ব’হাগৰ মৌ-মিঠা মাত
‘‘মা, মোৰ কামটো কেতিয়া কৰি দিবা?’’ "হা?" বুলি বেগত সামৰি থকা কাপোৰবোৰ জাপিবলৈ এৰি মাকে খন্তেক তভক মাৰি মাজুনৰ কৰিবলগীয়া কামটোনো কি আছিল, মনত পেলালে৷ ‘‘অ’ অ’, ৰ’বা, আৰু পাঁচ মিনিটৰ পিছতেই তোমাৰ কামটো কৰি দিম৷’’ খৰধৰকৈ বাকী থকা কাপোৰখিনি বেগত সুমুৱাই মাক পাকঘৰলৈ আহিল৷ কামটো আৰু কি, তাইৰ হাতত জেতুকা সানি বান্ধি দিব লাগে৷ আজি গৰু বিহু হ’লেই যেতিয়া, বিহুচোন আৰম্ভই হ’ল৷ জেতুকা হাতত লোৱাই হোৱা নাই৷ সেয়ে জেতুকাৰে হাত ৰঙা কৰিবলৈ মনটো উচপিচাই আছে৷ ইফালে মাকৰ কামৰ আহৰি নাই, নগৰত থাকিলেও বিহু বুলি বহু কামেই থাকে৷ ঘৰ-দুৱাৰ চাফা কৰা, কাপোৰ-কানি ধোৱা, গোঁসাই ঘৰৰ নিয়মখিনিও কৰা৷ কাম কৰা মানুহজনীকো বিহু বুলি ছুটী দিলে৷ নাৰান্ধো বুলিও ভাতো ৰান্ধিব লগীয়াই হয়, কাৰণ দেউতাকৰ আজি ছুটী নাই৷ অফিচলৈ যাব লাগে৷ কাইলৈ আকৌ মাজুনহঁত দেউতাকৰ গাঁৱৰ ঘৰলৈ যাব৷ খুড়া-খুড়ী, ধুনু, মুনুহঁতে কি কি কৰিছে, ফোনতে ডাঁৰৰ বাতৰিৰ ডাঁৰে দি আছে৷ আইতাকে কৈছেই, মাজুনলৈ নতুন ৰিহা-মেখেলা-চোলা [ব্লাউজ] সাজু কৰি থৈছে৷ ভনীয়েকহঁতৰ লগত পিন্ধি বিহু নাচিব পাৰিব৷ এইযোৰ তাইৰ এক্সট্ৰা বিহুৰ সাজ হ’ব– কাৰণ কৰ্মশালা আৰু মঞ্চত নাচিবলৈ মাকে ইতিমধ্যে এসাজ মুগাৰ ৰিহা-মেখেলা দিছেই৷ ইমানবোৰ ভাল লগা কথাৰ মাজত হাতত জেতুকাৰ ৰংখিনি লগাব পাৰিলেই মাজুনৰ বিহুৰ সাজোন-কাচোন সম্পূৰ্ণ হয় আৰু সেয়ে তাইৰ মাকলৈ ইমান খাটনি৷ মাকে ৰাতি শুবৰ পৰত লগাই দিম বুলি কৈছিল, পিছে তাইৰ ৰ’বলৈ অৱকাশ নাই৷ দুপৰীয়াৰ ভাতৰ যা-যোগাৰ কৰি থকাৰ মাজতে কালি দেউতাকে বজাৰৰ পৰা আনি দিয়া জেতুকা পাতখিনি টুকি, ধুই-পখালি মিক্সিতে খুন্দি পেষ্ট বনাই থৈ খোৱা-বোৱাত লাগোতে কথাটো পাহৰিয়েই গৈছিল৷ কিমান যে কাম কৰিবলৈ আছে তেওঁৰ৷ ঘৰৰ প্ৰতিজনলৈকে বিহু বুলি দুই-এযোৰ কাপোৰ আনিছে৷ গামোচা, চাদৰ-মেখেলা, ফ্ৰক-চাৰ্ট আদিবোৰ গাইপতি বেগত সুমুৱাইছে, দুদিনমান থকাকৈ যাব যেতিয়া তেওঁলোকৰ নিজৰো কাপোৰ-কানি, ইটো-সিটো আছেই৷ যিমান পাৰি খৰখেদাকৈ বেগ দুটামান সামৰি-সুতৰি ল’লে৷
দুয়োখন হাততে জেতুকাৰ পেষ্টখিনি সানি দি মাকে ক’বলৈ ধৰিলে, ‘‘জানা, আমাক সৰুতে মা-খুড়ীহঁতে পটাত জেতুকা পিহি দিছিল, জেতুকাৰ লগত কেঁহাৰাজৰ পাত, মধুৰিৰ আগো দিছিল, ৰংটো কাঢ়া হ’বলৈ৷’’ পলিথিন দুটা আনি হাত দুখন মুঠি মাৰিবলৈ দি পলিথিনৰ থোঙা দুটাত হাত দুখন ভৰাই ভালকৈ ৰছী দুডালেৰে বান্ধি দি কৈছিল– ‘‘আমাক এনেকৈ মাহঁতে কলপাতেৰে নুৰিয়াই ৰাতি শুবৰ পৰত বান্ধি দিছিল৷ ৰাতি টোপনিতে কেতিয়া যে হাত খোল খাই গৈছিল, গমেই নাপাইছিলো৷’’ ওঁঠেদি তেওঁৰ হাঁহি এটা বাগৰি গ’ল৷ বন্ধা কাম হ’লত, ‘‘এতিয়া তুমি অলপ সাৱধানে বিচনাত শুই থাকা৷ দুঘণ্টামান এনেদৰে থাকিলেহে হাতত ভালকৈ ৰং লাগিব, হাত দুখন একেবাৰে ৰঙা হৈ যাব’’ – বুলি তাইক বিচনাত শুৱাই দি মাকো তাইৰ কাষতে দীঘল দি পৰিলে৷ চকুত তাইৰ টোপনি নাই– মাকে কোৱাৰ বাবেহে বিচনাত বাগৰিছে৷ ‘‘মা, বিহুৰ দিনবোৰত তোমালোকেনো কি কি কৰিছিলা কোৱাচোন?’’ আঠ বছৰীয়া কুমলীয়া মনটোত মাকৰ কথাবোৰে কিমান যে কৌতুহল জগালে! তাইৰ পিঠিখন পিহি-পিহি মাকৰ মনটো যেন তেওঁৰ শৈশৱ-কৈশোৰৰ দিনবোৰলৈ, গাঁৱৰ ঘৰখনলৈ ওভটি গ’ল৷
‘‘মাজনী অ’, বিহু আমাৰ তোমালোকৰ দিনতকৈ বহুত বেলেগ আছিল৷ বিহু বুলিলেই যেন আমাৰ উলাহৰ সীমা নাথাকে৷ ঢোলৰ মাত শুনিলেই আমাৰ গাত বিহু লাগিছিল৷ কঁকাল ঘূৰাই এপাক নাচিছিলো৷ তোমালোকৰ দৰে কৰ্মশালাতহে বিহু গাবলৈ, নাচিবলৈ শিকা নাছিলো৷ বুজিছা, চ’তৰ মাহ সোমোৱাৰ পৰাই গাঁৱৰ মানুহে ব’হাগৰ বিহুৰ বাবে আয়োজন আৰম্ভ কৰে৷ মা-বৰমা-খুড়ীহঁতে শালত গামোছা, চেলেং-চাদৰ ব’বলৈ লয়৷ দিনৰ দিনটো ঘৰে ঘৰে মাকোৰ খিট্ খিট্ শব্দহে শুনিবা আৰু৷ ডাঙৰ হ’লত আমিও বাৰু ফুল বচা, কাপোৰ বোৱাত সহায় কৰি দিছিলো৷ কোনে, কিমান ডাঙৰ ফুলৰ বিহুৱান ব’ব পাৰে, তাৰ যেন প্ৰতিযোগিতাহে চলিছিল চুবুৰীটোত৷ আকৌ বিহুৰ আগতে শালৰ কাপোৰ কাটিবই লাগিব৷ নহ’লে যে, ‘‘বিহু চেৰা তাঁত হেনো অমঙ্গলীয়া৷’’
কথাবোৰ ক’বলৈ পাই তেওঁ যেন নৰ’বই – উৎসাহেৰে কৈ গ’ল, ‘‘বিহুৰ সময়ত আমাৰ গোটেই গাঁৱৰ পৰিৱেশেই যেন কিবা নতুন নতুন হৈ পৰে, প্ৰাণৱন্ত৷ জাক জাক বৰষুণে চিৰাল ফাট দিয়া পথাৰ, মাটিলৈ সজীৱতা আনে৷ গছৰ ডালে ডালে কুঁহিপাত৷ আমে মলিয়ায়, কঁঠালে মুচি পেলায়৷ নিজান ৰাতি কেতেকীৰ মাতে টোপনি ভাঙে৷ কুলিৰ মাত সিঁয়াৰি সিঁয়াৰি আমি ন-পানী ফুটা পথাৰখনত দেওঁ দি ফুৰোঁগৈ৷ পদূলিৰ তামোল দুজোপাত কপৌফুল ফুলে৷ আমি গাইপতি একোপাহ বাচি থওঁ– নাচনী হ’লে পিন্ধিবলৈ৷ খন্তেক ৰৈ আকৌ আৰম্ভ কৰিলে–
ফটা ঢোলবোৰ চাইকেলৰ কেৰিয়াৰত লৈ লৈ জুমে জুমে ঢোল ভাল কৰা মানুহ গৈছিল গাঁৱৰ মূৰত থকা মুচিয়াৰৰ ঘৰলৈ৷ ঢোল ভাল কৰি অনাবোৰে আকৌ বাটে বাটে ঢোলটো বজাইও আহিছিল৷ পথাৰৰ ন-পানী ভাঙি ঢোলৰ মাতে গোটেই গাঁওখন গুমগুমাই আছিল৷ চকুৰ পলক নপৰাকৈ মাকৰ কথাবোৰ শুনি থকা মাজুনে হঠাৎ প্ৰশ্ন কৰিছিল, ‘মুচিয়াৰ মানে কি মা?’ অভিধানৰ মতে, ‘‘জন্তুৰ ছালৰ কাম কৰা মানুহক মুচিয়াৰ বোলে৷ যিহেতু ঢোল বাদ্য, গৰু আদি জন্তুৰ ছালৰ পৰা তৈয়াৰ হয়, সেয়ে ঢোল তৈয়াৰ কৰা লোককো মুচিয়াৰ বোলা হয় আৰু আমাৰ গাঁৱৰ মানুহৰ মুখত পৰি মুচিয়াৰ শব্দটো গৈ মুচিয়াল হয়গৈ৷’’
‘‘ওঁ, বুজিলো বাৰু৷ আৰু কোৱাচোন, বিহুৰ সময়ত আৰু কি কি হৈছিল, তোমালোকৰ গাঁৱত? মাজুনৰ দুচকুত জনাৰ হেঁপাহ৷’’
‘কৈ থাকিলে হেঁপাহেই নপলায় অ’ –মাক যেন নষ্টালজিক৷ ঢোলৰ মাতে, পেঁপাৰ মাতে ৰজনজনাই থকা গাঁওখনত আমিও মনে মনে নাচনী সাজিবলৈ সাজু হওঁ৷ আমাৰ খুড়াই বাঁহৰ পৰা মিহি মিহিকৈ চাঁচি মুগা সূতা মেৰিয়াই গগণা সাজে৷ নতুন নতুন গগণা– দুই ওঁঠৰ ভাঁজত লৈ আমাক বিশেষ কায়দাৰে বজাবলৈ শিকায়৷ দেউতাইও গোটা বাঁহ ফালি টকা সাজি দিয়ে৷ বিহুৰ কেইদিন এইবোৰ বজাই বজাই আমি নাচনী সাজি বৰৰ তলত, তিনিআলিৰ মূৰত, কেতিয়াবা পথাৰতো জেং বিহু মাৰিছিলো৷’’ ‘‘মা, কাইলৈ কিন্তু গাঁৱৰ ঘৰত গৈ ময়ো বিহু নাচিম৷’ –কিবা এটা পোৱাৰ আশাত মাজুনৰ দুচকু জিলমিলাইছিল৷ নাচিবা আকৌ, ‘‘হুঁচৰি আহিব নহয় ঘৰে ঘৰে৷ তেতিয়া নাচিবা৷’’
‘‘মা, গাঁৱতহে আচলতে বিহু ভালকৈ পাতে নেকি? মোৰো যে সদায় গাঁৱত থাকিবলৈহে মন যায়৷’’ ‘‘গাঁৱত থাকি আমাৰো ভাল লাগে৷ কিন্তু দেউতা আৰু মোৰ চাকৰি যে টাউনত৷ সেইবাবেইতো ইয়াত থাকিব লগা হৈছে৷ আৰু নগৰত যে বিহু নাপাতে সেইটো নহয়, নগৰৰ মানুহেও বিহু পাতে৷ বিহুৰ নীতি-নিয়ম পালন কৰে, বজাৰৰ পৰা কিনি আনি হ’লেও গামোছাখন আপোন মানুহক যাচে, মঞ্চ সাজি হুঁচৰি গায়, বিহুৰ অন্যান্য অনুষ্ঠান পাতে৷ গাঁৱত যিবোৰ ৰীতি-নীতি পালন কৰাৰ সুবিধা আছে নগৰত সেইবোৰ নাই৷ কাৰণ বিহু খেতি-বাতিৰ লগত জড়িত উৎসৱ৷ আচলতে, কৃষ্টি-সংস্কৃতি আদিবোৰ সময়ৰ লগে লগে পৰিৱৰ্তন হৈ গৈ আছে৷ বিহুও আমাৰ সংস্কৃতি– যুগৰ লগত ইয়াৰো পৰিৱৰ্তন হৈছে৷ কিন্তু হেৰাই যোৱা নাই৷ নগৰ নালাগে বিদেশত থকা অসমীয়াইও বিহু পাতে৷ এনেকৈয়ে পৰিৱৰ্তনৰ লগত খাপ খুৱাইও আমি বিহুটো জীয়াই ৰাখিব লাগিব৷’’ মাকে যেন ভাষণহে দিলে– বুজিলেনে নাই বা তাই?
আকৌ আগৰ বিষয়লৈ ঘূৰি গৈ মাকে কৈ গ’ল– ‘‘আৰু জানা, গৰু বিহুৰ দিনা দিনত আমি গৰম ভাত নাখাইছিলো৷ মায়ে আগদিনাই সৰহকৈ ভাত ৰান্ধি তাতে পানী দি থয়৷ পিছদিনা হাঁহ কণী-বিলাহী দি ভাজি কৰি পঁইতাভাত খাওঁ৷ কণীযুঁজ হয় যে৷ তাৰেই ভাঙি অনা কণীবোৰ আমি ভাজি খাওঁ৷ সেইদিনা আবেলি আমি ভাগে ভাগে গৈ বাৰীৰ পৰা, শাকনিৰ পৰা বা পথাৰৰ পৰা এশ এবিধ শাক বিচাৰি আনো আৰু তাৰ আঞ্জাৰে গধূলি ভাত খোৱাৰ নিয়ম৷
এশ এবিধ শাক? সঁচাকৈ ইমান শাক পায়নে? –তাইৰ চকুত যেন বিস্ময় মাকে বুজাই দিলে –আচলতে যিকোনো শাকৰ একোটাকৈ অংশ ছিঙি এশ এবিধ কৰি খালে বেমাৰ-আজাৰৰ পৰা আঁতৰত থকাৰ লগতে শৰীৰ-মনত কৰ্ম প্ৰেৰণা বৃদ্ধি পায় বুলি জনবিশ্বাস আছে৷
‘ইমান শাকৰ নাম তোমাৰ মনত আছেনে?’
‘‘আছে কিছু কিছু’’, বুলি মাকে নাম ক’বলৈ আৰম্ভ কৰাত তায়ো আঙুলিৰ মূৰত লেখিবলৈ লাগিল–
মাকে গাই গ’ল –‘‘বৰ মানিমুনি, সৰু মানিমুনি, মাটিকাদুৰি, লাইজাবৰি, মচন্দৰী, কেঁহৰাজ, পনৌনোৱা, জাতিলাও, ৰঙালাও, কোমোৰা, ঢেঁকীয়া, চেংমৰা, ভাত-মেটেকা, বৰপুৰৈ, লচ্কচি, মৰাণ আদা, কণা-শিমলু, লৰবৰুৱা, ঠুটনিবন, হেলচিশাক, মৰিচা, কলমৌ, মেচাকি, নলচুপহি, মেজেঙা, কচলু, বাবৰি, বালিবাবৰি, লফা, চুতীয়া লফা, বেতগাজ, বন ধনিয়া, বিয়নিসাৱটা মানধনিয়া, টিকনি বৰুৱা, ভেদাইলতা, টেঙেচি, দোৰোণ বন, মধুসোলেং, দুপৰটেঙা, জিল্মিলশাক, ব্ৰাহ্মীশাক, খুতৰা শাক, পচতীয়া, নৰসিংহ, তিতাফুল, বিহলঙনি, কপৌ ঢেঁকীয়া, গৰুখিচ, লাজুকিবন, ভেঁকুৰি তিতা, মহানিম, শগুণীলতা, শুকলতি, নেফাফু পাত, মালভোগ খুটৰা, হাতী খুটুৰা, থুটনী বন, বন আমলখি, বনজালুক, শোহনি বন, গাখীৰতীবন, টুবুকিলতা, জেতুলীপকা পাত, পদিনা, পিৰালি পালেং, চালকুঁৱৰী, পকমৌ.........’’
মনত পেলাই পেলাই নামবোৰ কৈ কৈ মাকে মাজুনৰ ফালে চাই দেখিলে– কণমাণিজনী টোপনিত লালকাল৷ মাকৰ অতীতৰ বিহু লগা দিনবোৰৰ কথা তাই সাধু কথাৰ দৰে শুনি শুনি টোপনি গ’ল৷ মাকেও যেন আপোন গাঁওখনৰ ঘৰে-পথাৰে অতীতটো খুচৰি খুচৰি সোমাই গৈ থাকিল৷ আছেনে বাৰু, তেওঁৰ গাঁওখন সেই দিনৰ দৰেই প্ৰথা-পৰম্পৰাবোৰ বুকুত সাবটি৷ দুচকুৰ পতাত যেন আপোন গাঁওখন ভাহি থাকিল, কিছু সময়লৈ..
****************************
0 Comments