header ads

ধূম্ৰপানৰ বদভ্যাস আঁতৰোৱাত যোগাসনৰ চমকপ্রদ ভূমিকা | Assamese article by Jyotish Kalita

ধূম্ৰপানৰ বদভ্যাস আঁতৰোৱাত যোগাসনৰ চমকপ্রদ ভূমিকা



         "ধূমপান নিষেধ" বাছত বা চিটিবাছত লিখা থাকে। মদ নাখাবা, মদ খালে কেঞ্চাৰ ৰোগ হৈ মৃত্যু হয়-- এনেকুৱা কথা প্ৰায়ে শুনা যায়। চিগাৰেটৰ পেকেটত সৰু সৰুকৈ লিখা থাকে "Smoking is injurious to health" অৰ্থাৎ চিগাৰেট খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। চিগাৰেটৰ দৰে জৰ্দা, চাধা, গুটকা আদিও স্বাস্থ্যৰ কাৰণে সমানে ক্ষতিকাৰক হয়। এইবোৰ কথা জনাৰ পিছতো মানুহে ইয়াক বৰ্জন কৰিব নোৱাৰাটো আচৰিত। শিক্ষিত বা অশিক্ষিত যিয়েই নহওঁক অথবা ছাত্ৰসকলৰ মাজত এনে ধৰণৰ দ্ৰব্য সেৱনৰ প্ৰৱণতা অধিক হাৰত বৃদ্ধি হোৱাটো অতি বিপদজনক আৰু পৰিতাপৰ বিষয় হৈ পৰিছে।

              সাধাৰণতে "ড্ৰাগ" শব্দটোৰ অৰ্থ হৈছে ঔষধ। বিভিন্ন বেমাৰৰ চিকিৎসাৰ বাবে ড্ৰাগছৰ প্ৰয়োজনীয়তাক কোনেও নুই কৰিব নোৱাৰে। কিন্তু ড্ৰাগছৰ প্ৰতি আসক্তি বা ড্ৰাগছ নিৰ্ভৰশীলতা (Drug addiction or Drug dependency) সমাজৰ বাবে ব্যধিস্বৰূপ হৈ পৰিছে। কিছুমান লোকে ড্ৰাগছ গ্ৰহণ কৰি অভ্যস্ত হৈ ক্ৰমে ড্ৰাগছৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে, মানসিক ভাৰসাম্য হেৰুৱাই পেলাই আৰু বিভিন্ন সামাজিক অপৰাধত লিপ্ত হৈ পৰা দেখা যায়। ড্ৰাগছ সেৱনৰ ফলত প্ৰত্যক্ষ বা পৰোক্ষভাৱে বিশ্বত বছৰি প্ৰায় সাত লাখৰো অধিক মানুহৰ মৃত্যু হয় বুলি এটা সমীক্ষাত প্ৰকাশ হৈছে। ড্ৰাগছৰ কবলত পৰি কিমান ব্যক্তিৰ অকাল মৃত্যু হৈছে, ক'ত মাতৃ পুত্ৰহাৰা, ক'ত নাৰী অকালতে বিধবা, ক'ত ল'ৰা-ছোৱালীয়ে পিতৃহাৰা হৈছে অথবা কিমান গৃহস্থি সৰ্বস্ৰান্ত হৈছে তাৰ আদি অন্ত নাই। চোৰ, ডকাইত, মাৰ-পিট, নাৰী নিৰ্যাতন আদি ঘটনাৰ লগত জড়িত ব্যক্তিৰ বেছিভাগেই আগতে মদ বা ড্ৰাগছ খাই লয় বুলি প্ৰমাণিত হৈছে। চিকিৎসক সকলৰ মতে ড্ৰাগছ বা মদ্যাসক্তসকলৰ ভিতৰত হৃদৰোগ, কেঞ্চাৰ হোৱাৰ উপৰিও যকৃত নষ্ট হোৱাৰ সম্ভাৱনা অধিক বুলি কয়। 

             মদ, ধপাত, ড্ৰাগছ আদি ধুমপান ইমান ক্ষতিকাৰক বুলি জনাৰ পিছতো ইয়াক ত্যাগ কৰিব নোৱাৰাটো আটাইতকৈ চিন্তনীয় বিষয় হৈ পৰিছে। ইয়াক নিৰ্মূল কৰিবলৈ ক্ষতিকাৰক দ্ৰব্য ড্ৰাগছ, মদ আদিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত প্ৰৱল জনমত গঢ়ি তুলিবলৈ আমি সকলোৱে মিলি চেষ্টা কৰিব লাগিব। চৰকাৰ তথা আৱকাৰী বিভাগৰ দ্বাৰা অবৈধ চুলাই ভাটি, ড্ৰাগছ সৰবৰাহ আদি বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগিব। সামাজিক দায়িত্বশীল বেচৰকাৰী সংস্হানসমূহৰ দ্বাৰা বিশিষ্ট মনোচিকিৎসকৰ সহায়ত সজাগতা সভাৰ আয়োজন কৰি জনসাধাৰণক সজাগ আৰু সাৱধান কৰোৱাৰ প্ৰয়োজন। ইয়াৰ উপৰিও সুৰামুক্ত অথবা ড্ৰাগছ সেৱন কৰা পৰিয়ালৰ সক্ৰিয় সহযোগিতা অতিকৈ আৱশ্যকীয়। প্ৰতিকাৰৰ ক্ষেত্ৰত আটাইতকৈ প্ৰয়োজনীয় কথা হ'ল মৰম আৰু সহানুভূতি। আসক্ত লোকজনক কোনো কাৰণে অকলশৰীয়া অনুভৱ কৰিবলৈ নিদিয়াকৈ সহজ কৰি তুলিব লাগে। এই কাৰ্যত পৰিয়াল, সমাজ, বন্ধু-বান্ধৱী সকলোৰে দায়িত্ব অপৰিসীম।

               যোগ এক সুন্দৰ প্ৰশান্তি। ভাৰতীয় সভ্যতা, সংস্কৃতি, স্বাভিমানৰ লগত যোগৰ এক অংগাংগী সম্পৰ্ক। যোগাসনে আমাক সম্পূৰ্ণৰূপে দান কৰে জীৱনৰ অৰ্থ। শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ সবল কৰি ৰখাত যোগাসনৰ বাহিৰে অন্য প্ৰক্ৰিয়া মানৱ জাতিৰ কাৰণে সুবিধাজনক বুলি আমাৰ মনে নধৰে। যোগ মানৱ জাতি এই পৃথিৱীত থকালৈকে প্ৰাসংগিক হৈ থাকিব। আজি পৃথিৱীৰ বিভিন্ন দেশৰ বিভিন্ন ধৰ্মৰ মানুহে জাতি, ধৰ্ম নিৰ্বিশেষে যোগৰ মহত্ত্ব তথা গুৰুত্ব অনুধাৱন কৰি যোগ আৰু যোগাসনক  দৈনন্দিন জীৱনত সূচীৰূপে অন্তৰ্ভুক্ত কৰি লৈছে। কিন্তু দুখৰ বিষয় এয়ে যে আমাৰ অসমৰ লগতে সমগ্র ভাৰতৰ সৰ্বসাধাৰণ মানুহৰ মাজত যেন যোগ আৰু যোগাসনৰ প্ৰতি আসক্তি যথেষ্ট কম। ব্যস্ততাৰ মাজতো মানুহে অত্যাধুনিক ব্যায়ামগাৰত গৈ নিজৰ শৰীৰৰ ওজন কমোৱাৰ কাৰণে যথেষ্ট খৰছ কৰে অথচ বিশেষ খৰছ নোহোৱাকৈ স্বাস্থ্য আৰু মনস্তাত্বিক সুস্হতা অটুট ৰাখিব পৰা যোগ আৰু যোগাসনৰ প্ৰতি মানুহবোৰ উদাসীন। ভাৰতৰ বৰ্তমান জনসংখ্যা বৃদ্ধি এক জলন্ত সমস্যা। জনসংখ্যা বৃদ্ধিৰ কাৰণে দৰিদ্ৰতা আমাৰ দেশৰ প্ৰধান শত্ৰুত পৰিণত হৈছে। গতিকে আমি কম মূল্যত জীৱন যাপন কৰিবলৈ বাধ্য হৈ পৰিছোঁ। আৰ্থিকৰ  বিশেষ চিন্তা নকৰাকৈ আমি যোগৰ সহায়ত আমাৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰিব পাৰোঁ। গতিকে আমাৰ সচেতন নাগৰিক সকলে নিজকে যোগ আৰু যোগাসনৰ লগত জড়িত থকাৰ লগতে আনকো এই ক্ষেত্ৰত উদ্ভূত কৰা উচিত।

                আমি বিদ্যালয় পৰ্যায়ৰ পৰাই ছাত্ৰ-ছাত্ৰী সকলক যোগ অভ্যাস গঢ়ি তোলাৰ বাবে চেষ্টা কৰিব লাগে। যোগাসন এক অনুশীলন যি অতি কম খৰচী। কম সময়তে আয়ত্ব কৰিব পৰা তথা যিকোনো পৰিবেশত চৰ্চা কৰিবলৈ সহজ। এইটো স্বীকাৰ্য্য যে মাদক দ্ৰব্য সেৱন কৰা লোকক যোগাভ্যাসৰ মাজলৈ টানি লৈ অহা যথেষ্ট কঠিন। সেয়েহে আমি কৈশোৰৰ সময়খিনিত লৰা-ছোৱালী সকলক যোগাভ্যাসৰ জড়িয়তে শাৰীৰিক সুস্হতা বজাই ৰখাৰ লগতে মাদক দ্ৰব্যৰ কু-প্ৰভাৱৰ পৰা আঁতৰাই ৰাখিব পাৰি। আসন অভ্যাস তথা প্ৰাণায়ামে মানসিক স্হিৰতা বজাই ৰখাৰ লগতে বদ আসক্তি কমাই ৰাখে। 

                                            -------------------///-------------------



যোগাচাৰ্য জ্যোতিষ কলিতা

যোগ চিকিৎসক

স্বস্তি হস্পিতেল, ৰঙিয়া।

 





অলংকৰণ :- সুকন্যা ভৰদ্বাজ


Post a Comment

0 Comments