header ads

সম্পাদকীয়

 সম্পাদকীয়.....



   
         আজি গোটেই পৃথিৱীখন অসুস্থ। জীৱশ্ৰেষ্ঠ আমি মানুহবোৰে পৃথিৱীখনৰ পৰিচৰ্যা নকৰিলে এই পৃথিৱীখন জীৱৰ বাসোপযোগী হৈ যে থাকিব সেয়া সন্দেহৰ বিষয় । ১৯৭০ চনৰপৰাই প্ৰতিবছৰে ২২ এপ্ৰিলৰ দিনটো 'ধৰিত্ৰী দিৱস' হিচাপে পালন কৰি অহা হৈছে । এইবেলিও  ৫১তম ধৰিত্ৰী দিৱস পালন কৰা হয় সমগ্ৰ বিশ্বতে । বিগত বছৰবোৰৰ তুলনাত হয়তো যোৱাবছৰ আৰু এইবাৰ এই দিৱসটোৱে মানুহৰ মাজত অধিক তাৎপর্য বহন কৰিছে । কাৰণ বৰ্তমান সময়ত দিৱস উদ্‌যাপনৰ জাক্‌জমকতাই প্ৰকৃত উদ্দেশ্য সফল কৰা দেখা পোৱা নাযায়। কিন্তু যোৱা বছৰ কোভিড-১৯ মহামাৰীৰ প্ৰতিকূল পৰিস্থিতিত নিয়মমাফিক উদ্‌যাপনেও আমাক হয়তো প্ৰকৃতিৰ লগত একাত্ম হোৱাত, প্ৰকৃতিৰ লগত নতুনকৈ এক সম্পৰ্ক গঢ়ি তোলাত বহু উদগনি যোগাইছিল । পৰিস্থিতিয়ে আমাক সদায় শিক্ষা দিয়ে । কোভিডোত্তৰ সময়খিনিত আমি চাফ-চিকুণতাত অভ্যস্ত হৈছোঁ আৰু এই অভ্যাসেৰে যেন আমি আমাৰ ধৰিত্ৰী আইক সুখী কৰি ৰাখিব পাৰোঁ । ২০০৯ চনৰপৰা ২২ এপ্ৰিলৰ দিনটো ৰাষ্ট্ৰসংঘই  'International Mother Earth Day' হিচাপে পালন কৰি আহিছে । কিন্তু এতিয়া সময়ৰ আহ্বান প্ৰকৃতিৰ সৈতে আমাৰ ভাঙি যোৱা সম্পৰ্ক পুনৰ গাঢ় কৰি তোলাৰ । নিজৰ পিতৃ-মাতৃক জীৱন কালত যত্ন নলৈ জাক্‌জমকতাৰে আদ্যশ্ৰাদ্ধ পতা যেনেকৈ অনৰ্থক; ঠিক একেদৰে পৃথিৱীখনৰ প্ৰতি অলপো চিন্তা নকৰাকৈ আমি ধৰিত্ৰী দিৱস পালন কৰাটোও অৰ্থহীন। আহক, ধৰিত্ৰী আইৰ সন্তান হিচাপে আমি আইমাতৃক নিৰোগী,সুখী কৰি ৰখাৰ বাবে আজিৰ পৰা আই ধৰিত্ৰীক লালন-পালন কৰোঁ ।

        শেষত সকলোকে অসমীয়া নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ । আগন্তুক দিনবোৰত সকলোৱে মিলি ছাত্র-ছাত্ৰীসকলৰ কাৰণে শিক্ষাগ্ৰহণ ব্যৱস্থা সুচল কৰি প্ৰতিকূল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পাৰোঁ যেন। 'জ্ঞানম' পঞ্চম সংখ্যা সকলোৱে আদৰি লওঁক, লগতে আমাৰ ভুলবোৰ গঠনমূলকভাৱে আঙুলিয়াই দিয়ক এই আশাৰে .... 


             

কৃষ্ণা সোণোৱাল
তীৰ্থমণি ডেকা
সম্পাদকদ্বয়, 
ই-আলোচনী 'জ্ঞানম'






Post a Comment

0 Comments