header ads

সম্পাদকীয় | Editorial - 3rd Edition Gyanam

   সম্পাদকীয় ........



            আশা । আশাই আমাৰ জীৱনৰ পৰম সঞ্জীৱনী। আশা কৰিছোঁ, ২০২১ বৰ্ষটো সকলোৰে বাবে শুভ হওঁক । সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ।

           মানৱ জাতিৰ আটাইতকৈ ডাঙৰ ক্ষমতা হ'ল যিকোনো প্ৰতিকূল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি অভিযোজন কৰিব পৰাটো । ২০১৯-২০ বৰ্ষৰ ক'ভিড-১৯ মহামাৰীৰ গ্ৰাসৰপৰা  পৃথিৱীৰ সকলো দেশে ২০২১ বৰ্ষত নিশ্চয় মুক্ত হ'ব পাৰিব । আমাৰ সকলোৰে মাথোঁ দায়িত্ব বিজ্ঞানসন্মতভাৱে জীৱন-যাপন কৰা ।

       ২০২০ বৰ্ষই আমাক সকলোকে অনুভৱ কৰালে যে  শিক্ষণ-শিকণ প্ৰণালীসমূহত বহুলাংশে পৰিৱৰ্তনৰ প্ৰয়োজন আছে। বিশ্ববৰেণ্য বিজ্ঞানী চাৰ্লচ ডাৰউইনে কোৱা "যোগ্য ভোগ্য বসুন্ধৰা" কথাষাৰিৰ দৰে আমি শিক্ষক সমাজ, ছাত্ৰ-ছাত্ৰীসকলে পৃথিৱীৰ গতিৰ লগত গতি মিলাবলৈ মানসিক, বৌদ্ধিক, পাঠগত, কাৰিকৰী আটাইবোৰ ক্ষেত্ৰতে সম্পূৰ্ণ প্ৰশিক্ষিত হৈ থাকিব লাগিব। 

       ২০২০ শিক্ষাবৰ্ষটোত আমি যি যি হেৰুৱালোঁ, সেইধৰণৰ অসুবিধা যেন আমাৰ আগন্তুক শিক্ষাবৰ্ষটোত নহয় তাৰ কাৰণে আমি সষ্টম হৈ থাকিব লাগিব ।

          কামৰূপ জিলাৰপৰা ওলোৱা প্ৰথমখন শৈক্ষিক ই-আলোচনী (দুমহীয়া) 'জ্ঞানম'ৰ প্ৰয়াস কামৰূপ জিলাখনৰ বিদ্যায়তনিক দিশটোৰ সবলীকৰণ কৰাত সহযোগিতা আগবঢ়োৱাৰ চেষ্টা কৰা। শৈক্ষিক গোট 'জ্ঞানম' , কামৰূপৰ প্ৰতিজন সদস্যই সদায় আন্তৰিকতাৰে দায়িত্ব পালন কৰি আহিছে ই-আলোচনীখনক কামৰূপ জিলাখনৰ শিক্ষাৰ দাপোনস্বৰূপ কৰিবলৈ । জিলাখনৰ সকলো স্তৰৰ শিক্ষা-বিষয়া, শিক্ষক, ছাত্ৰ আৰু বিশেষকৈ পাঠক সমাজৰ সহায় অবিহনে 'জ্ঞানম'ৰ বৌদ্ধিক বিপ্লৱৰ লক্ষ্য আৰু উদ্দেশ্য সফল নহ'ব। সেয়েহে আমি বিচাৰিছোঁ সকলোৰে সহযোগিতা, দিহা-পৰামৰ্শ তথা গঠনমূলক সমালোচনা

     আশা কৰিছোঁ, 'জ্ঞানম'ৰ মহান যাত্ৰাৰ সকলোৱে সহযাত্ৰী হ'ব।

         

                 শ্ৰদ্ধাৰে,


কৃষ্ণা সোণোৱাল
তীৰ্থমণি ডেকা
সম্পাদকদ্বয়, 
ই-আলোচনী "জ্ঞানম"


Post a Comment

0 Comments