header ads

প্ৰতিবন্ধকতা প্ৰতিভা বিকাশৰ অন্তৰায় হ'ব নোৱাৰে | Assamese Article by Tarali Talukdar

 প্ৰতিবন্ধকতা প্ৰতিভা বিকাশৰ অন্তৰায় হ'ব নোৱাৰে


        মধ্যমীয়া আৰু উচ্চবুদ্ধি সম্পন্ন হোৱা স্বত্তেও কিছুমান ব্যক্তিয়ে কেতবোৰ কাম কৰাৰ ক্ষেত্ৰত  জটিলতাৰ সন্মুখীন হয়। এনে জটিলতাৰ বাবে তেওঁলোকে আশাকৰা মতে সফলতা লাভ কৰিবলৈ সক্ষম নহয়। যাক প্ৰতিবন্ধকতা বোলা হয়। তেওঁলোকে কোনো  কাম স্বাধীনভাৱে কৰিব নোৱাৰে।

         প্ৰতিবন্ধকতা হৈছে ব্যক্তিৰ যিকোনো শাৰীৰিক, মানসিক  সমস্যা । ই বহু অৰ্থযুক্ত শব্দ।সমাজত প্ৰায় ২১ বিধ ভিন্ন ধৰণৰ প্ৰতিবন্ধক ব্যক্তি দেখিবলৈ পোৱা যায়।

        প্ৰচলিত ধাৰণামতে শাৰীৰিক প্ৰতিবন্ধকতা এটা অভিশাপ। এই ধৰণৰ শিশু পৰিয়ালৰ আৰু সমাজৰ বাবে বোজাস্বৰূপ। কিন্তু বাস্তৱত এটি শিশু মাতৃগৰ্ভত থকা সময়ত মাতৃৰ যত্নৰ অভাৱ , বংশগত কাৰণ বা আন কোনো কাৰণত বিকলাংগ হ'ব পাৰে। বৰ্তমান মানুহবোৰৰ ভাৱধাৰাৰ সলনি হল।  বাস্তৱ উদাহৰণৰ পৰাই কব পাৰি যে প্ৰতিবন্ধকতা কোনো এজন ব্যক্তিৰ প্ৰতিভা বিকাশৰ অন্তৰায় হ'ব নোৱাৰে। শাৰীৰিক বা মানসিক ভাৱে বাধাগ্ৰস্থ লোকৰ লগতে জটিল ৰোগত ভোগী থকা প্ৰতিবন্ধী লোকৰো সুন্দৰ শক্তিশালী মন আছে ।তেওঁলোক একো একোজন বিশেষ ব্যক্তি।শক্তিৰ উৎস। প্ৰচণ্ড মানসিক শক্তিৰ বলত বাধাগ্ৰস্ততাক নেওঁচি  অজস্ৰজনে সাফল্যৰ উচ্চ শিখৰত উপনীত হবলৈ সক্ষম হৈছে। তেওঁলোকৰ মাজত লুকাই থকা সেই সুপ্ত প্ৰতিভা বিকাশ কৰিবলৈ পৰিয়ালৰ বা সমাজৰ প্ৰেৰণা, সহযোগিতাৰ প্ৰয়োজন।নিজৰ মনোবল আৰু প্ৰেৰণাৰ ফলত ১৯ বছৰ বয়সতে সম্পূৰ্ণ অন্ধ আৰু বধিৰ হৈ পৰাৰ পিছতো হেলেন কেলাৰে বহু ভাষা আয়ত্ব কৰি অধ্যাপক পদত অধিস্থিত হৈছিল। বিশ্ব বিখ্যাত পদাৰ্থবীদ ষ্টিফেন হকিং ২০ বছৰ বয়সতে নিউৰণৰ মাৰাত্মক ৰোগত আক্ৰান্ত হয়। তাৰ পিছতো হুইল চেয়াৰত বহি জগত বিখ্যাত  গ্ৰন্থ 'A brief history of time' লিখি উলিয়ায় আৰু বিভিন্ন গৱেষণামূলক অধ্যয়নত লিপ্ত হৈ থাকে।     

        অসমৰ হোজাই জিলাৰ দুয়োখন হাত সম্পূৰ্ণ বিকল হৈ জন্ম গ্ৰহণ কৰা এগৰকী কিশোৰী। সপোন দেখিছে শিক্ষয়িত্ৰী হোৱাৰ ।ভৰীৰে কলম ধৰি পৰীক্ষাৰ উত্তৰ বহী লিখি সাফল্য অৰ্জন কৰাৰ উদাহৰণো আছে। আমাৰ দেশতেই এনে বহুতো উদাহৰণ আছে ৷ মনত প্ৰবল উচাহ থাকিলে মানুহৰ লক্ষ্যত উপনীত হবলৈ কোনো বাধাই প্ৰাচীৰ হ'ব নোৱাৰে। 

        সেয়েহে এনেকুৱা লোকক বৰ্তমান বিশেষ ভাৱে সক্ষম লোক বোলা হয়। অন্তৰ্ভুক্তি শিক্ষাৰ দ্বাৰা সাধাৰণ শ্ৰেণী কোঠাত পাঠদান কৰাৰ লগতে তেওঁলোকৰ প্ৰয়োজন অনুযায়ী শিক্ষাৰ ব্যৱস্থা কৰা হয়। ইয়াৰদ্বাৰা এনে লোকসকল অৱগত হয় যে প্ৰত্যেকে   সমাজৰ একো একো গৰাকী  মূল্যৱান সদস্য। ফলত তেওঁলোক আত্মবিশ্বাসী হৈ উঠে।  আনুষ্ঠানিক পৰীক্ষাত ভাল ফলাফল দেখুওঁৱাৰ লগতে এনে ল'ৰা-ছোৱালীবোৰে খেলা -ধূলা , চিত্ৰাংকণ আদি বিভিন্ন দিশতে পাৰদৰ্শিতা দেখুওৱাবলৈ সক্ষম হয়।

        এই বিশেষভাৱে সক্ষম লোকসকলৰ প্ৰয়োজনীয় উন্নয়নৰ বাবে চৰকাৰ, বিভিন্ন স্বেচ্ছামূলক সংস্থা, সমিতিসমূহে কাম কৰি আছে। বিভিন্ন ইলেক্ট্ৰনিক মাধ্যমেও  এই লোকসকলৰ প্ৰতিভা বিকাশ আৰু প্ৰকাশত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। এনে লোকসকলক আমাৰ সমাজে সাহসেৰে বাস্তৱত মুখামুখি হবলৈ অনুপ্ৰেৰণা যোগাব লাগে আৰু সমাজত এনে এক পৰিৱেশৰ সৃষ্টি কৰিব লাগে য'ত বিশেষভাৱে সক্ষম লোক- সকলেও মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে।

---------------*------------------



তৰালী তালুকদাৰ

জালুকবাৰী, গুৱাহাটী



অলংকৰণ :- তন্দ্রা দে

Post a Comment

0 Comments