header ads

ৰূপকোঁৱৰ | Assamese poem by Apurba Kr Das

ৰূপকোঁৱৰ


শিল্পী তুমি সৃষ্টিৰ

সংগীত তোমাৰ চিৰ প্ৰবাহিত নদী

প্ৰতিটো ১৭জানুৱাৰীত তোমাৰ জন্ম

শ্ৰদ্ধাঞ্জলিৰ পবিত্ৰ ফুল এপাহ তোমালৈ-

 

জ্যোতি সংগীতৰ নিজৰাত

আমাৰ প্ৰাণ

আই অসমীৰ সন্মান

 

ন-ন ৰূপেৰে সংস্কৃতি গঢ়ি

সতী জয়মতীক জীয়াই ৰাখি

বিভূষিত হৈছা তুমি

ৰূপকোঁৱৰ বুলি

 

গছে গছে পাতি দিলে

ফুলৰে শৰাই

কোনে বাৰু তোমাক পাহৰাই...।

------------------------------


অপূৰ্ব কুমাৰ দাস

প্ৰধান শিক্ষক

৪২ নং ভূৰ্কিবাড়ী প্ৰাথমিক বিদ্যালয়

শিক্ষাখণ্ডঃ বকো।



অলংকৰণ :- সুকন্যা ভৰদ্বাজ

Post a Comment

0 Comments