header ads

বিশ্ব প্ৰতিবন্ধী দিৱস | An Article by Nishita Goswami

বিশ্ব প্ৰতিবন্ধী দিৱস


               প্ৰতিবন্ধী দিৱস শাৰীৰিক তথা মানসিকভাৱে দুৰ্বল বা অক্ষম লোকৰ বাবে পালন কৰা হয়। ১৯৯২ চনৰপৰা ৩ ডিচেম্বৰ দিনটো সমগ্ৰ বিশ্বতে 'প্ৰতিবন্ধী দিৱস' ৰূপে উদযাপন কৰা হয়। এই দিনটো প্ৰতিবন্ধী সকলৰ বাবে বিশেষ দিন। প্ৰাপ্ত তথ্য মতে সমগ্ৰ বিশ্বতে প্ৰায় ৯৩ৰ পৰা ১৫০ মিলিয়ন প্ৰতিবন্ধী শিশু আছে। আজিকালি প্ৰতিবন্ধী শব্দটো সৰলীকৃত কৰি 'বিশেষ ভাৱে সক্ষম শিশু' বুলি কোৱা হয়। আমাৰ অসমত প্ৰায় ৮১,৭৮২ জন আৰু কামৰূপ জিলাত প্ৰায় ২,১৪৮ গৰাকী প্ৰতিবন্ধী শিশু আছে। এই শিশুখিনিক 'দিব্যাংগ শিশু' বুলিও কোৱা হয়। এনে ধৰণৰ প্ৰতিবন্ধী ২১ ধৰণৰ হয়। শাৰীৰিক, মানসিক, আৰু বহুমুখী প্ৰতিবন্ধী হ'ব পাৰে। এজন দিব্যাংগ লোকে নিজৰ অসাধাৰণ চেষ্টাৰ ফলত জীৱনত কিমান সফলতা লাভ কৰিব পাৰে তাৰ অলেখ উদাহৰণ পৃথিৱীত আছে। হেলেন খেলাৰ, ষ্টিফেন হকিং, মুনিবা মাজাৰী আদি তেনে বিখ্যাত আৰু সৰ্বজন প্ৰিয় দিব্যাংগ ব্যক্তি। নিজৰ শক্তিশালী মনোবল থাকিলে সাধাৰণ মানুহকো চেৰ পেলাই এনে লোকে সমাজৰ শীৰ্ষ স্হান দখল কৰিব পাৰে। এওঁলোকক লাগে আমাৰ পৰা কেৱল সহযোগিতা। তেওঁলোকৰ মাজত লুকাই থকা সুপ্ত প্ৰতিভাক স্বীকৃতি দিবৰ বাবে প্ৰতি বছৰৰ ৩ ডিচেম্বৰ তাৰিখটো তেওঁলোকৰ নামত উচৰ্গা কৰি 'বিশ্ব প্ৰতিবন্ধী দিৱস' হিচাপে পালন কৰা হয়। আজি আমি আমাৰ বিদ্যালয়সমূহত যিসকল দিব্যাংগ শিশু পাওঁ তেওঁলোকক অৱহেলা নকৰি আমাৰ সকলোৰে লগত সহযাত্ৰী হৈ জীয়াই থাকিবলৈ প্ৰেৰণা দিব লাগে। সেই কৌটিকলীয়া অন্ধবিশ্বাস আঁতৰাই সিহঁতকো উৎসাহ,প্ৰেৰণা দিব লাগে; যাতে সিহঁতেও হেলেন খেলাৰ, ষ্টিফেন হকিং আৰু মুনিবা মাজাাৰী হৈ সমাজত জিলিকি উঠে। চৰকাৰে তেনে বোৰ শিশুৰ বাবে সহায়ক হিচাপে Tri-Cycle, Wheel Chair, Rottar, খেল-ধেমালিৰ কীট আদি যোগান ধৰিছে। সেইবোৰ যথোপযুক্ত ভাৱে সিহঁতক প্ৰদান কৰি সিহঁতৰ উত্তৰোত্তৰ কামনা কৰিলেহে প্ৰতিবন্ধী দিৱস পালনৰ সাৰ্থকতা থাকিব।


সামৰণি:
             আমি সক্ষম লোকক টকা- পইচা খৰচ কৰি আনক দেখুৱাই বাহ বাহ লৈ সেই দিনটোৰ পাছত ৰাষ্টাত এজন দিব্যাংগ দেখিলে নাক কোচাই  আঁতৰি গ'লে সেইটো মানৱীয়তা নহ'ব। আমি সকলোৱে বৈজ্ঞানিক মানসিকতাৰে সিহঁতৰ প্ৰতি সহমৰ্মিতা দেখুৱাই এই দিৱস পালনৰ সফলতাত অৰিহণা যোগাব লাগে।

********************

নাম- নিশিতা গোস্বামী

শ্ৰেণী নৱম

বিদ্যালয়- গুইয়া উচ্চ মাধ্যমিক বিদ্যালয়

শিক্ষাখণ্ডৰ নাম- কমলপুৰ

মোবাইল নং- ৯৯৫৭৫৩৮২১০ 


অলংকৰণ :-  সুৰভি দাস


Post a Comment

0 Comments