header ads

সম্পাদকীয়

 সম্পাদকীয় ........

সম্পাদকীয় | Editorial - 4th Edition Gyanam

       চাওঁতে চাওঁতে আমাৰ মানসপুত্র 'জ্ঞানম' আঠমহীয়া শিশুলৈ পৰিণত হ'ল । পৃথিৱীৰ অসুখৰ মাজতো ভূমিষ্ঠ হোৱাৰ যন্ত্ৰণা অতিক্ৰম কৰি 'জ্ঞানম' এই অৱস্থা পোৱাটো আমাৰ কাৰণে এক কঠিন প্ৰত্যাহ্বান আছিল । আমাৰ পৰিয়ালৰ সামৰ্থ অনুযায়ী কিমান পুষ্টি যোগাব পাৰিছোঁ সেয়া বিচাৰ হ'ব 'জ্ঞানম'ৰ মাত থুনুক-থানাকৰপৰা কিমান সুস্পষ্ট হয় তাৰ ওপৰত । আৰু বিচাৰ হ'ব শিশু 'জ্ঞানমে' খোজকাঢ়ে নে দৌৰিবলৈ লয় নে আঠুকাঢ়ি চুঁচৰি যায় তাৰ ওপৰত । ইয়াৰ উপৰিও আমাৰ সকলোৰে দায়িত্ব শিশু 'জ্ঞানম'ক লালন-পালন কৰি পৈণত অৱস্থাত উপনীত কৰোৱা ।

         'জ্ঞানম'ৰ শুভাকাংক্ষীসকললৈ এটা মাত্র অনুৰোধ , আনৰ সৈতে তুলনা কৰি নাইবা অপ্ৰয়োজনীয় সমালোচনা কৰি চালুকীয়া অৱস্থাতে 'জ্ঞানম'ক যাতে পংগু কৰি নেপেলায়। আমি সকলোৱে এটা অত্যন্ত কঠিন বৰ্ষ অতিক্ৰম কৰিলোঁ। বিগত সময়ছোৱাত আমি সন্মুখীন হোৱা অসুবিধা তথা সমস্যা সমাধানৰ কাৰণে আগন্তুক দিনবোৰত সকলোৱে সজাগ তথা প্ৰস্তুত হৈ থাকিব লাগিব বিজ্ঞানমনষ্কতা আৰু বিজ্ঞানৰ জয়গান গালেই নহ'ব ; আমি বিজ্ঞানসন্মতভাৱে জীৱন-নিৰ্বাহ কৰিবও শিকিব লাগিব । 

        নিজে বিজ্ঞানসন্মতভাৱে চলাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞানসন্মতভাৱে যিকোনো সমস্যাৰ সমাধান কৰিবলৈ সক্ষম কৰি তুলিব লাগিব । আমি সকলোৱে নিজকে এনেদৰে প্ৰস্তুত কৰি ৰাখিম যাতে ভৱিষ্যতে আমাৰ ছাত্র-ছাত্ৰীসকলৰ শিক্ষাগ্ৰহণ এদিনো ক্ষতি নহয় ।

       শেষত, সমূহ লেখক-লেখিকা , শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা 'জ্ঞানম'ৰ সমূহ শুভাকাংক্ষীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ সদিচ্ছাৰ বাবে । আপোনালোকৰ সহায়-সহযোগিতা তথা গঠনমূলক সমালোচনা আমাৰ সদায় কাম্য । 

 

      শ্ৰদ্ধাৰে,

কৃষ্ণা সোণোৱাল
তীৰ্থমণি ডেকা
সম্পাদকদ্বয়, 
ই-আলোচনী 'জ্ঞানম'






Post a Comment

0 Comments