান কৰাৰ |

       বহু চেষ্টা কৰিও নিশা টোপনি নাহিল কনক মাষ্টৰৰ |বাৰে বাৰে অভিলাষৰ কথাবোৰে বুকুখনত খুন্দিয়াবলৈ ধৰিলে | সি কোৱা কথাবোৰো মিছা নহয় |আজিকালিৰ ডেকা হিচাপে কি দিব পাৰিছে তাক | সিও কোনোদিন তেওঁক দাবী কৰা নাই | অৱশ্যে মাকৰ আগত যে কিবাকিবি অসন্তোষ প্রকাশ কৰে সেয়া তেওঁ পিছতহে গম পায় |এইবাৰ ডিগ্রী ছেকেণ্ড ছেমিষ্টাৰ দিব সি | বহুদিন স্কুলৰ পৰা অহাৰ সময়ত  তাক বেলেগৰ বাইকৰ পিছফালে বহি অহা দেখিছে তেওঁ | বেচেৰা ! তাৰো নিশ্চয় মন যায় নিজৰ বাইক এখন চলাবলৈ ! কিন্তু  ??এটা দীঘল হুঁমুনিয়াহ ওলাই আহিল কনক মাষ্টৰৰ মুখেৰে |


    কাউৰীৰ প্রথম মাতষাৰ শুনিয়েই বাহিৰলৈ ওলাই আহিল কনক মাষ্টৰ | বাৰাণ্ডাৰ আৰামী চকীখনত বহি আকাশখনলৈ কিছুপৰ চাই ৰ'ল তেওঁ | 

-"বাহিৰত বহি আছে যে"--পাছফালৰ পৰা পিঠিত হাত থৈ ৰমলাই সুধিলে |

-"নাই ,এনেয়ে | মই বাৰু এজন ভাল পিতৃ হব নোৱাৰিলো নেকি অ' ৰমলা ?"

-"কি কথাবোৰ যে কয় আপুনি , কিয়নো নহ'ব?"

-"কি লাগে তাক? "

-"বাইক | কিবা বোলে ৰয়েল এনফিল্ড |ডেৰলাখ মান লাগিব বোলে |"

     কিছুসময় নীৰৱ দুয়ো | হঠাতে কনক মাষ্টৰ থিয় হ'ল আৰু ভিতৰলৈ গৈ আলমাৰিটোৰ পৰা তেওঁ ইমানদিনে সযতনে সাঁচি ৰখা তেওঁৰ সন্মানস্বৰূপ বঁটাবোৰ উলিয়াবলৈ ধৰিলে | পিছে পিছে আহি থকা ৰমলাই এইবোৰ দেখি আচৰিত হৈ সুধিলে "হেৰি, কি কৰিছে এইবোৰ?"

-"ৰমলা, মোৰ ল'ৰাৰ মতে যিহেতু এইবোৰ সন্মানেই নহয় তেনেহ'লে এইবোৰ ইয়াত সুমুৱাই ৰাখি কি লাভ ?এইবোৰ বেছি দিলেও কিজানি তাৰ বাইকৰ বাবে দুপইচা ওলায়েই !"

-"চাঁও থৈ দিয়ক | দৰকাৰ হলে মোৰ সোণৰ হাৰডাল বিক্রী কৰি দিলে হ'ল |এনেয়েও এই বয়সতনো মোক এইবোৰ কিয় লাগে ?"


"ছাৰ | ছাৰ" --বাহিৰত কাৰোবাৰ মাত শুনি  ওলাই আহিল কনক মাষ্টৰ | তেওঁৰেই এসময়ৰ ছাত্ৰ ৰমেন আৰু দ্বীপেন থিয় হৈ থকা দেখি ক'লে.. 

-"অহ তোমালোক !আহা বহাহি |ইমান ৰাতিপুৱাই যে ? "

-"মানে ছাৰ ,এইখন লওঁক ,দুদিন আগতেই দিছিল আপোনাক দিবলৈ মইহে পাহৰি আছিলোঁ |" 

-"কি এইখন? "

-"অহাকালি শিক্ষক দিৱস নহয় জানো ? অইন বছৰৰ দৰে এইবেলিও পুৱা দহ বজাত জিলা পুথিভঁৰালত শিক্ষক দিৱস পালন কৰা হ'ব আৰু তাতেই আপোনাৰ লগতে মুঠ দহজন শিক্ষকক সম্বৰ্ধনা জনোৱা হ'ব | গতিকে যেনেতেনে উপস্থিত থাকিব বুলি আশা কৰিলোঁ |"

-"মোৰ গাটো বৰ ভাল নহয় অ' | চাওঁ দেচোঁন |"

-"বহু ডাঙৰ ডাঙৰ মানুহ উপস্থিত থাকিব ছাৰ |আমাৰ সমষ্টিৰ নতুন বিধায়কো আহিব |"

-"হ'ব হ'ব ,তেওঁ নিশ্চয যাব |"...মাষ্টৰে একো নকওঁতেই ৰমলাই ভিতৰৰ পৰা ওলাই আহি মাত লগালে |

-"ঠিক আছে তেনেহ'লে আমি আহোঁ |"

সিহঁত যোৱাৰ ফালে চাই কনক মাষ্টৰে ৰমলাক ক'লে -"হেৰা ! তুমি সিহঁতক যাম বুলি কিয় ক'লাহে ?"

-"যাব কাৰণে কৈছোঁ |"

-কিন্তু.. 

-"কোনো কিন্তু নাই |মুখ ধোৱক মই চাহ বনাওঁ |"

     পিছদিনাখন ৰমলাৰ জোৰত কনক মাষ্টৰ গৈ উপস্থিত হ'ল জিলা পুথিভঁৰালত | গৈ পোৱাৰ কিছুসময় পিছতে অনুষ্ঠান আৰম্ভ হ'ল আৰু এজন এজনকৈ শিক্ষকক মঞ্চলৈ মাতি বিধায়কৰ হাতেৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ধৰিলে |এটা সময়ত কনক কলিতাৰ নামটো মতাত তেওঁ লাহে লাহে গৈ মঞ্চত প্রৱেশ কৰিলে। 

     বিধায়ক ৰাজীৱ দেৱ কাকতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আহি কিছুসময় তেওঁৰ ফালে ৰ লাগি চাই ৰ'ল আৰু হঠাতে মঞ্চতে তেওঁক ভৰিত ধৰি সেৱা জনালে |ঘটনাৰ আকস্মিকতাত কনক মাষ্টৰৰ লগতে উপস্থিত  সকলো আচৰিত হ'ল |

-"ছাৰ, মোক চিনি পাইছেনে? "

-"মই ঠিক ধৰিব পৰা নাই |"

-"ছাৰ, মই ৰাজীৱ | আপোনাৰ ৰাজু ;সেই যে কলংপাৰৰ স্কুলত পাইছিল মোক !"

-"ৰাজু?? ইমান ডাঙৰ হ'লা তুমি? তুমিয়েই তাৰমানে আমাৰ নতুন বিধায়ক ?"

-"হয় ছাৰ |আজি মই ধন্য | কত বছৰৰ মূৰত যে আপোনৰ চৰণ চুবলৈ পালোঁ |আহক ছাৰ, ইয়াতেই বহক |"--নিজৰ আসনখনত তেওঁৰ এসময়ৰ শিক্ষাগুৰুক বহিবলৈ দি মাইকৰ ওচৰত থিয় হ'ল বিধায়ক ৰাজীৱ দেৱ কাকতি |মাইকত হাত থৈ তেওঁ ক'বলৈ ধৰিলে "আজি মোৰ বাবে বৰ গুৰুত্বপূৰ্ণ দিন।কিয়নো ,যিজনা গুৰুৰ হাতত ধৰি মই শিক্ষাৰ পৃথিৱীত খোজ পেলাইছিলোঁ, সেইজন গুৰুক আজি মই নিজহাতে সম্বৰ্ধনা জনোৱাৰ সৌভাগ্য ঘটিছে |তেখেতে শিকোঁৱা পথ অনুসৰণ কৰিয়েই আজি মই নিজকে চিনাকি দিবলৈ সক্ষম হৈছোঁ |নহ'লে কোনে জানিলেহেতেঁন সৰুতেই অনাথ হোৱা এই ল'ৰাটোক | সেইয়া ছাৰে কলংপাৰত শিক্ষকতা কৰি থকা সময়ৰ কথা |ছাৰেই মোক স্কুলত নাম লগাই দি পঢ়া শুনাৰ সকলো দায়িত্ব লৈছিল | পিছত ছাৰৰ ট্ৰেন্সফাৰ হ'ল |তেতিয়াৰ সময়ত আজিৰ নিচিনা ফোনৰ ব্যৱহাৰ নাছিল বাবে ছাৰৰ সৈতে সম্পৰ্ক প্রায় নোহোৱাই হৈ পৰিছিল যদিও হৃদয়ত ছাৰৰ স্হান সদায়েই আছিল |এনে এজন ছাৰক মোৰ জীৱনত গুৰু হিচাপে পাই মোৰ জীৱন ধন্য | ছাৰ অকল মোৰ বাবেই নহয় অসমৰ বাবেই গৌৰৱ | "

       কনক কলিতা উঠি আহি সাৱটি ধৰিলে তেওঁৰ এসময়ৰ প্রিয় ছাত্র গৰাকীক আৰু দুই গুৰু-শিষ্যৰ মিলনৰ সাক্ষী হৈ ৰ'ল সেইদিনাখন শিক্ষক দিৱসত উপস্থিত থকা সকলো |

         টিভিত লাইভ চাই থকা ৰমলাই পুতেক অভিলাষক চিঞৰি চিঞৰি মাতিবলৈ ধৰাত সি উধাতু খাই দৌৰি আহিল | ৰমলাৰ চকুত তেতিয়া আনন্দৰ চকুপানী | অভিলাষক টিভিলৈ আঙুলিয়াই দেখুৱালে | অভিলাষে চাই দেখে সেয়া দেখোন সিহঁতৰ নতুন বিধায়কে তাৰ দেউতাকক ভৰি চুই সেৱা কৰিছে | ৰমলাই লাহেকৈ ক'লে --"এতিয়া বুজিলিনে ? এয়াই তোৰ দেউতাৰৰ সন্মান ,এজন শিক্ষকৰ সন্মান |"

        নিজৰ ভুল বুজিব পাৰি অভিলাষৰ চকুকেইটা চলচলীয়া হৈ পৰিল | মাকে নেদেখাকৈ বাহিৰলৈ ওলাই আহি চকুকেইটা মোহাৰি বাহিৰতে অপেক্ষাত থাকিল তাৰ মৰমৰ দেউতাকলৈ;যাতে দেউতাক অহাৰ লগে লগে সি ক'ব পাৰে "য়ু আৰ গ্রেট দেউতা" ||

*****************************************



মনীষা ৰাজবংশী দাস 

জেজাৰবড়ী প্রাথমিক বিদ্যালয় 

ৰামপুৰ শিক্ষাখণ্ড 

মো. নং ৭০০২৩৯৯৭৯৭



অলংকৰণ :- সংগীতা কাকতি

Post a Comment

0 Comments