header ads

শান্তী সতী ৰাধিকা | Assamese article by Upama Mazumdar

 শান্তী সতী ৰাধিকা



            পুণ্য ভূমি ভাৰত। ভাৰত সতী-সাধ্বীৰ দেশ।প্ৰাচীন ভাৰতত অনেক সতীয়ে জন্ম গ্ৰহণ কৰি অসাধাৰণ কাৰ্য সমাপণ  কৰি সতীত্বৰ  আদৰ্শ দেখুৱাই  বিশ্বৰ ইতিহাসত নাম ৰাখি থৈ গৈছে। তেওঁলোকৰ ধৰ্মনিষ্ঠা, সহনশীলতা, সতীত্ব,আত্ম- ত্যাগৰ আদৰ্শ অতুলনীয়।

          অসম মাতৃৰ বুকুতো অনেক আদৰ্শ ৰমণীৰ আৱিৰ্ভাৱ হয়।অমৃতপ্ৰভা,  
শান্তী সতী ৰাধিকা,আই  কনকলতা,প্ৰকৃতিৰ নাম উল্লেখ কৰিব পাৰি। সংযমী শুদ্ধ চিত্তৰ সুন্দৰী  এইসকল ৰমণীয়ে অসম আইৰ গৌৰৱ অটুট ৰাখিছে।অসম মাতৃক সতীত্বৰ আদৰ্শৰে গৌৰৱোজ্জল কৰি তোলা ৰমণী সকলৰ ভিতৰত ৰাধিকা সতী অন্যতম। 

         বৈষ্ণৱ যুগৰ কথা। শঙ্কৰদেৱ তেতিয়া বৰদোৱাত।বৰদোৱা  থানৰ  ওচৰতে টেম্বুৱানী নামৰ জান এটা আছিল।বাৰিষাকালত মহাবাহু  ব্ৰহ্মপুত্ৰ ফেনে-ফোটোকাৰে বাঢ়ি অহা পানী  টেম্বুৱানী জানতে সোমাইহি। ব্ৰহ্মপুত্ৰৰ পানীয়ে দুকুৰি উপচাই তোলা জানৰ পানী পাৰ বাগৰি গৈ বৰদোৱা অঞ্চলৰ ৰাইজৰ খেতি-বাতি নষ্ট কৰি পেলায়। ৰাইজৰ বিলাই-বিপত্তিৰ সীমা নোহোৱা হয়। তেওঁলোক চিন্তাত পৰে। এই চিন্তাৰ ওৰ পেলাবলৈকে কলিয়াবৰৰ পৰা ৰহালৈ এই বিস্তৃত অঞ্চলৰ লোকসকল সমবেত হৈ জান বান্ধিবলৈ চিন্তা কৰিলে।

    জান বান্ধিবলৈ সকলো ৰাইজ আগবাঢ়ি আহিল। হাজাৰ হাজাৰ জনতাই অশেষ কষ্ট কৰি জানত খুঁটা, গোঁজ পুতি, বটাধাৰী বহুৱাই মাটি দিলে। কিন্তু কি হ'ব? জানৰ সোঁতে এই সকলো উটুৱাই লৈ যায়। ৰাইজৰ কষ্টবোৰ অথলে যায়।উপায়-নাপাই এই বাতৰি ৰাইজে শঙ্কৰদেৱৰ কাণ চোৱালেগৈ। ৰাইজৰ কথা শুনি শঙ্কৰদেৱ প্ৰথমতে বিবুধিত পৰিল যদিও কিছু সময় ভাবি-চিন্তি চাই ৰাইজক এটা  উপায় দিলে যে এগৰাকী শান্তী কন্যাৰ হতুৱাই জানতে মাটি দি জান বান্ধিব পৰা যাব।সেই উদ্দেশ্যেৰে এগৰাকী শান্তী কন্যা বিচাৰি আনিবলৈ শঙ্কৰদেৱে ৰাইজক আদেশ দিলে। ৰাইজে শান্তী কন্যাৰ অৰ্থ শঙ্কৰদেৱৰ পৰা জানিব বিচাৰিলে। তেতিয়া শঙ্কৰদেৱে ক'লে যে যি গৰাকী কন্যাই পলেৰে নদীৰ পৰা পানী আনোতে সহস্ৰ বিন্ধা থকা পলৰ পৰা এটোপালো পানী সৰকি নপৰিব, তেৱেঁই শান্তী কন্যা বুলি প্ৰমাণিত হ'ব। পল এবিধ মাছ ধৰা সজুঁলি। পলৰ সহস্ৰ বিন্ধা থাকে। সহস্ৰ বিন্ধা থকা পলৰ পৰা পানী আনোতে পানী সৰকি নপৰা  কথাটো আশ্চৰ্যজনক। বাস্তৱত ই অসম্ভৱ। ৰাইজ হতাশ হ'ল।


                 শান্তী-কন্যাৰ  দ্বাৰাহে  জান বান্ধিব পৰা যাব-কথাটো ইকাণ-সিকাণকৈ বাগৰি সকলোতে জনাজাত হৈ পৰিল।উচ্চ শ্ৰেষ্ঠ বৰ্ণৰ সমাজৰ বৰ মূৰীয়া সকলৰ  কিছুমান গৃহিণীয়ে নিজকে শান্তী-কন্যা বুলি ভাবি পৰীক্ষালৈ আগবাঢ়ি আহিল। কিন্তু তেওঁলোকে নিজকে শান্তী-কন্যা বুলি প্ৰমাণ কৰি দেখুৱাব নোৱাৰিলে। বহুতো গৃহিণীয়ে দূৰতে বিদূৰ হৈ থাকিল।

শান্তী-কন্যা বিচাৰি চলাথ কৰি ৰাইজ বিবুধিত পৰিল। এদিন ৰাইজ জানৰ পাৰত পুনৰ আলোচনাত বহিল। তেনে সময়তে সেইদিনা ৰাধিকাই গিৰীয়েকৰ সৈতে নাৱেৰে ভটিয়াই গৈ আছিল। জানৰ পাৰত সমবেত হৈ থকা ৰাইজক দেখি ৰাধিকাই গিৰীয়েকক ৰাইজ গোট খোৱাৰ কাৰণ সুধিলে। ৰাধিকাৰ গিৰীয়েকে ক'লে যে শঙ্কৰদেৱে জানটো বান্ধিবলৈ শান্তী-কন্যা বিচাৰিবলৈ দিছিল, কিন্তু ক'তো শান্তী-কন্যা ৰাইজে বিচাৰি নাপালে। গতিকে কি উপায়েৰে জানটো বান্ধিব পৰা যায় তাৰ আলোচনাকে কৰিবলৈ ৰাইজ গোট খাইছে।

                 গিৰীয়েকৰ কথা শুনি ৰাধিকাৰ মনত নানা ধৰণৰ চিন্তাৰ ঢৌ খেলিলে।বাৰিষা কালত দুকুল ওপচি পৰা টেম্বুৱানী জানৰ পানীয়ে জনসাধাৰণৰ খেতি-বাতি নষ্ট কৰি জুৰুলা কৰি তোলা দৃশ্য তেওঁৰ মনত ভাহি উঠিল। গতিকে জানতে বান্ধ দি ৰাইজে মহৎ উদ্দেশ্য সাধন কৰিবলৈ আগবাঢ়ি অহা কথাটো শুনি  তেওঁৰ ভাল লাগিল। আত্মবিশ্বাসী পবিত্ৰমনা ৰাধিকাৰ নিজৰ সতীত্বৰ ওপৰত বিশ্বাস আছিল। সেয়েহে তেওঁ নিজকে শান্তী-কন্যা বুলি পৰিচয় দি"আমি বান্ধিবাক পাৰো জানক এখনি"বুলি দৃঢ়তাৰে গিৰীয়েকক ক'লে।নদীয়াল গৃহিণীয়ে 
শান্তী সতী বুলি নিজকে কোৱাত গিৰীয়েক উচপ খাই উঠিল।ঘৈণীয়েকক নানা ভৎসৰ্না কৰিলে। নিজৰ সতীত্বৰ ওপৰত বিশ্বাস থকা ৰাধিকাই কিন্তু গিৰীয়েকৰ ভৎসৰ্নালৈ কাণসাৰ নকৰিলে।বৰঞ্চ তেওঁ বিনম্ৰভাৱে দৃঢ়তাৰে ক'লে যে তেওঁ জীৱনত কোনো অপকৰ্ম কৰা নাই ।গতিকে সতীত্বৰ যিকোনো পৰীক্ষাতে তেওঁ কৃতকাৰ্য হ'ব পাৰিব। এনেদৰে জানৰ বান্ধ সম্পৰ্কে নাৱৰ ওপৰতে তেওঁলোকৰ মাজত বাক-বিতণ্ডা চলি থাকিল।

                ৰাধিকা আৰু তেওঁৰ গিৰীয়েকৰ বাক-বিতণ্ডাবোৰ জানৰ পাৰত থকা ৰাইজৰ কৰ্ণগোচৰ হ'ল। তেওঁলোকৰ বাক-বিতণ্ডাৰ কথা শঙ্কৰদেৱক জনালেগৈ। ৰাইজৰ কথা শুনি শঙ্কৰদেৱে এখন সভাৰ আয়োজন কৰি ৰাধিকা আৰু তেওঁৰ গিৰীয়েক পূৰ্ণানন্দক তেৰাৰ ওচৰলৈ মতাই আনিলে।

              ৰাধিকা আৰু পূৰ্ণানন্দ সভালৈ আহিল। আত্মবিশ্বাস থকা ৰাধিকাই নিৰ্ভয়ে শঙ্কৰদেৱক ভক্তি ভৰা সেৱা জনাই সভাত বহিল। পূৰ্ণানন্দয়েও শঙ্কৰদেৱক 
সেৱা জনাই সভাত বহিল যদিও তেওঁৰ মন শঙ্কাত উগুল-থুগুল হৈ থাকিল। তেওঁ ভাবিলে,যি সতীত্বৰ পৰীক্ষা লৈ সমাজৰ উচ্চ শ্ৰেষ্ঠ বৰ্ণৰ বৰমূৰীয়াসকলৰ গৃহিণীৰ বেছিভাগে শঙ্কা কৰি নহাকৈ থাকিল আৰু কিছুমানে আহিও কৃতকাৰ্যতা লাভ কৰিব নোৱাৰি লাজত উভতি গ'ল তেনে এটা পৰীক্ষাত নীচ জাতি ৰাধিকাই উত্তীৰ্ণ হ'ব পাৰিবনে? সভা আৰম্ভ হ'ল। কেনেকৈ শান্তী কন্যা হ'ব পাৰি তাক শঙ্কৰদেৱে ৰাধিকাক বুজাই ক'লে। ৰাধিকাই বৰ বিনম্ৰতাৰে ভক্তি ভাৱে "যেনেকৈ মন যায় মোৰ পৰীক্ষা লওঁক " বুলি শঙ্কৰদেৱক জনালে।

           পিছদিনা শঙ্কৰদেৱৰ আজ্ঞা মতেই ব্ৰত-উপবাস কৰি ৰাধিকা পৰীক্ষালৈ আহিল। সহস্ৰ বিন্ধা থকা পলেৰে ব্ৰহ্মপুত্ৰৰ পৰা ৰাধিকাই পানী আনিব।সভাস্থলী লোকেৰে ভৰি পৰিল। বহুতৰ মনলৈ সন্দেহ-নীচ জাতিৰ ৰাধিকাই পাৰিবনে এই কাৰ্য সমাপন কৰিব! কিছুমানে আকৌ ৰাধিকাৰ ফালে চাই ফিচিঙা ফিচিঙ কৰিলে-সমাজৰ বৰমূৰীয়াসকলৰ গৃহিণীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিলে আৰু নীচ জাতিৰ গৃহিণী ৰাধিকাৰ এই সাহস !  ইফালে পূৰ্ণানন্দৰ মনত চিন্তা। কেনেবাকৈ যদি ঘৈণীয়েকে পলেৰে পানী আনি দিব নোৱাৰে, তেতিয়া হ'লে ৰাইজৰ দণ্ডত শাস্তি পাব। সকলোৱে পৰীক্ষাৰ শেষ সময়লৈ অপেক্ষা কৰিলে।
                ভগৱানক স্মৰণ কৰি স্বামীৰ চৰণ চুই নদীয়াল পত্নী ৰাধিকাই এটা বাঘৰ পৰীক্ষাৰে নিজৰ সতীত্বৰ পৰিচয় দিবলৈ আগবাঢ়িল। সহস্ৰ বিন্ধা থকা পলেৰে তেওঁ ব্ৰহ্মপুত্ৰৰ পানী ভৰালে আৰু আচৰিত কথা অকণো পানী নসৰাকৈ পল লৈ ৰাধিকা সভাস্থলী পালেহি। এই অলৌকিক কাৰ্যত ৰাইজে হৰিধ্বনি দিলে। পলৰ পানী চাই শঙ্কৰদেৱে দেখিলে চাৰি আঙুলমান পানী কম হৈ আহিছে। পানী কম হৈ অহা দেখি কেতিয়াবা কিবা পাপ কৰিছিলানে বুলি ৰাধিকাক শঙ্কৰদেৱে সুধিলে ৰাধিকাই ক'লে-"এদিন স্বামী ঘৰত নথকাত ভনী জোঁৱাই আহি ওলাল। কোনো নথকাত ভনী জোঁৱাইকে ভাত খাবলৈ কলপাত কাটিবলৈ বুলি কাচিখন আগবঢ়াই  দিলোঁ। তেতিয়া হঠাতে মোৰ মূৰৰ ওৰণিখন খহি পৰিল। দুয়ো দুয়োৰে চকুৱে চকুৱে পৰিলোঁ।এয়া মই অজানিতে কৰা পাপ।"
               অতীতত ঘটা এনে কথাকো পাপ বুলি অকপটভাৱে স্বীকাৰ কৰা ৰাধিকাক"এইটো কথা একো পাপ নহয়" বুলি শঙ্কৰদেৱে পুনৰ পলত পানী
আনিবলৈ আজ্ঞা বিহিলে। পাপ মুক্ত হৈ ৰাধিকাই পুনৰ পানী আনিবলৈ গ'ল। এইবাৰ পানী পলৰ মুখলৈকে পূৰ হৈ কেইআঙুলমান চকৰি ওপৰলৈকেহে উঠি আহিল। মনৰ পবিত্ৰতা, সংযম আৰু ভক্তিৰ বলত নিম্ন শ্ৰেণীৰ ৰাধিকাই এই অলৌকিক কাৰ্য সমাপণ কৰি নিজকে শান্তী-কন্যা বুলি সমাজত প্ৰমাণ কৰি দেখুৱালে।শঙ্কৰদেৱেও সমজুৱাক উদ্দেশ্যি ক'লে যে ভক্তিধৰ্ম সবাতোকৈ শ্ৰেষ্ঠ।


          জানত ভেটা দিবলৈ পলটোৰে অনা পানী জানতে ঢালি দিলে আৰু ৰাধিকাৰ দ্বাৰাই এপল মাটি অনাই জান বন্ধা ঠাইত দিয়া হ'ল। লগে লগে পানীৰ সোঁত বন্ধ হ'ল। টেম্বুৱানী জানৰ বান্ধ চিৰস্থায়ী হ'ল। শান্তী সতী ৰাধিকাই শান্তী পানী ছতিয়াই ৰাইজৰ দুখ-দুৰ্গতি নাশ কৰিলে।ৰাইজে স্বস্তিৰ নিশ্বাস এৰিলে। তেতিয়াৰে পৰা টেম্বুৱানী জান ৰাধিকা শান্তীৰ  নামেৰে 'শান্তীজান' নামেৰে জনাজাত হ'ল। 

               আত্মবিশ্বাস আৰু ‌ অন্তৰৰ পৱিত্ৰতাৰে এটা অলৌকিক কাৰ্য সমাপন কৰি  ৰাধিকাই যি সতীত্বৰ আদৰ্শ সমাজৰ আগত দাঙি ধৰি অসম মাতৃক  গৌৰৱোজ্জল কৰি তুলিলে সেই উদাহৰণ বিশ্বত বিৰল।
                       
                                      -----------********------------

উপমা মজুমদাৰ, নগাঁও

বিশিষ্ট গল্পকাৰ

 

অলংকৰণ :-  সুৰভি দাস



Post a Comment

1 Comments

  1. সতী ৰাধিকাৰ কাহিনী পঢ়ি ভাল লাগিল । বহুত দিনৰ পৰা জানিবৰ ইশ্বা আছিল জানিবলৈ । ধন্যবাদ থাকিল আপোনালৈ ।

    ReplyDelete