header ads

ক'ভিডসৃষ্ট পৰিস্থিতিত কামৰূপ জিলাৰ এক অভিনৱ প্ৰয়াস- 'গুৰু-শিষ্যৰ মনৰ বতৰা লওঁ আহক | Assamese article by Apurba Thakuriya


ক'ভিডসৃষ্ট পৰিস্থিতিত কামৰূপ জিলাৰ এক অভিনৱ প্ৰয়াস- 

'গুৰু-শিষ্যৰ মনৰ বতৰা লওঁ আহক'




'It is during our darkest moments that we must focus to see the light'

         আমি সকলোৱে অৱগত যে দুহেজাৰ ঊনৈছ চনৰ শেষৰফালে পৃথিৱীৰ কেইখনমান দেশত ক'ৰণা (ক'ভিড-১৯)ৰ সংক্ৰমণে বিশ্ববাসীলৈ এক ভয়াৱহ বিপদৰ আগজাননী দিছিল। এই বিপদৰ সঠিক উমান ল'বলৈ নৌপাওঁতেই ক'ৰণাৰ কৰাল গ্ৰাসে সমগ্ৰ বিশ্বক ছানি ধৰিছিল।‌ আমাৰ দেশ তথা ৰাজ্যখনো ইয়াৰ ব্যতিক্ৰম নাছিল। ক'ৰণাৰ ভয়াৱহতা ৰোধ কৰিবলৈ ২০২০ চনৰ ২২ মাৰ্চত সমগ্ৰ দেশতে যেতিয়া জনতা কাৰ্ফিউ দিয়াৰ লগতে তাৰ পৰৱৰ্তী সময়ত ল'কডাউন বলবৎ কৰা হৈছিল, শিক্ষাখণ্ডৰ লগতে সকলো সামাজিক ক্ষেত্ৰতে নতুন নতুন প্ৰত্যাহ্বানে মূৰ দাঙি উঠিছিল। আনহাতে ক'ৰণা প্ৰতিৰোধৰ বাবে ল'কডাউনৰ বিকল্প বিশেষ নাছিল। সেয়ে ল'কডাউনৰ সময় ক্ৰমান্বয়ে দীঘলীয়া হ'বলৈ লৈছিল। কোৱা নিষ্প্ৰয়োজন যে শিশুসকলৰ বাবে এই প্ৰত্যাহ্বান আছিল অতি কঠিন আৰু দুৰূহ। হঠাতে বিদ্যালয়সমূহ বন্ধ হৈ পৰাৰ ফলত শিক্ষাৰ্থী সকলৰ শাৰীৰিক আৰু মানসিক দিশত বিৰূপ প্ৰভাৱ পৰা সম্ভাৱনা প্ৰকট হৈ পৰিছিল। শৈক্ষিক দিশৰ কথা নকলোৱেইবা। 

        দীৰ্ঘদিনীয়াকৈ আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হ'লে যে শিশুসকল বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হ'ব, দেশে দেশে, প্ৰান্তে প্ৰান্তে বিভিন্ন মহলত সঘন আলোচনা হ'বলৈ ধৰিলে। কোৱা হ'ল যে ক'ৰণা মহামাৰীৰ বিৰুদ্ধে যুঁজা যুঁজখনত শাৰীৰিকভাৱে সুস্থ হৈ থকাৰ লগতে মানসিক ভাৱেও আমি সুস্থ হৈ থাকিব লাগিব | বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক Dr. Tredos  A Ghesbreyesus য়ে ইতিমধ্যে এই বিষয়ে সতৰ্ক কৰি দি পৰামৰ্শ প্রদান কৰিলে | সৰ্বত্ৰতে কোমলমতীয়া, স্পৰ্শকাতৰ আমাৰ মৰমৰ শিশুসকলক আতংকগ্রস্ত, উদ্যমহীন, দ্বিধাগ্রস্ত পৰিৱেশৰ পৰিৱৰ্তে শিশু-অনুকূল, গতিশীল, বিশ্বাসযোগ্য পৰিৱেশৰ মাজত সৃষ্টিশীল কামত জড়িত কৰি ৰখাৰ কথা আলোচিত হ'বলৈ ল'লে ;আৰু এয়া সম্ভৱ কৰি তুলিবলৈ বিভিন্ন পৰ্যায়ত পথৰ সন্ধান অব্যাহত থাকিল। আনকি ভাৰ্চুৱেলী হ'লেও শিক্ষক-শিক্ষাৰ্থীৰ সমন্বয় স্থাপনৰ ওপৰতো আলোচনা হ'বলৈ ধৰিলে।

         এনে সময়তে আৰু উপৰোক্ত দিশবোৰ বিবেচনা কৰি শিক্ষাগুৰুসকলৰ মনৰ খবৰ লোৱাৰ মানসেৰে শিশুসকলক শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰি ৰাখিবলৈ কামৰূপ জিলাত প্ৰাথমিক শিক্ষা বিভাগ তথা সমগ্ৰ শিক্ষাৰ উদ্যোগত 'গুৰু-শিষ্যৰ মনৰ বতৰা লওঁ আহক'  শীৰ্ষক এক কাৰ্যক্ৰম আৰম্ভ কৰা হয়। এই প্রয়াসৰ অংশ হিচাপে জিলাখনৰ শিক্ষা বিভাগ (মূলতঃ প্রাথমিক আৰু সমগ্র শিক্ষা) ৰ বিষয়া-কৰ্মচাৰী সকলক প্রতিগৰাকীয়ে প্রতিদিনে পাঁচগৰাকী বেলেগ বেলেগ শিক্ষক-শিক্ষয়িত্রীৰ ফোনযোগে মনৰ খবৰ, পৰিয়ালৰ কুশল-মঙ্গলৰ বতৰা ল'বলৈ আহ্বান জনোৱা হয় ; লগতে সংশ্লিষ্ট শিক্ষাগুৰু সকলে যাতে প্রতিদিনে চাৰি-পাঁচগৰাকী শিশু সমন্বিতে পিতৃ-মাতৃ, অভিভাৱকৰ লগত ফোনত বাৰ্তালাপ কৰে তাক নিশ্চিত কৰিবলৈ অনুৰোধ জনোৱা হয় | শিক্ষক-অভিভাৱক-শিশুৰ এই বাৰ্তালাপত মুখ্যতঃ  কুশল-মঙ্গলৰ খবৰ লোৱাৰ উপৰিও পৰিয়ালত চৰকাৰী নিৰ্দেশ অনুসৰি স্বাস্থ্য বিধি মানি চলা হৈছে নে নাই, শিশুসকলে অধ্যয়ন অব্যাহত ৰাখিছেনে, শিশুসকলক দিব পৰা পৰামৰ্শ, পুথিগত বিষয়ৰ ওপৰত আলোচনা ইত্যাদি সামৰি লোৱা হ'ল | কথোপকথন এনে হোৱা দৰকাৰ যাতে ইয়াৰ যোগেদি শিশুসকলৰ সৃষ্টি আৰু কৰ্মৰ বাবে আনন্দদায়ক পৰিৱেশ এটিৰ সূচনা হয় | এই প্রয়াস জিলাখনৰ সকলো শিক্ষাগুৰুৰ মনৰ বতৰা লোৱালৈকে অব্যাহত থাকিব | এই সন্দৰ্ভত সমগ্ৰ শিক্ষাৰ জিলা মিছন সমন্বয়কে প্ৰেৰণ কৰা এক বাৰ্তাত বিষয়া-কৰ্মচাৰী তথা শিক্ষকসকলক তেওঁলোকে যোগাযোগ কৰিব পৰা শিশুসকলৰ তথ্যও ৰাখিবলৈ অনুৰোধ জনোৱা হয়।
        জানিব পৰা মতে এই কাৰ্যসূচীৰ যোগেদি জিলাখনৰ এক বুজন সংখ্যক শিক্ষক, পিতৃ-মাতৃ, অভিভাৱকৰ মাধ্যমৰে শিশুসকলৰ লগত সংযোগ স্থাপন কৰাৰ লগতে তেওঁলোকক শাৰীৰিক আৰু মানসিক দিশৰ উপৰিও কিছু পৰিমাণে শৈক্ষিক সমৰ্থনো দিবলৈ সক্ষম হয়।‌ প্ৰাথমিক পৰ্যায়ৰ শিক্ষকসকলৰ এক অগ্ৰণী সংগঠন 'অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী'য়ে এই কাৰ্যসূচীটো আদৰি লোৱাৰ লগতে সমগ্ৰ ৰাজ্যৰ শিক্ষকসমাজক এনে কাৰ্যসূচীৰ মাধ্যমেৰে শিশু সকলক শাৰীৰিক আৰু মানসিক দিশত সহায়-সমৰ্থন আগবঢ়াবলৈ আহ্বান জনায়।‌

       কোৱা যুগুত যে সামাজিকভাৱে বিছিন্ন হৈ থাকিও শিক্ষাবিভাগৰ বিষয়া-কৰ্মচাৰী, শিক্ষক, পিতৃ-মাতৃ, অভিভাৱক তথা শিশুৰ মাজত গঢ়ি তোলা এই শৃংখলে দুৰ্য্যোগপূৰ্ণ পৰিস্থিতিৰ মাজতো শিশুসকলৰ বাবে এক অনুকূল পৰিৱেশ ৰচনা কৰাত ভালেখিনি সফল হৈছিল বুলি ক'ব পাৰি। সামৰণিত ইয়াকে ক'ব পাৰি যে ক'ভিডসৃষ্ট পৰিস্থিতিত লোৱা এই অভিনৱ পদক্ষেপ নিত্যান্তই প্ৰশংসনীয় আছিল আৰু ইয়াৰ ফল সুদূৰপ্ৰসাৰী হ'ব ।।
--------------------%%%-------------------



অপূৰ্ব ঠাকুৰীয়া
জিলা প্রাথমিক শিক্ষা বিষয়া তথা জিলা মিছন সমন্বয়ক
সমগ্ৰ শিক্ষা
কামৰূপ, অসম





অলংকৰণ :- তন্দ্রা দে




Post a Comment

0 Comments