ছাত্ৰছাত্ৰীৰ মনত বৈজ্ঞানিক দৃষ্টিভঙ্গী সৃষ্টি কৰাত বিজ্ঞান শিক্ষাৰ প্ৰয়োজনীয়তা
উল্লিখিত বিষয়টিতে পূৰ্ব নিদ্ধাৰিত চিন্তা এটা, আগতীয়া সিদ্ধান্ত এটা নিহিত হৈ আছে৷ চিন্তাটো/সিদ্ধান্তটো হ'ল- বিজ্ঞান শিক্ষাৰ আনুষ্ঠানিক শিক্ষাৰ্থীসকল, সেই শিক্ষাৰ মাজেদি অহা লোকসকল, বৈজ্ঞানিক দৃষ্টিভংগী থকা লোক; আৰু এনে বৈজ্ঞানিক দৃষ্টিভংগী আহৰণৰ বাবেই বিজ্ঞান শিক্ষাৰ প্ৰয়োজনীয়তা আছে৷
'বিজ্ঞান শিক্ষা' বুলিলে
সাধাৰণতে আমি পদাৰ্থবিজ্ঞান, ৰসায়ন, গণিত আৰু জীৱবিজ্ঞানকে বুজি লওঁ; খুব বেছি-
ইয়াৰ চৌপাশে থকা পৰিৱেশবিজ্ঞান, ভূ-বিজ্ঞান আদি কিছুমান বিষয় বিজ্ঞান শিক্ষাৰ বহল
অংশৰ ভিতৰুৱা বুলি বুজি লওঁ৷
আমাৰ সকলোৰে দৈনন্দিন
জীৱনৰ অভিজ্ঞতা এই যে- 'বিজ্ঞান শিক্ষাৰে' শিক্ষিত এক বুজন সংখ্যক লোক
অন্ধবিশ্বাসত নিমগ্ন; তেওঁলোকে গ্ৰহ-ৰত্ন, তাবিজ, জৰা-ফুকাৰ ওপৰতে নিৰ্ভয় কৰি
জীৱনটো আগুৱাই নিয়ে, এনে লোকসকলৰ ভিতৰত মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিৰ শিক্ষক,
গৱেষক আদিও আছে, অভিযন্তা, ডাক্তৰ বা প্ৰশাসকো আছে৷
এনে কিয় হয়?
কাৰণ- তথাকথিত 'বিজ্ঞান শিক্ষা'ত বিজ্ঞানৰ কিছুমান তথ্য, সূত্ৰ, পৰীক্ষা আদি যান্ত্ৰিকভাৱে পৰীক্ষাত উত্তীৰ্ণ হ'বৰ বাবে শিকোৱা হয়, 'বিজ্ঞান এটা চিন্তাৰ প্ৰক্ৰিয়া' হিচাপে কেতিয়াও শিকোৱা নহয়৷ সৰহসংখ্যক মানুহ কিয় দুখীয়া, মানুহৰ জীৱনত দুখ কিয় আহে, বিপদ কেৱল মোৰ জীৱনলৈ কিয় আহে- মনলৈ অহা এনে অসংখ্য প্ৰশ্নৰ উত্তৰ আমি তথাকথিত শিক্ষিত লোকসকলে ধৰ্ম, ঈশ্বৰ, তাবিজ, জৰা-ফুকা আদিৰ মাজত বিচাৰি ফুৰোঁ৷ এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰিবলৈ এটা 'বৈজ্ঞানিক মন' আমাৰ তথাকথিত বিজ্ঞান শিক্ষাই নিদিয়ে, কাৰণ আমাৰ বিজ্ঞান শিক্ষাত 'বিজ্ঞানৰ পদ্ধতি' আৰু 'বিজ্ঞানৰ ইতিহাস' অন্তৰ্ভুক্ত নহয় ৷আনটো দিশত চকু ফুৰাওঁ আহক ৷যিসকল বিজ্ঞান শিক্ষাৰ লোক নহয়, তেওঁলোক কলা বা বাণিজ্যৰ লোক৷ কলা বিষয়টোক 'সমাজ বিজ্ঞান'ও বোলা হয়৷ ইংৰাজীত 'চছিয়েল চাইঞ্চ'ৰ উপৰিও 'হিউমেনিটিজ' শব্দটোও ব্যৱহাৰ হয়, ইয়াৰ অৰ্থ হৈছে- মানৱ সমাজ আৰু মানৱৰ কলা-সংস্কৃতিৰ অধ্যয়ন৷
শিৰোনামটো মন কৰক, ই যদি সত্য হয় তেনেহ'লে কলা আৰু বাণিজ্যৰ শিক্ষাৰ্থীসকলৰ বৈজ্ঞানিক দৃষ্টিভংগী গঢ় লৈ নুঠিবই৷ বাস্তৱত মন কৰিব- বহু কলা বিষয়ক লোকৰ দৃষ্টিভংগী বিজ্ঞানৰ লোকতকৈ বেছি বৈজ্ঞানিক৷অন্য এটা কথালৈ মন কৰিব- বুৰঞ্জী বা অৰ্থনীতি বিষয়টোত বৈজ্ঞানিক দৃষ্টিভংগী নাই নেকি? উল্লিখিত দুয়োটা বিষয় বৈজ্ঞানিক দৃষ্টিভংগী ব্যতিৰেকে একোটা পূৰ্ণাংগ বিষয়েই নহয়, সেয়েহে এনে বিষয়বোৰক 'সমাজ বিজ্ঞান' বোলে৷ বুৰঞ্জী বা ইতিহাস বৈজ্ঞানিক নিৰপেক্ষ মন নোহোৱাকৈ নিৰ্মাণ কৰিব নোৱাৰি, বুজিবও নোৱাৰি৷ যিসময়ৰ পৰা লিখিত তথ্য আছে, তাৰ ইতিহাস নিৰ্মাণ তুলনামূলক ভাৱে সহজ, পিছে তেনে ইতিহাস লিখোঁতেও ইতিহাসবিদৰ নিজৰ জাত্যাভিমান, নিজৰ সামাজিক-ৰাজনৈতিক অৱস্থানৰ বাবে পক্ষপাতদুষ্ট হৈ পৰে, সেইবোৰ বুজি বাজি ইতিহাস অধ্যয়ন কৰি প্ৰকৃত ইতিহাস বুজিবলৈ 'বৈজ্ঞানিক দৃষ্টিভংগী'ৰ প্ৰয়োজন, সেয়েহে এজন ইতিহাসবিদে কৈছে- 'ইতিহাস পঢ়াৰ আগতে ইতিহাসবিদজনক পঢ়ক/জানক, আৰু ইতিহাসবিদজনক জনাৰ আগতে, তেওঁৰ সামাজিক-ৰাজনৈতিক অৱস্থানটো জানক৷' অতীত অসমত, অতীত ভাৰতত বহু ভাললগা উপাদান আছিল, বহু বৈজ্ঞানিক সত্য আৱিষ্কৃত হৈছিল; কিন্তু আমি ইতিহাস লিখোঁতে যদি- অসমত/ভাৰতত কেৱল ভালেই আছিল, সকলো বিজ্ঞানৰ সত্য ভাৰততেই আৱিষ্কাৰ হৈছিল বুলি আগতীয়া-বিশ্বাসত দৃঢ় হৈ ইতিহাস লিখোঁ, তেনেহ'লে তাক বিশ্বৰ চিন্তাবিদসকলে গ্ৰহণ নকৰিব, ই ইতিহাস নিৰ্মাণো নহয়৷
আনহাতে লিখিত তথ্য নথকা যুগৰ ইতিহাস লিখোতে পৌৰাণিক নৃতাত্বিক আৰু সমাজতাত্বিক উপাদানসমূহৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, প্ৰক্ৰিয়াটো কষ্টসাধ্য, যুক্তিনিৰ্ভৰ আৰু বৈজ্ঞানিক৷ইতিহাস এটা উদাহৰণহে ; তেনেকৈ অৰ্থনীতি, নৃতত্ব আদি বিষয়ো তথ্য আৰু যুক্তিনিৰ্ভৰ৷ এই বিষয়বোৰ পদ্ধতিগত আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে লিখা একো একোটা অত্যাৱশ্যকীয় বিষয়৷
পদাৰ্থবিজ্ঞান, ৰসায়ন আদি
প্ৰাকৃতিক বিজ্ঞান এশ শতাংশ তথ্যনিৰ্ভৰ, যুক্তি আৰু পৰীক্ষানিৰ্ভৰ, বাৰে বাৰে কৰা
পৰীক্ষাৰ ফলত, ন ন তথ্যৰ আগমনৰ ফলত এই বিষয়সমূহ ক্ৰমে সংশোধিত আৰু বিকশিত হৈ থাকে;
প্ৰাকৃতিক বিজ্ঞানত ব্যক্তিৰ নিজৰ আৱেগৰ স্থান শূন্য, এনে বিজ্ঞান সম্পূৰ্ণ
বস্তুগত/অৱজেক্টিভ, ইয়াত বিষয়গত বা চাবজেক্টিভ উপাদানৰ স্থান নাই৷
আনহাতে 'সমাজবিজ্ঞান'
যুক্তিনিৰ্ভৰ আৰু অৱজেক্টিভ হ'বলৈ সদায় যত্নৱান কিন্তু ই চাৱজেক্টিভ উপাদানৰ পৰা
মুক্ত হোৱা কঠিন, কাৰণ ই সমাজ, ব্যক্তি, সংস্কৃতি বিষয়ক আলোচনা য'ত 'আৱেগ' এটা
এৰাব নোৱাৰা উপাদান৷
বহু সময়ত মন কৰা যায় যে 'বিজ্ঞানৰ লোকে' সমাজ বিজ্ঞান চৰ্চা কৰিলে উল্লেখনীয় সফলতা লাভ কৰে- কাৰণ তেওঁলোক 'বৈজ্ঞানিক পদ্ধতি'ত অভ্যস্ত হোৱাৰ বাবে, প্ৰশিক্ষিত হোৱা বাবে তেওঁলোক চাৱজেক্টিভ চিন্তাৰ পৰা বহুলাংশে মুক্ত হ'ব পাৰে৷
ইয়াত কেইটিমান বিষয়/শব্দ যেনে 'বিজ্ঞান', 'বৈজ্ঞানিক চিন্তা', 'অন্ধবিশ্বাস', 'বৈজ্ঞানিক পদ্ধতি'- এইবোৰৰ সংজ্ঞা, তাৰ বহল ব্যাখ্যা আদি দিয়া হোৱা নাই, পাঠকে বুজিব বুলি ধৰি লৈছোঁ, যদিও বুজা কথাটো প্ৰায়ে আসোঁৱাহযুক্ত, ঠাইৰ অভাৱতে আলোচনা কৰা নাই৷ এনে বিষয়ক ৰচনা অসমীয়া ভাষাত খুব কমকৈ আৰু ইংৰাজী আদি ভাষাত বহল পৰিসৰত পৰ্যাপ্তভাৱে আলোচনা হৈছে, নতুন ইচ্ছুক পাঠকে পঢ়ি ল'ব, আমিয়ো অন্য স্থানত সুবিধা অনুযায়ী আলোচনা কৰিম৷
শেষত কওঁ- বিজ্ঞান, কলা
আৰু বাণিজ্য যি বিষয়ৰে লোক নহওঁক কিয় সকলোৱে 'বৈজ্ঞানিক দৃষ্টিভংগী'ৰে প্ৰশিক্ষিত হোৱা
উচিত আৰু আমাৰ শিক্ষা ব্যৱস্থাত এনেকৈ গঢ় দিয়া উচিত য'ত 'বৈজ্ঞানিক দৃষ্টিভংগী'
অন্তৰ্নিহিত হৈ থাকে৷
লেখক:
তপন কুমাৰ শৰ্মা
অৱসৰপ্ৰাপ্ত অধ্যাপক
পদাৰ্থ বিজ্ঞান বিভাগ,উত্তৰ গুৱাহাটী মহাবিদ্যালয়
অলংকৰণ :- সুৰভি দাস
0 Comments