header ads

মই এগৰাকী নাৰী | A poem by Kakali Talukdar

মই এগৰাকী নাৰী


মই এগৰাকী নাৰী  A poem by Kakali Talukdar


মই এগৰাকী নাৰী, এগৰাকী ছোৱালী, এগৰাকী মা ।

কিন্তু কিয় মই এই বিশাল সমাজৰ হাতৰ পুতলা হওঁ ?

যেনেকৈ সমাজে বিচাৰে তেনেকৈয়ে মই কথা কওঁ,

যেনেকৈ সমাজে বিচাৰে তেনেকৈয়ে মই ভাবোঁ ,

যেনেকৈ সমাজে বিচাৰে তেনেকৈয়ে জীয়াই থাকোঁ..

খোৱা-লোৱা, পিন্ধন-উৰণতো যেন সমাজৰেই নিয়ম !! 

কত দুখ - কষ্টৰ বলি হওঁ মই.. 

সমাজত প্ৰচলিত অন্ধবিশ্বাস, কু-সংস্কাৰৰ বলি হওঁ মই।

তথাপিও এই সমাজখনেই মোৰ আপোন, মোৰ জীৱন, মোৰ ঘৰ।

 

মোৰো আছে অধিকাৰ সমাজ গঢ়াৰ

আছে মোৰো সপোন বাস্তৱ কৰাৰ।

আগুৱাই যাম কনকলতা হৈ

যাম আগুৱাই জয়মতী হৈ

সকলোতে বোৱাম সাহসৰ নৈ।

 

নকৰিবা ভাই ... 

ভেদাভেদ কেতিয়াও নৰ-নাৰীৰ মাজত

সকলোৱে মিলি থাকা একতাৰ বলত।

মই আছোঁ, মোৰ লগতে আৰু আছে... 

আহাঁ, আমি সকলোৱে নাৰীসমাজ শক্তিশালী কৰোঁ।

 ************************


কাকলি তালুকদাৰ

দশম শ্ৰেণী

কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়

কমলপুৰ শিক্ষাখণ্ড।



অলংকৰণ :- তন্দ্রা দে



Post a Comment

1 Comments