header ads

মোৰ জীৱনে মোৰ বাণী | A poem by Digangana Das


 মোৰ জীৱনে মোৰ বাণী

মোৰ জীৱনে মোৰ বাণী,

এই আপ্তবাক্য কৈ

ভাৰত গঢ়ি

থৈ গ'ল আপুনি ।

১৯৪৭ চনৰ ১৫ আগষ্টত

ঘূৰাই পালে ভাৰতে 

হৃত স্বাধীনতা।

 

আৰু আজি.. 

আপোনাৰ কৰ্মদক্ষতা , মহানতাৰ বাবে --

নৈৰ তীব্ৰ গতিৰ নিচিনা,

ভাৰত বিকাশৰ ফালে

ঢাল খাইছে।

ভাৰত গঢ়াৰ পিতা আপুনি

সেয়ে আপুনি জাতিৰ পিতা নামেৰে চিনাকি।

আজিও আপোনাক স্মৰণ কৰি পালন কৰোঁ আমি গান্ধী জয়ন্তী  ||

 *************************


দিগংগনা দাস

অষ্টম শ্ৰেণী

শিঙিমাৰী হাইস্কুল

শিক্ষাখণ্ড:- হাজো।


অলংকৰণ :- সংগীতা কাকতি

Post a Comment

0 Comments