header ads

তত্বাৱধায়কৰ একলম

 তত্বাৱধায়কৰ একলম.......

   

        পোনতে ক'ভিড-১৯ সৃষ্ট পৰিস্থিতিত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা ব্যক্তিসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ;লগতে ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত থকা ব্যক্তিসকলে আশু আৰোগ্য লাভ কৰাৰ বাবে নেদেখাজনৰ ওচৰত শৈক্ষিক গোট,জ্ঞানম,কামৰূপৰ তৰফৰপৰা প্ৰাৰ্থনা জনাইছোঁ। 

মাতৃৰ হৃদয়খনেই হৈছে সন্তানৰ শ্ৰেণী কোঠা’’                        ----- হেনৰী ৱাৰ্ড 

        ৯মে২০২১- দ্বিতীয় ৰবিবাৰ,মাতৃ দিৱসমাতৃ দিৱস ৰ এই পবিত্ৰ দিনত সকলো শ্ৰদ্ধাৰ মাতৃলৈ শৈক্ষিক গোট,জ্ঞানম,কামৰূপ ৰ পৰিয়ালৰ তৰফৰ পৰা প্ৰণাম আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ।

           মাতৃৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন আৰু সন্মান প্ৰদৰ্শন কৰি মাতৃ দিৱস উদ্‌যাপন কৰা হয়। মাতৃ দিৱস ১৯০৮ চনত পোনপ্ৰথমে পশ্চিম ভাৰ্জিনিয়াত আন্না জাৰ্ভিছে মাতৃ গ্ৰাফটনৰ স্মৃতিত পালন কৰে। ১৯১২ চনত আন্না জাৰ্ভিছে ছেকেণ্ড ছানডে ইন মে' আৰু মাডাৰ্ছ ডে ইণ্টাৰ্নেচনেল এছোচিয়েছন গঠন কৰে । বিশ্বৰ বিভিন্ন দেশত বিভিন্ন সময়ত এই দিৱস উদ্‌যাপন কৰা হয় যদিও ভাৰতবৰ্ষত এই দিৱস প্ৰতি বছৰে মে মাহৰ দ্বিতীয় ৰবিবাৰে পালন কৰা হয় ।

        এগৰাকী জন্মদাত্ৰী মাতৃ হিচাপে এটি সন্তানক ৯ মাহ ১০ দিন গৰ্ভধাৰণকে ধৰি ভূমিষ্ঠ হোৱাৰ পিছৰেপৰা স্বাৱলম্বী হোৱালৈকে বহুত কষ্ট স্বীকাৰ কৰিবলগীয়া হয় । সন্তানটিক সু-নাগৰিক হিচাপে গঢ়ি তোলাৰ লগতে সমাজ গঠনতো মাতৃ গৰাকীয়ে যথেষ্ঠ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । মাতৃৰ অন্তৰত সকলো সন্তান একেই।মাতৃ মাতৃয়েই ; মাতৃসকল তুলনাবিহীন । মাতৃৰ ধনী-দুখীয়া, উচ্চ-নীচ, জাতি-ধৰ্ম নাই। এটাই ধৰ্ম; তেখেত এগৰাকী মাতৃ ।বৰ্তমান সমাজ-ব্যৱস্থাত আমি সকলো মাতৃকে সমানে সন্মান দিব পৰা মানসিকতা গঢ় দিব পাৰিলেহে সমাজখন সংগঠিত হৈ থাকিব আৰু মাতৃৰ প্ৰতি শ্ৰদ্ধা-ভক্তি সদা অটুট থাকিব । ড.ভূপেন হাজৰিকাদেৱে কৈছিল "নিজৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক ঘিণ কৰাটো নুবুজায়…….।"মাতৃৰ ভূমিকা ব্যাখ্যা কৰি শেষ কৰিব নোৱাৰি। আমি সকলোৱে মাতৃৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্যসমূহ নিষ্ঠাৰে পালনৰ যোগেদি উঠি অহা প্ৰজন্মৰ আগতো আদৰ্শ দাঙি ধৰিব পাৰোঁ।

        ক'ভিড-১৯ অতিমাৰীৰ সংক্ৰমণৰ এই সংকটপূৰ্ণ পৰিস্থিতিৰ সময়তো শৈক্ষিক গোট জ্ঞানম, কামৰূপ ৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা কামৰূপৰ সহযোগত প্ৰকাশিত দু-মহীয়া ই-আলোচনী জ্ঞানমৰ ৫ম সংখ্যাটি ৰঙালী বিহু, শ্ৰমিক দিৱস, প্ৰযুক্তি দিৱস আৰু স্বাস্থ্য দিৱস ক মূল বিষয় হিচাপে লৈ ৯ মে’,২০২১ তাৰিখ ৰবিবাৰে মাতৃ দিৱসৰ লগত সংগতি ৰাখি উন্মোচনৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত কৰি উলিয়াবলৈ সক্ষম হোৱা বাবে সন্মানীয় সম্পাদনা সমিতিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ । শ্ৰদ্ধাৰ উপদেষ্টা মণ্ডলীৰ সু-দিহা-পৰামৰ্শ আৰু সন্মানীয় সদস্যবৃন্দৰ অহোপুৰুষাৰ্থ কষ্ট তথা ঐকান্তিক প্ৰচেষ্টা অবিহনে এয়া সম্ভৱ হৈ নুঠিলহেতেঁন। সেয়ে তেখেতসকলৰ ওচৰত মই চিৰকৃতজ্ঞ।

        ‘জ্ঞানম’ত সন্নিবিষ্ট লেখাসমূহে পঢ়ুৱৈ সমাজ আৰু জ্ঞানমৰ শুভাকংক্ষীসকলক যৎকিঞ্চিত হ'লেও উপকৃত কৰিব পাৰিছে বুলি আমি আশাবাদী।

আমাৰ এই যাত্ৰা নতুন দিগন্তলৈ……..।আপোনালোকৰ গঠনমূলক দিহা-পৰামৰ্শ আমাৰ কাম্য। 

সকলো সাৱধানে থাকক ,সুৰক্ষিত হৈ থাকক,ক'ভিড -১৯ ৰ স্বাস্থ্য বিধি মানি চলক , সুস্বাস্থ্যৰে থাকক, সেই কামনাৰে -------



শ্ৰদ্ধাৰে-

ফুলপাহি নাথ,

তত্বাৱধায়ক, 

দুমহীয়া ই-আলোচনী,'জ্ঞানম' ।

 

Post a Comment

0 Comments