header ads

বৰষুণ | A Poem by Shymantika Kakati

বৰষুণ
বৰষুণ  A Poem by Shymantika Kakati
 

টিপ টিপ টিপ টিপ

       বৰষুণ পৰে ,

আকাশৰ পানীবোৰ

       তললৈ সৰে ।

নৈ-জান , খাল-বিল

       ভৰি ভৰি যায়,

কণ কণ ভেকুলীয়ে

       মূৰ তুলি চায়। 

কাগজৰ নাওঁ সাজি

       ৰুবুল বোপাই, 

চোতালৰ পানীতেই

       দিয়েহি উটুৱাই। 

গছৰ পাতত পৰে

       ঝৰ ঝৰ কৈ ,

টোপা টোপে বননিত 

       পানী পৰে বই। 

 

 +++++++++++++++

 


শ্যামন্তিকা কাকতি

শ্ৰেণী- ৪ৰ্থ

৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয়

শিক্ষাখণ্ড- কমলপুৰ

 

অলংকৰণ :-  সুৰভি দাস

Post a Comment

0 Comments