header ads

বাপু | Poem by Disha Mani Sarma


বাপু

যিগৰাকী আমাৰ সকলোৰে মৰমৰ

‌যিগৰাকীয়ে দেশক ৰক্ষা কৰিছিল,

সত্য আৰু অহিংসাৰ বাণীৰে।

যিগৰাকীয়ে আমাক ইংৰাজৰপৰা মুক্ত কৰিছিল,

দেশৰ জাতীয় পতাকাখন উদ্ধাৰ কৰিছিল।

যিগৰাকীয়ে অন্যায়ৰ বিৰুদ্ধে ওকালতি কৰিছিল,

তেওঁৱেই হ'ল আমাৰ মৰমৰ বাপু।

আমিও বাপুৰ দৰে হ'ম

সদায় সত্য কথা ক'ম

সত্য পথত চলিম

                                    অহিংস ব্ৰতেৰে জীৱন গঢ়িম।


************************


দিশামণি
শৰ্মা

নৱম শ্ৰেণী

পূৱপাৰ মদাৰতলা হাইস্কুল

কমলপুৰ শিক্ষাখণ্ড


অলংকৰণ :- পল্লবী পাঠক


Post a Comment

0 Comments