header ads

নাৰী | A poem by Puspanjali

নাৰী

নাৰী  A poem by Puspanjali

তুমি সৃষ্টিকৰ্তাৰ অনুপম সৃষ্টি
বৰষিলা ধৰাত মৰমৰ বৃষ্টি;

তোমাতেই বিলিন হয় ধৈৰ্য্যৰ সাগৰ
তুমিয়েই হ'লা লখিমী প্ৰতিখন ঘৰৰ।

দহ মাহ দহ দিন ধৰি তোমাৰ গৰ্ভতে জনম লভিলোঁ
তোমাৰ মমতাতে আজি জ্যোতিস্মান হলোঁ;

তুমিয়েই স্ৰোতস্বিনী নৈ দৰে--
তুমি কৰুণাময়ী বসুমতী আইৰ দৰে--

তুমি আই মাতৃ জগত জননী
তুমি ,জী,ভগ্নী, বোৱাৰী,  শাহু,  সহধৰ্মিণী;

যুগে যুগে নানা ৰূপ ,নানা নামেৰে বিভূষিত তুমি
নানা উপাধি, নানা অলংকাৰেৰে অলংকৃত তুমি।

বহু বিপদ,বহু দুখ নেওচি হাঁহি মুখে কৰিলা জীপাল
তোমাৰ হৃদয়  আকাশৰ দৰে বিশাল;

তুমি শক্তি ৰূপিনী দেৱীৰ ৰূপত কালি ,দুৰ্গা,পাৰ্বতী
তুমিয়েই সাহসী বীৰাংগণা লক্ষ্মীবাই,জয়মতী।

তুমি পতিব্ৰতা, তুমি পবিত্ৰতা
তোমাৰ সৃষ্টিতেই ধৰণী ধুনীয়া;

সেই নাৰীক নকৰিবা অসন্মান
কৰা সকলোৱে মান-

সেই নাৰী  তোমাৰ নামত এদিন
জনালোঁ তোমাক সহস্ৰ  শুভেচ্ছা ও প্ৰণাম।

 -------------+++------------


পুষ্পাঞ্জলি পাংগিং গাম
গুৱাহাটী, বৰঝাৰ।

 



অলংকৰণ :-  পল্লবী পাঠক


Post a Comment

0 Comments