header ads

ৰাজস্থানৰ লিডাৰশ্বিপ প্ৰশিক্ষণ কেন্দ্ৰৰ কিছু মিঠা অভিজ্ঞতা | Travelogue by Dr Ramen Kr Bayan

ৰাজস্থানৰ লিডাৰশ্বিপ প্ৰশিক্ষণ কেন্দ্ৰৰ কিছু মিঠা অভিজ্ঞতা


        ২০১৯ ইং চনৰ মাৰ্চ মাহৰ ১৪ তাৰিখত হঠাৎ আমালৈ RMSA ৰ পৰা এটা Mail আহিছিল। য'ত উল্লেখ আছিল আমি ৪০ জন প্ৰশিক্ষাৰ্থীয়ে ৰাজস্হানৰ বাগৰত থকা Piramal Leadership Training Centre ত সপ্তাহজোৰা Leadership Training কৰিব লাগে। চৰকাৰৰ ফালৰপৰা বিমানেৰে অহা-যোৱাৰ টিকট প্ৰদান কৰিছে। প্ৰধান শিক্ষক আৰু কিছু সংখ্যক সহকাৰী শিক্ষকৰ নাম তেওঁলোকে ইতিমধ্যে নিৰ্বাচন কৰি পঠাই দিছিল। ব্যক্তিগতভাৱে প্ৰশিক্ষণ বুলি ক'লে মই বহুত ভাল পাওঁ। জীৱনৰ আধাতকৈ বেছি সময় শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়বোৰত( ব্যক্তিগত খণ্ডৰ) সময় পাৰ কৰিছিলোঁ এই চাকৰিটো কৰিবলৈ অহাৰ আগতে। গতিকে মই নিৰ্বাচিত তালিকাত থকা অসমৰ বিভিন্ন প্ৰান্তৰ অন্য প্ৰধানসকলৰ লগত কথা-বতৰা পাতি প্ৰশিক্ষণ লৈ যোৱাৰ বাবে এটা mindset তৈয়াৰ কৰি ললোঁ। যিহেতু আমাৰ বিমান ৰাতিপুৱা আছিল ঘৰৰ পৰা গৈ ধৰিবলৈ অসুবিধা হ'ব বুলি আগদিনাই গৈ বিমানবন্দৰৰ ওচৰতে থকা 'ৰাইনো' হোটেলত আমি প্ৰশিক্ষাৰ্থীসকলে বাহৰ পাতি আছিলোঁ। আমি নিজৰ মাজত আলোচনা কৰিছিলোঁ চৰকাৰে বৰ ভাল কাম এটা কৰিলে। আমাক বিশেষকৈ স্কুলৰ প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকক বাহিৰত প্ৰশিক্ষণৰ সুযোগ দিয়াৰ বাবে। জীৱনৰ ব্যস্ততাৰ পৰা অলপ ওলাই গৈ আমি যেন পৰম আনন্দ লাভ কৰিছিলোঁ। আমি বেছি ৰাতিলৈ আড্ডা নিদি প্ৰত্যেকে সোনকালে শুই পৰিছিলোঁ। ৰাতিটো তাত থাকি পিছদিনা পুৱা ৪.৩০ মান বজাত বিমান বন্দৰলৈ ওলালোঁ। পুৱা ৮ বজাত 'ইণ্ডিগো' বিমানযোগে দিল্লীলৈ উৰা মাৰিছিলোঁ। আমাৰ লগত যাব লগা ৩ জন অংশগ্ৰহণকাৰী সময়মতে আমাৰ বিমানত উঠিব নোৱাৰিলে। যা হওঁক ৰাতিপুৱা ১১.৩০ বজাত দিল্লী বিমানবন্দৰত আটাইবোৰ নামিলোঁ। তাৰ পৰা আমাৰ নতুন যাত্ৰা আৰম্ভ হল ৰাজস্হানৰ 'ঝুনঝুন' জিলাত থকা 'পিৰামল ফাউণ্ডেশ্বন'লৈ বুলি। ইতিমধ্যে আমাৰ বাবে তাত বাছ সাজু কৰা আছিল। সময় নষ্ট নকৰি আমাৰ যাত্ৰা আগবঢ়াই লৈ গৈছিলোঁ। ৰাজস্হানৰ সেই 'পিৰামল ফাউণ্ডেশ্বন'লৈ হাৰিয়ানাৰ মাজেৰে আমাৰ যাত্ৰা আৰম্ভ হল। প্ৰায় ৬ ঘণ্টাৰ যাত্ৰা পথত ৰাস্তাৰ দুয়োপাৰে চকুৰে মণিব নোৱাৰালৈ বিয়পি থকা বিস্তীৰ্ণ খেতিপথাৰ দেখি অভিভূত হৈছিলোঁ। খেতিপথাৰবোৰত মানুহ একেবাৰে কম। খেতি চপোৱাৰ সময়তো মানুহ খেতিপথাৰত নেদেখি অৱশ্যে কিছু আচৰিত হৈছিলোঁ। যদিও অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি সকলোৱে প্ৰতিনিধিত্ব কৰিছিলোঁ, তথাপিও আমাৰ মাজত ইতিমধ্যে গঢ়ি উঠিছিল আত্মীয়তা। গতিকে কিছু সময় বাছেৰে যাত্ৰা কৰাৰ পিছতে এটাৰ পিছত এটাকৈ প্ৰস্তাৱ আহিব ধৰিলে- ভাত খাব লাগে, চাহ খাব লাগে আৰু অন্যান্য। এই সময়খিনিতে বিপুল চক্ৰৱৰ্তী ছাৰে যাক মই আগৰ পৰাই চিনি পাইছিলোঁ ,তেওঁ সেই বিষয়ত দায়িত্ব লৈ তেওঁ যে এজন ভাল লিডাৰৰ গুণেৰে পৰিপুষ্ট ব্যক্তি সেইটো প্ৰমাণ কৰি আমাক সকলোকে আশ্বস্ত কৰি এখন ৰেষ্টুৰেণ্টত দুপৰীয়াৰ সাজ বৰ আমেজেৰে খুৱাইছিল। এই ক্ষেত্ৰত তীৰ্থমণি ডেকাই যথেষ্ট পৰিমাণে সহায় কৰিছিল। ৰাজস্হানৰ 'পিৰামল ফাউণ্ডেশ্বন' পাওঁতে প্ৰায় সন্ধিয়া হ'ল। 'পিৰামল ফাউণ্ডেশ্বন'ৰ কেম্পাছ পাই ভাল লাগিছিল। বৃহৎ অঞ্চল জুৰি এই 'পিৰামল ফাউণ্ডেশ্বন' অৱস্থিত। কেম্পাছত আমাক সুৰভি অৰোৰাই সুন্দৰভাৱে সকলোবোৰ কথা বুজাই ক'লে। আবেলিৰ চাহ-পানী খাই নিজৰ নিজৰ কোঠাবোৰত আমি প্ৰবেশ কৰিলোঁ। 'পিৰামল ফাউণ্ডেশ্বন' কেম্পাছটো ইমান সেউজীয়া পৰিবেশেৰ আবৃত যে মৰুভূমিৰ ৰাজ্য ৰাজস্হানতো যে ইমান সেউজীয়া পৰিবেশ থাকিব পাৰে তাক দেখি আমি সকলোৱে আচৰিত নহৈ নোৱাৰিলোঁ। কেম্পাছৰ বিভিন্ন প্ৰজাতিৰ গছ-লতা, ফুলবোৰে জকমকাই যেন আমাক স্বাগতমহে জনাইছে, এনে ভাৱ মনলৈ আহিছিল। সেইবোৰ চাই-মেলি ৰাতিৰ সাজ গ্ৰহণ কৰি কোঠালৈ আহি আমি সকলোৱে টোপনি মাৰিলোঁ। ৰাতিপুৱাই প্ৰশিক্ষণ কাৰ্য্যসূচী আৰম্ভ হ'ব। ৰাতি ভালদৰে টোপনি হোৱা হেতু পুৱা সোনকালে সাৰ পাই কেম্পাছটো পৰিভ্ৰমণ কৰিবলৈ ডঃ গণেশ্বৰ চহৰীয়া ছাৰৰ লগত ওলাই গৈছিলোঁ। ওলাই গৈ দেখো প্ৰায় সংখ্যক প্ৰশিক্ষাৰ্থীয়ে ইতিমধ্যে প্ৰাত:ভ্ৰমণ সমাপ্ত কৰি ওভতি আহিব ধৰিছে। ৰাতিপুৱাই প্ৰথমে গৈ গছৰ ওপৰত থকা ময়ূৰ দেখি আমি আপ্লুত হওঁ। কেম্পাছৰ সেউজীয়া পৰিবেশে আমাৰ মন প্ৰাণ হৰি লৈ গ'ল। যিহেতুকে ৮.৩০ বজাৰ পৰা আমাৰ প্ৰশিক্ষণ আৰম্ভ কৰিব বুলি আগদিনা ৰাতিয়েই সম্পূৰ্ণ কাৰ্য্যসূচী দিছিল সেয়ে আমি সোনকালে কোঠালৈ উভতি আহি দিনটোৰ কাৰ্য্যসূচীৰ বাবে নিজক তৈয়াৰ কৰি ললোঁ। সকলোবোৰ ব্যৱস্থা সুন্দৰকৈ কৰি থোৱা আছিল। Self Service হোৱা বাবে আমাৰ বৰ ভাল লাগিছিল। খোৱা-লোৱা, বাচনধোৱা এই সকলোবোৰ কাম নিজে নিজে কৰিব লাগে। ১৮ মাৰ্চত ৰাতিপুৱা ৯ বজাত কৰ্মশালা আৰম্ভ হ'ল। তাৰ পূৰ্বে প্ৰাত:সভাত 'বালগীত'ৰে সুন্দৰ আৰম্ভণি। সকলোৱে প্ৰাৰ্থনা সভাত ‌ভাগ লোৱাৰ পাছত দুটা ভাগত(A আৰু B) আমাক ভগাই কৰ্মশালাৰ কাৰ্য্যসূচী আৰম্ভ কৰিলে। দেখিলোঁ কালি আমাক আদৰণি জনোৱা সুৰভি অৰোৰাই কৰ্মশালাটোৰ Leading Person অৰ্থাৎ Programmer Head আৰু তেখেত অসমৰ কাহিলাপাৰাৰ পৰাই গৈছে।

যথাসময়ত আমাৰ কাৰ্যসূচী আৰম্ভ হ'ল। প্ৰথম দিনাৰ আলোচ্য বিষয় হ'ল School Leader Development Programme, Development Leadership, Importing Leadership, Developing Technique, Way Of Working (WOW), Behaviour Mindset, Emotions ৰ ওপৰত আলোচনা।

ইয়াত Training কৰি আমি সকলোৱে এটা বিশেষ অভিজ্ঞতা লাভ কৰিলোঁ সেইটো হ'ল Session বোৰত সকলোকে অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰা আৰু ১০০% জড়িত কৰাৰ ব্যৱস্থা কৰা। সচৰাচৰ সমল ব্যক্তিয়ে কৈ যায় প্ৰশিক্ষাৰ্থীসকলে শুনি যায়। কিন্তু ইয়াত সম্পূৰ্ণ বিপৰীতমুখী ছবি এখন দেখিবলৈ পোৱা গ'ল। ইয়াত সকলোৱে যেন এজন সমল ব্যক্তি। এইটোৱেই আছিল ইয়াৰ ভাল লগা দিশ। ১৯ মাৰ্চৰ পৰা ২১ মাৰ্চলৈ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হৈছিল। Mindset, Bala, 21 st Century life challenge, future of next generation, Intelligence Artificial এই বিষয়বোৰে আমাৰ সকলোৰে বৌদ্ধিক দিশটোৰ যথেষ্ট উৎকৰ্ষ সাধন কৰিছিল। ইয়াৰ মাজতে গান, নাচ আৰু চিনেমা দৰ্শন এই প্ৰশিক্ষণৰ সৱল দিশ আছিল। এটা কথা উল্লেখ নকৰিলে আধৰুৱা যেন লাগিব সেইটো হ'ল 'Online design question answer for every teacher', ৰাজস্হানৰ Online Centre এটাত কৰ্মৰত মহিলাসকল, যিবোৰ বহুত needy পৰিয়ালৰ সদস্য ,তেওঁলোকে Curriculum ৰ লগত সংগতি ৰাখি design কৰি থৈছিল; যিটো ক্ষেত্ৰত ৰাজস্থান ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম ৰাজ্য। এটা Toll free number দিছিল যাৰ দ্বাৰা ফোন কৰিলে ছাত্র-ছাত্ৰী সকলে শিক্ষকৰ পৰা উত্তৰসমূহ লাভ কৰে। ২১ মাৰ্চত সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে কেম্পাছৰ ভিতৰত ১২ বজাৰ পিছত ফাকুৱা খেলি যথেষ্ট পৰিমাণে আনন্দ লাভ কৰিছিলোঁ। ফাকুৱাৰ সময়ত ৰাজস্থানৰ নিচিনা ৰাজ্যত থাকিবলৈ পাই ভাল লাগিছিল।

২২ মাৰ্চৰ দিনা আমি দিনযোৰা কাৰ্য্যসূচীৰে 'Pink City'জয়পুৰ পৰিভ্ৰমণ কৰিছিলোঁ। বহুত আনন্দিত হৈছিলোঁ ৰাজস্থানী শিল্পকলা , ৰাজমহলৰ কাৰুকায্য দেখি।

২৩ মাৰ্চৰ দিনা ৰাতিপুৱা ৫ বজাত হাৰিয়ানাহৈ দিল্লী বিমানবন্দৰলৈ আহিছিলোঁ। দিল্লী বিমানবন্দৰৰ পৰা পোনে পোনে বিমানেৰে গুৱাহাটীত উপস্থিত হৈছিলোঁ। সকলোৱে হাঁহি-স্ফূৰ্তিৰে ইজনে সিজনৰ ঠিকনা, মোবাইল নম্বৰ আদান প্ৰদান কৰি ঘৰলৈ উভতিছিলোঁ। এক মিঠা আমেজ, এক সতেজ অভিজ্ঞতা, সঁচাকৈ এক অনন্য অভিজ্ঞতা।

জয়তু পিৰামল লিডাৰশ্বিপ ট্ৰেইনিং চেণ্টাৰ। জয়তু শিক্ষা বিভাগ, অসম চৰকাৰ।

-------------------------^^^-------------------------


ডঃ ৰমেন কুমাৰ বায়ন

অধ্যক্ষ

আদৰ্শ বিদ্যালয়, দোকুছি।

 



Post a Comment

0 Comments