header ads

সফল ভাৱে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কৌশল | Assamese Article by Tarali Talukdar

 সফল ভাৱে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কৌশল

সফল ভাৱে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কৌশল


        আনুষ্ঠানিক শিক্ষাত শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ সাফল্যৰ বুজ লোৱাৰ বাবে পৰীক্ষা পদ্ধতি প্ৰয়োগ কৰা হয়। পৰীক্ষাৰ দ্বাৰা শিক্ষাৰ্থী সকলৰ বৌদ্ধিক কৃতকাৰ্যতাৰ জোখ ল'ব পাৰি ।পৰীক্ষাই শিক্ষক-শিক্ষাৰ্থীৰ  চিন্তাশক্তি বৃদ্ধি কৰে আৰু শিক্ষালাভৰ ক্ষেত্ৰত উদ্দীপনা যোগায়। বৰ্তমান যুগত আনুষ্ঠানিক শিক্ষা পদ্ধতিত পৰীক্ষাৰ ফলাফলে জীৱনৰ গতি সলনি কৰে।

    আনুষ্ঠানিক শিক্ষাত বহি: পৰীক্ষা আৰু আন্তঃ পৰীক্ষা পতা হয়। ই বিভিন্ন প্ৰকাৰৰ হব পাৰে। মৌখিক, লিখিত , ব্যৱহাৰিক আদি। সাধাৰণতে হাইস্কুল শিক্ষান্ত পৰীক্ষা তথা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাক( দশম আৰু দ্বাদশ) ছাত্ৰ জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষা হিচাপে লওঁ। সেয়েহে এই পৰীক্ষা সমুহৰ লগতে জীৱনৰ বিভিন্ন পৰীক্ষাত সফলতা লাভ কৰিবলৈ সৰুৰে পৰা বিশেষকৈ প্ৰাথমিক স্তৰৰে পৰা ছাত্ৰ-ছাত্ৰীক সাজু কৰি তুলিব লাগে।এই ক্ষেত্ৰত শিক্ষকৰ লগতে অভিভাৱক সকল সজাগ হ'ব লাগে আৰু কিছু কথাৰ প্ৰতি মনোযোগ দিব লাগে। যেনে-----


      ১)  হাতৰ আখৰ ষ্পষ্ট, শুদ্ধ আকাৰ বা গঢ়ৰ হব লাগে।

      ২)  শুদ্ধ বানান লিখাৰ অভ্যাসক সৰুৰে পৰা গঢ় দিব লাগে।

      ৩)  প্ৰাথমিক স্তৰতে যোগ , বিয়োগ, পূৰণ, হৰণৰ প্ৰাথমিক জ্ঞান সমুহ আয়ত্ত কৰাব লাগে।

      ৪) ভাষাজ্ঞান, শব্দভাণ্ডাৰ বৃদ্ধিৰ বাবে  বয়স অনুসৰি  গল্প, উপন্যাস, বাতৰি কাকত, বিভিন্ন লিখনি পঢ়াৰ অভ্যাস গঢ় দি তুলিব লাগে। ই লিখনিৰ কৌশল আয়ত্ত কৰাটো সহায় কৰে।

     ৫) তদুপৰি নিয়মীয়া অধ্যয়ন কৰাটো অতি জৰুৰী। ছাত্ৰ ছাত্ৰীয়ে পুৱা- গধূলি  নিয়মিতভাৱে ধ্যান কৰিব লাগে।নিয়মীয়া অধ্যয়নে কম সময়তে সুফল লাভ কৰাত  সহায় কৰে।


        জীৱনৰ কোনো গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আগতে শিক্ষাৰ্থী সকলে কিছু কথাৰ প্ৰতি মনোযোগ দিয়া উচিত। যেনে---

১/অধ্যৱসায়ৰ মাজেদি ধৈৰ্যশক্তি আয়ত্ব কৰাৰ মাজতে লুকাই থাকে সাফল্যৰ চাবি- কাঠি। জীৱনৰ যিকোনো পৰীক্ষাত সফলতা লাভ কৰিবলৈ হ'লে অধ্যৱসায়ৰ প্ৰয়োজন।

২/ আত্মবিশ্বাসে সফলতা লাভ কৰাত সহায় কৰে। বিভিন্ন কাৰণত পৰীক্ষাৰ সময়ত হ'ব পৰা ভয়ৰ পৰা ৰেহাই পাবৰ বাবে আত্মবিশ্বাস জগাই তোলা দৰকাৰী।

৩/ কিছুমান আলোচনী বা বাতৰি কাকতে প্ৰশ্নোত্তৰ লিখা কৌশল, বা সম্ভাব্য প্ৰশ্নাৱলীৰ ওপৰত অভিজ্ঞ শিক্ষকৰ আলোচনা আগবঢ়ায়। তেনে আলোচনী বা বাতৰি কাকত পঢ়াৰ অভ্যাস কৰিব লাগে।

৪/কমেও পাঁ‌চ-ছয় বছৰৰ একে syllbus ৰ পুৰনি প্ৰশ্ন- কাকত অনুশীলন কৰিব লাগে।

৫/সদায় স্বাভাৱিক অৱস্থাৰ মাজেৰে পৰীক্ষাৰ মুখামুখি হ'ব লাগে।

৬/ কোনো বিষয়কে কঠিন হিচাপে লব নালাগে। পৰীক্ষাক লৈ কেতিয়াও উদ্বেগৰ সন্মুখীন হ'ব নালাগে।

৭/ প্ৰয়োজনীয় সামগ্ৰী যেনে - পেন-পেঞ্চিল আদি পৰীক্ষাৰ আগ দিনাই সাজু কৰি ৰাখিব লাগে।

৮/  প্ৰশ্নোত্তৰ কৰা সময়ত প্ৰশ্নৰ ক্ৰমিক নং, এটা প্ৰশ্নৰ বিভিন্ন অংশ ( যেনে - প্ৰথম অংশ বা দ্বিতীয় অংশ ) ৰ উত্তৰ ষ্পষ্ট কৰি লিখিব লাগে।

 ৯/ পাঠ্যপুথিহে  পঢ়া উচিত। বহুত ছাত্ৰ-ছাত্ৰীয়ে কিছু সস্তীয়া Guide book বা সহজলভ্য  Note book ব্যৱহাৰ কৰা দেখা যায়। যিয়ে সঠিক জ্ঞান লাভত  বাধাৰ হে সৃষ্টি  কৰে।তেনে কিতাপ পঢ়া উচিত নহয়।

x) আন এক মন কৰিবলগীয়া কথা হল প্ৰশ্ন উত্তৰ সমুহ পৰিপাটিকৈ কৰাৰ লগতে অতি চমু উত্তৰ সমুহ পৰীক্ষকৰ চকুত পৰাকৈ একেলগে অৰ্থাৎ  ক্ৰম অনুসৰি লিখিব লাগে ।

      বৰ্তমানৰ বিজ্ঞান প্ৰযুক্তিৰ যুগত বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰাৰ লগতে নিজকে বাস্তৱৰ মুখামুখি হব পৰাকৈ প্ৰস্তুত কৰি তুলিব লাগে।তাৰ বাবে নিজকে নতুন নতুন জ্ঞানৰ লগত পৰিচিত কৰি ৰাখিব লাগে। পৰিৱৰ্তিত সমাজত নিজকে খাপ খুৱাই লব পৰাকৈ  ন-ন বিষয় সমুহ জনাৰ প্ৰতি আগ্ৰহী হ'ব লাগে।

 *****************************


তৰালী তালুকদাৰ

জালুকবাৰী। গুৱাহাটী-১৪

 




অলংকৰণ :- সংগীতা কাকতি





Post a Comment

0 Comments