header ads

শিশু শ্ৰমিকৰ ত্ৰাণকৰ্তা নোবেল বঁটা প্ৰাপক কৈলাশ সত্যাৰ্থী | Assamese article by Pradip Kalita

 শিশু শ্ৰমিকৰ ত্ৰাণকৰ্তা নোবেল বঁটা প্ৰাপক কৈলাশ সত্যাৰ্থী 



        আজিৰ শিশু, কাইলৈৰ দেশৰ নাগৰিক । এই ফুলকুমলীয়া শিশুসকল আমাৰেই সন্তান । শিশুৰ অন্তৰ পৱিত্ৰ,নিৰ্মল পানীসদৃশ । এই শিশুসকলে যিটো সময়ত হাঁহি-মাতি , ৰং-ধেমালিৰ মাজেৰে জীৱনটো পাৰ কৰিব লাগিছিল, সেই সময়ছোৱাত একাংশ শিশুৱে জীৱনৰ সোণোৱালী দিনৰ অমূল্য শিশু কালছোৱা নিজৰ জীৱন সংগ্ৰামত অৱতীৰ্ণ হৈ ব্যক্তি জীৱনলৈ যিদৰে অন্ধকাৰ নমাই আনিব লগা হৈছে, সেয়া আমাৰ দেশৰ বাবে দুৰ্ভাগ্যজনক আৰু নিৰাশাজনক। এই দুৰ্ভগী‌য়া শিশুসকলে হোটেল,ৰেষ্টুৰেণ্ট, চিটি বাছ,কল-কাৰখানা ,মালবস্তু পৰিবহন কৰা , গৃহ সহকাৰী,ঘৰ নিৰ্মাণ আদি বিভিন্ন কামত নিয়োজিত হয়। এইখিনিতে আমাৰ বাস্তৱ জীৱনৰ অভিজ্ঞতাৰে ক'বলৈ খুজিছো যে তথাকথিত কিছুমান ভদ্ৰলোকে ঘৰৰ কামত নিয়োজিত কৰাৰ বাবে ল'ৰা-ছোৱালীক পঢ়ুৱাম বুলি ফুচুলাই বা মিছা প্ৰলোভন দেখুৱাই আনে । কিন্তু সময় যোৱাৰ লগে লগে এওঁলোকৰ কামৰ বোজাৰ বাবে পঢ়া-শুনা পিছ পৰি যায়। এটা সময়ত সিহঁতে পঢ়া-শুনা এৰিয়ে দিয়েগৈ। মাজে-সময়ে আমি বাতৰি কাকত নতুবা টিভিত  শিহৰণকাৰী ঘটনাও শুনিবলৈ আৰু দেখিবলৈ পাওঁ । মালিকৰ ল'ৰা নতুবা স্বয়ং মালিকৰ কামনাৰ বলি হয় ঘৰত থকা বন কৰা ছোৱালীবোৰ । অৱশেষত লাজে অপমানে সমাজৰ ভয়ত এওঁলোকে আত্মহত্যাৰ দৰে পথ বাচি ল'বলগীয়া হয়। এয়াই হ'ল আমাৰ তথাকথিত ভদ্ৰলোকৰ মানৱতা !

             আমাৰ ভাৰতবৰ্ষত আইন ব্যৱস্থাত শিশু শ্ৰমিক নিয়োগ সম্পৰ্কে নিষেধাজ্ঞা আছে। এই নিষেধাজ্ঞাক বুঢ়া আঙুলি দেখুৱাই আইনক ফাঁকি দি নিয়োগকৰ্তাসকলে শিশু শ্ৰমিক নিয়োগ কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰিছে। স্বাৰ্থপৰতাৰ উৎকৃষ্টতম উদাহৰণ ইয়াতকৈ আৰু কি থাকিব পাৰে? এইসকল শিশু শ্ৰমিকে শিক্ষা-দীক্ষাৰ পৰা বঞ্চিত হৈ দাসৰ দৰে জীৱন কটাবলগীয়া হৈছে। এনে এটা জটিল সমস্যা সমাধান কৰাৰ উদ্দেশ্যে চৰকাৰে প্ৰকল্প হাতত লৈছে যদিও এই প্ৰকল্পই যথাযথ কাৰ্যকৰী ভূমিকা পালনত ব্যৰ্থ হোৱা হেতু আমাৰ দেশত শিশু শ্ৰমিকৰ সমস্যা আজিও এক জটিল সমস্যা হৈ আছে। এনে এক সন্ধিক্ষণত  ৮৪ হাজাৰ শিশুক নতুন জীৱন দিয়া নোবেল বঁটা প্ৰাপক কৈলাশ সত্যাৰ্থীৰ 'বচপন বচাও' আন্দোলনে ভাৰতৰ শিশু শ্ৰমিকৰ জীৱন সুৰক্ষা আৰু অধিকাৰ সাব্যস্ত কৰিছে।

         কৈলাশ সত্যাৰ্থী এটা উজ্বল ৰত্ন, যি গৰাকী মহান পুৰুষে ভাৰতমাতাক বিশ্ব দৰবাৰত শ্ৰেষ্ঠ আসনত বহুৱাইছিল । শিশু শ্ৰমৰ বিৰুদ্ধাচৰণ আৰু শিশুৰ শিক্ষাৰ অধিকাৰক লৈ তেখেতৰ আজীৱন যুদ্ধ অব্যাহত আছে। এই গৰাকী মহান ব্যক্তিয়ে কৈছিল---'My Philosophy is that I am a friend of the Children.'

          কৈলাশ সত্যাৰ্থীৰ জন্ম হৈছিল মধ্য প্ৰদেশৰ ভূপাল চহৰৰ পৰা প্ৰায় ৫০ কিল'মিটাৰ দূৰত অৱস্থিত বিদিশা নামৰ ঠাইত ১৯৫৪ চনৰ ১১জানুৱাৰীত । তেওঁ সৰুৰে পৰা পঢ়া-শুনাত অত্যন্ত চোকা আছিল। ইঞ্জিনিয়াৰিং এনট্ৰেন্স পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ চৰকাৰী ইঞ্জিনিয়াৰিং কলেজত নাম ভৰ্তি কৰিলে। চৰকাৰী ইঞ্জিনিয়াৰিং কলেজৰ পৰা সুখ্যাতিৰে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিষয়ত উত্তীৰ্ণ হৈ চৰকাৰী চাকৰি জীৱন আৰম্ভ কৰে। কৈলাশ সত্যাৰ্থীয়ে চাকৰি কৰি ভাল নাপালে । তেওঁৰ অন্তৰাত্মাই  অন্য ফালে কাম কৰাৰ প্ৰতি ধাৱমান হ'ল। সেইসময়ত শিশু শ্ৰমিক নিয়োগ আৰু শিশুৰ শিক্ষাৰ বাধা সৰ্বত্ৰে আছিল। এনে এটা জটিল সমস্যা সমাধান কৰিবলৈ কোনোৱে আগবাঢ়ি নহাৰ পৰিপ্ৰেক্ষিতত তেৱেঁই কিবা কৰিবলৈ মন স্হিৰ কৰিলে। পিছলৈ সকলো ধনদৌলত , ঐশ্বৰ্য বিভূতি ত্যাগ কৰি এক আলোকীসন্ধান পথেৰে যাত্ৰা আৰম্ভ কৰিলে। যিসকল শিশুৱে স্কুললৈ নগৈ শ্ৰম কৰি ধন উপাৰ্জন কৰে সেইসকলক তেওঁ লক্ষ্য কৰিছিল। সৰুৰে পৰা তেওঁ শিশু শিক্ষাৰ প্ৰয়োজনীয়তা আৰু অভাৱবিলাক নিজে দেখি আহিছিল । বিদ্যালয়ত পঢ়ি থকা সময়তে ‌দুখীয়া ছাত্ৰ-ছাত্ৰীসকলক কিতাপ-বহী বিনামূলীয়াকৈ দিয়াৰ সুব্যৱস্থাও কৰিছিল । প্ৰথম পদক্ষেপ হিচাপে' 'বচপন বাচাও আন্দোলন' নামৰ এন জি অ' এটা আৰম্ভ কৰে।

          শিশুসকলৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হোৱা তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ বাবে আৰু শ্ৰম ৰক্ষা কৰাই আছিল কৈলাশ সত্যাৰ্থীৰ জীৱনৰ মুখ্য লক্ষ্য আৰু উদ্দেশ্য । সেইসময়ত দেশত বহু শিশু কল-কাৰখানাত শ্ৰমিক হিচাপে নিয়োজিত হৈ আছিল। তেনে এক জটিল সন্ধিক্ষণত তেওঁ তেনে শিশুসকলৰ ত্ৰাণকৰ্তাৰ ভূমিকা পালন কৰিছিল । বিভিন্ন কল-কাৰখানাৰ পৰা অনেক শিশু শ্ৰমিকক তেওঁ উদ্ধাৰ কৰি তেওঁলোকক নৱ জীৱন দিছিল । পৰৱৰ্তীকালত এই দুৰ্ভগী‌য়া শিশুসকলে বিভিন্ন দিশত তেওঁলোকৰ নিজৰ নিজৰ দক্ষতা আৰু প্ৰতিভাৰে বিভিন্ন ঠাইত উজ্বলি উঠিছিল। তাতেই যেন কৈলাশ সত্যাৰ্থীৰ জীৱনৰ সাৰ্থকতা আৰু কৃতকাৰ্যতা ! আনৰ কাৰণে কান্দিব জানিলে কান্দোনত সুখ পায় বুলি তেওঁ মৰ্মে মৰ্মে উপলদ্ধি কৰিছিল । ত্যাগে যে মানুহক মহান কৰে-- তাৰ যথাৰ্থ উদাহৰণ হ'ল শান্তিৰ নোবেল বঁটা প্ৰাপক কৈলাশ সত্যাৰ্থী । কৰ্মই ধৰ্ম বুলি বিশ্বাসী সত্যাৰ্থী ডাঙৰীয়াই বিৰামহীন ভাবে মানুহৰ সেৱা কৰি যোৱাৰ ফলতেই বিশ্বৰ জনতাৰ বিভিন্ন দল, সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠানে  কৃতজ্ঞতাৰ চিনস্বৰূপে তেওঁক বঁটা-বাহনৰে উপচাই পেলাইছিল । তেওঁ লাভ কৰা বঁটাসমূহ হৈছে----  ১৯৯৪ চনত 'দ্যা এচিনিয়েৰ ইন্টাৰনেছনেল পিচ প্ৰাইজ জাৰ্মানী' , ১৯৯৫ চনত 'ৰবাৰ্ট এফ কেনেডি হিউমেন ৰাইটচ বঁটা', ২০০৭ চনত 'মিডাল অৱ ইটালিয়ান চিনেইট বঁটা' ,২০০৮ চনত 'এলফেনচ কমিন ইন্টাৰনেছনেল বঁটা' আৰু 'ডিফেণ্ডাৰ অৱ ডেমক্ৰেচি বঁটা' (আমেৰিকা), ২০১৪ চনত 'নোবেল বঁটা' ইত্যাদি ।

        'বচপন বাচাও আন্দোলন'ৰ দ্বাৰাই কৈলাশ সত্যাৰ্থীয়ে শিশু শ্ৰমিকক ৰক্ষা কৰাৰ ক্ষেত্ৰত আৰু শিক্ষাৰ প্ৰাপ্য অধিকাৰ ঘূৰাই আনি জনতাৰ মাজলৈ এটা শুভ বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। প্ৰায় এশজনমান সমাজকৰ্মী তথা যুৱক-যুৱতী , শিক্ষক-শিক্ষয়িত্ৰী, বুদ্ধিজীৱী , শিক্ষাবিদ তথা গৱেষক লগ হৈ এই সংগঠনৰ হৈ কাম কৰি আহিছে। ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বতে প্ৰায় আশী হাজাৰ স্বেচ্ছাসেৱীয়ে এই সংগঠনৰ হৈ অহৰ্নিশে কাম কৰি আছে। এইসকলে একেলগে ৰাজনৈতিক নেতাসকলৰ সহযোগত শিশু শ্ৰমিকৰ বিৰুদ্ধে আইন প্ৰণয়ন তথা সংশোধন কৰি কৰ্মত আগুৱাই গৈ আছে । 'বচপন বাচাও আন্দোলন'ৰ এন জি অ টোৰ ঐকান্তিক প্ৰচেষ্টাত শিশু শ্ৰমিকসকল মুক্ত হৈ সুস্হ জীৱন যাপন কৰিবলৈ সমৰ্থ হৈছে। 'বচপন বাচাও আন্দোলন'ৰ বাবে ইয়াতকৈ সৌভাগ্যৰ কি বিষয় থাকিব পাৰে ? এওঁলোকে দিল্লীত 'মুক্তি আশ্ৰয়' ,ৰাজস্হানত 'বাল আশ্ৰয়' আদিত এনে দুৰ্ভগীয়া শিশু শ্ৰমিকক শিক্ষা প্ৰদান কৰি সফলতাৰ শিখৰত আৰোহণ কৰিছে আৰু প্ৰতি গৰাকী হৃদয়বান মানুহৰ অন্তৰত বিশেষ স্থান লভিছে ।

       কৈলাশ সত্যাৰ্থীৰ প্ৰচেষ্টাত তথা সহযোগত অনেক সংগঠন গঢ় লৈ শিশু শ্ৰমিক আৰু শিশুৰ শিক্ষাৰ প্ৰসাৰৰ বাবে নিৰৱিচ্ছিন্নভাৱে কাম কৰি আছে। এই সংগঠনবোৰ হ'ল 'গ্লোবেল মাৰ্চ মুভমেণ্ট এগেইনষ্ট চাইল্ড লেবাৰ' , 'গ্লোবেল চেম্পেইন ফৰ এডুকেশ্বন ,ৰাগমাৰ্ক ফাউণ্ডেছন' ইত্যাদি।

         কৈলাশ সত্যাৰ্থীৰ জীৱন, জ্ঞান আৰু পোহৰৰ দিশে অবিৰত যাত্ৰা ,সত্যৰ অনুসন্ধান আৰু পৰ্যবেক্ষণ হৈছে তেওঁৰ জীৱনৰ ব্ৰত । সঁচাকৈয়ে কৈলাশ সত্যাৰ্থী অনন্য, বৈচিত্ৰ্যপূৰ্ণ কলাত্মক জীৱন শৈলী আৰু এক বিশাল মনৰ অধিকাৰী যাৰ চিন্তা অপৰিসীম । তেওঁৰ বৰ্ণিল কৰ্মৰাজিৰ বাবে তেওঁ সকলোৰে অনুপ্ৰেৰণাৰ উৎস হৈছে। এই গৰাকী মহানৰ হাতত হাত ধৰি আমিও আগুৱাই যাব পাৰিলে আমাৰ দেশত শিশু শ্ৰমিক আৰু শিশু শিক্ষাৰ উন্নতি এশ শতাংশ নিশ্চিত ।

*****************************



প্ৰদীপ কলিতা

সহকাৰী শিক্ষক

হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়

শিক্ষাখণ্ড: হাজো

 


অলংকৰণ :- সংগীতা কাকতি


Post a Comment

0 Comments