header ads

অসমত ব্ৰেইল শিক্ষা পদ্ধতিৰ প্ৰচলন আৰু ইয়াৰ গুৰুত্ব | Assamese article by Kishor Mohan Bhattacharya

 অসমত ব্ৰেইল শিক্ষা পদ্ধতিৰ প্ৰচলন আৰু ইয়াৰ গুৰুত্ব

 

        ব্ৰেইল শিক্ষা পদ্ধতিৰ বিষয়ে আলোচনা কৰাৰ আগতে আমাৰ মনলৈ আহে দুটা স্বাভাৱিক প্ৰশ্ন। প্ৰথম প্ৰশ্ন--দৃষ্টিহীনসকলে কিয় পঢ়িব লাগে? দ্বিতীয় প্ৰশ্ন--দৃষ্টিহীনসকল শিক্ষিত হ'লে সমাজৰ কি লাভালাভ হ'ব? এই দুয়োটা প্ৰশ্নৰ উত্তৰ দৃষ্টিহীন সকলৰ জীৱন গাঁথাৰ সৈতে জড়িত হৈ আছে। সেয়েহে ব্ৰেইল পদ্ধতি হ'ল বিশ্বৰ কোটি কোটি দৃষ্টিহীনৰ একমাত্ৰ শিক্ষাৰ মাধ্যম।

        লুই ব্ৰেইলে আৱিষ্কাৰ কৰা কাৰণে ব্ৰেইল পদ্ধতি বুলি যি শিক্ষাৰ মাধ্যম সৰ্বত্ৰ বিকশিত আৰু যুগজয়ী হৈ আছে, এই মাধ্যমৰ দ্বাৰাই দৃষ্টিহীন সকলৰ জীৱনৰ সৈতে জড়িত আটাইবোৰ কথা প্ৰকাশ কৰিব পাৰি। উনবিংশ শতিকাৰ আশীৰ দশকত, অৰ্থাৎ ১৮৮৭ চনত অমৃতসৰত ভাৰতৰ প্ৰথম দৃষ্টিহীন বিদ্যালয় খন স্হাপিত হয়। প্ৰায় ৬৮ বছৰ পাছত ১৯৯৫ চনত অসমত তথা উত্তৰ-পূব ভাৰতত ব্ৰেইল পদ্ধতিৰে আনুষ্ঠানিক শিক্ষাদানৰ প্ৰক্ৰিয়া আৰম্ভ হয়।

        লোকসেৱক স্বৰ্গীয় হলধৰ ভূঞাঁই কেইবাগৰাকীও সমাজসেৱীৰ সৈতে প্ৰতিষ্ঠা কৰা 'শ্ৰীমন্ত শংকৰ মিছন' নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে ১৯৫৫ চনত নগাঁও চহৰৰ মাজমজিয়াত উত্তৰ-পূব ভাৰতৰ প্ৰথম দৃষ্টিহীন বিদ্যালয়খন স্থাপন কৰে। কলিকতা আৰু দিল্লীৰ পৰা ব্ৰেইল সা-সঁজুলি আনি এই বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদান কৰা হৈছিল। স্মৰণযোগ্য যে ১৯৬৪ চনত শ্ৰী ভগৱান শৰ্মাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ এই বিদ্যালয়ৰ সুনাম বৃদ্ধি কৰাৰ লগতে ব্ৰেইল পদ্ধতিৰ গুৰুত্ব বৃদ্ধি কৰিলে।

        জনমানসত দৃষ্টিহীনতা হ'ল, অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ ফলশ্ৰুতি। বহুতে ইয়াক ৰোগ বুলিও ক'ব খোজে। পাপ-পুণ্যৰ কথা আৰু সামাজিক কু-সংস্কাৰৰ কাৰণে দৃষ্টিহীন সকলৰ প্ৰতি সীমাবদ্ধ ধাৰণা লৈ সমাজৰ বহুতে দৃষ্টিহীন সকলেও যে পঢ়া-শুনা কৰিব পাৰে আৰু পঢ়া-শুনা কৰি সমাজলৈ অৱদান আগবঢ়াব পাৰে, এই বিষয়ে কোনো ধাৰণাই কৰিব নোৱাৰে। ১৯৬৯ চনত 'অসম অন্ধ শিশু বিদ্যালয়' নামে লখিমপুৰ জিলাৰ বিহপুৰীয়াত এখন দৃষ্টিহীন বিদ্যালয় স্থাপিত হয়। এইখনে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত স্হাপিত প্ৰথম দৃষ্টিহীন বিদ্যালয়। ব্ৰেইল পদ্ধতি যে এটা ভাষা নহয়,ই এটা মাধ্যম হে এই কথা বুজাবলৈ এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক স্বৰ্গীয় নৱকুমাৰ চলিহাই অশেষ কষ্ট কৰিব লগীয়া হৈছিল। তেওঁ স্নাতক পৰীক্ষাত অৱতীৰ্ণ হ'বৰ সময়তো যথেষ্ট আহুকালৰ সম্মুখীন হৈছিল। ১৯৭১ চনত ' মৰাণ জনমংগল আদৰ্শ দৃষ্টিহীন বিদ্যালয়' নামেৰে ডিব্ৰুগড় জিলাৰ মৰাণহাটত এখন দৃষ্টিহীন বিদ্যালয় স্থাপিত হয়। কেবাগৰাকীও উদ্যমী সমাজ সেৱীৰ প্ৰচেষ্টাত স্হাপিত এই বিদ্যালয়খন উজনি অসমৰ এখন লেখত ল'বলগীয়া বিদ্যালয়। বিভিন্ন অনা- চৰকাৰী প্ৰচেষ্টাৰ ফলশ্ৰুতিত স্হাপিত দৃষ্টিহীন বিদ্যালয় সমূহে সমাজৰ সকলো চাহিদা, অৰ্থাৎ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পূৰ্ণভাৱে পূৰণ কৰিব পৰা নাছিল। ১৯৭৪ চনত ' যোৰহাট দৃষ্টিহীন প্ৰতিষ্ঠান ' প্ৰতিষ্ঠা হোৱাৰ লগে লগে চৰকাৰী উদ্যোগত দৃষ্টিহীন বিদ্যালয় গঢ় লৈ উঠে।

        অসমত ব্ৰেইল পদ্ধতিৰ প্ৰচলনৰ সমান্তৰালকৈ আন্ত: দৃষ্টিহীন বিদ্যালয়ৰ সমাবেশ অনুষ্ঠিত হোৱাটো মন কৰিবলগীয়া কথা। ১৯৭৮ চনৰ পৰা ১৯৮৩ চনলৈ বিভিন্ন সময়ত বিভিন্ন গুণা-গঁথা কৰা হৈছিল। এই ক্ষেত্ৰত ১৯৭৯ চনত, ১৯৮১ চনত, ১৯৮২ চনত আৰু ১৯৮৩ চনত আন্ত: দৃষ্টিহীন বিদ্যালয় সমাবেশ অসমত অনুষ্ঠিত হৈছিল। ব্ৰেইল পদ্ধতিৰ বিকাশৰ সন্দৰ্ভত বোম্বাইত ( মুম্বাই) স্হাপিত 'National Association for the Blind of India' ৰ অন্যতম প্ৰতিষ্ঠাপক ৰাজেন্দ্ৰ টি. ভ্যাস ডাঙৰীয়াই ৬০ ৰ দশকত, ৭০ ৰ দশকত আৰু ৮০ ৰ দশকতো অসমৰ বিভিন্ন ঠাইত জন সজাগতাৰ অভিযান চলাইছিল। বহুতে ইংৰাজীত ' ব্ৰেইল ' (Braille) বানানটোত শেষৰ বৰ্ণটো 'e' হোৱাৰ কাৰণে ভুলতে ' ব্ৰেইলী' বুলি উচ্চাৰণ কৰে, আচলতে এয়া শুদ্ধ নহয়। শুদ্ধ উচ্চাৰণটো হ'ল 'ব্ৰেইল' আৰু ইংৰাজীত যদিও বানানটো ' Braille' , শেষৰ আখৰ 'e' ৰ উচ্চাৰণ কৰা নহয়।

        ১৯৭৬ চনত ' গুৱাহাটী দৃষ্টিহীন বিদ্যালয় ' ( বৰ্তমান গুৱাহাটী দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়) , ১৯৮৪ চনত স্হাপিত ' ঘিলামৰা দৃষ্টিহীন বিদ্যালয় ' আৰু বৰাক উপত্যকাত স্হাপিত ' Sudhir Chandra Memorial School for the Blind ' --- এই শিক্ষানুষ্ঠান কেইখনেও দৃষ্টিহীনসকলৰ মাজত ব্ৰেইল পদ্ধতিৰ প্ৰচলনত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

        গুৱাহাটীৰ সাতগাওঁ নাৰেঙ্গী অঞ্চলত অৱস্থিত ' জ্যোতিনিকেতন ' নামৰ বিদ্যালয়খনেই হ'ল ইংৰাজী মাধ্যমত স্হাপিত অসমৰ একমাত্ৰ দৃষ্টিহীন বিদ্যালয়। মন কৰিবলগীয়া যে পঞ্চম শ্ৰেণীলৈ জ্যোতিনিকেতনত পঢ়াৰ পাছত দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীয়ে সামাজিক অন্তৰ্ভুক্তিকৰণ শিক্ষা পদ্ধতিৰ আৰ্হিত গুৱাহাটীৰ এঘাৰ মাইলত অৱস্থিত ' Monforte Inclusive Institute ' নামৰ শিক্ষানুষ্ঠানত ষষ্ঠ শ্ৰেণীৰ পৰা বাকী শ্ৰেণীসমূহ পঢ়াৰ সুবিধা পায়। স্বাভাৱিকতে ব্ৰেইল পদ্ধতি হ'ল একপ্ৰকাৰ ব্যয়বহুল শিক্ষা পদ্ধতি, কাৰণ প্ৰয়োজন অনুসৰি শৈক্ষিক সা- সঁজুলিবোৰ সুলভ নহয়। উৎপাদনৰ মাত্ৰাও যথেষ্ট সীমিত। উত্তৰ-পূৱ ভাৰতত এতিয়ালৈ ব্ৰেইল শিকণ- সামগ্ৰী উৎপাদন কৰা হোৱা নাই।

        স্পৰ্শ আৰু শ্ৰৱণ শক্তিৰ দ্বাৰা এই শিক্ষা পদ্ধতিত ছাত্ৰ-ছাত্ৰী য়ে অধ্যয়ন কৰিবলগীয়া হয়। দৃষ্টিৰ বিকল্পৰূপে শ্ৰাব্য অনুভূতি খিনি স্পৰ্শৰ মাধ্যমেৰে প্ৰকাশ কৰি ছটা বিন্দুৰ বিস্তাৰিত ক্ৰিয়া-প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি বাওঁফালৰ পৰা সোঁফাললৈ পঢ়িব পৰা, অথচ সোঁফালৰ পৰাহে বাওঁফাললৈ লিখিব পৰা ব্ৰেইল পদ্ধতি হ'ল বিশ্বৰ অন্যতম আকৰ্ষণীয় আৰু উপযোগী শিক্ষা পদ্ধতি।

        বিভিন্ন অভাৱ-অভিযোগৰ কাৰণে, ব্যৱস্থাপনাৰ সীমাবদ্ধতাৰ কাৰণে, আৰু আন্ত:গাঁঠনিৰ অভাৱৰ ফলত ' ঘিলামৰা দৃষ্টিহীন বিদ্যালয় ' আৰু দিখৌমুখত অৱস্থিত বহুমুখী বিদ্যালয় খন সম্প্ৰতি বন্ধ হৈ পৰিল। এসময়ত বিশিষ্ট চকু চিকিৎসকদ্বয় স্বৰ্গীয় লক্ষণ চন্দ্ৰ দত্ত আৰু শ্ৰী চিৰঞ্জীৱ কুমাৰ বৰুৱা দেৱে সতীৰ্থ কেবাগৰাকীও চিকিৎসকৰ সহযোগত নামনি অসমৰ গাঁৱে-ভূঞেঁ নিজে গৈ বিভিন্ন গ্ৰাম্য অঞ্চলৰ পৰা তথা মধ্য অসম, আনকি কাৰ্বি আংলং ৰ পৰাও দৃষ্টিহীন ছাত্ৰ-ছাত্ৰী বিচাৰি আনি গুৱাহাটী দৃষ্টিহীন বিদ্যালয়ত নামভৰ্তি কৰাইছিল। ব্ৰেইল পদ্ধতিৰ প্ৰতি থকা আকৰ্ষণ আৰু দৃষ্টিহীন সকলৰ প্ৰতি থকা সামাজিক দায়বদ্ধতাৰ কাৰণে এনেদৰে অসমৰ দৃষ্টিহীন বিদ্যালয় কেইখনৰ প্ৰতিষ্ঠাপক সকলে নিজ ক্ষেত্ৰত পাৰদৰ্শী ভূমিকা পালন কৰি ব্ৰেইল পদ্ধতিক অসমত প্ৰচলনৰ বাট কাটিছিল।

        একবিংশ শতিকা যে প্ৰত্যাহ্বানেৰে ভৰা। বিভিন্ন সময়ত আত্মসন্মান আৰু সুৰক্ষাৰ কাৰণে দৃষ্টিহীন সকলেও শৈক্ষিক দিশত সংগ্ৰাম কৰিবলগীয়া হয়। ১৯৯৫ চনৰ পৰা ব্ৰেইল ছপাশাল চৰকাৰী প্ৰচেষ্টাত কাৰ্যক্ষম হৈ আছে। সামাজিক পৃষ্ঠপোষকতা আৰু চৰকাৰী প্ৰচেষ্টাৰ মাজত প্ৰয়োজন আৰু উপলব্ধতাৰ মাপকাঠিৰে ব্ৰেইল পদ্ধতি এতিয়াও অসমৰ দৃষ্টিহীন সকলৰ জীৱনৰেখা হৈ আছে।

*****************************

 


কিশোৰ মোহন ভট্টাচাৰ্য

সহকাৰী অধ্যাপক

বুৰঞ্জী বিভাগ

গুৱাহাটী বিশ্ববিদ্যালয়


অলংকৰণ :- সুকন্যা ভৰদ্বাজ

Post a Comment

0 Comments