header ads

শৰৎ, শেৱালি আৰু শাৰদীয় উৎসৱ

 শৰৎ, শেৱালি আৰু শাৰদীয় উৎসৱ 

সুজলা-সুফলা, শস্য-শ্যামলা অসমী আইৰ ৰূপ লাৱণ্যৰ সৈতে জড়িত হৈ আছে বছৰৰ ভিন ভিন সময়ৰ ভিন ভিন ঋতু। ছয়টা ঋতুৰ ভিতৰত বসন্ত আৰু শৰতকে প্ৰশস্ত বুলি ধৰা হয় । ঋতুৰাজ যদি বসন্ত , তেন্তে শৰৎ হৈছে শাৰদীয় ঋতুৰাণী । বেদনাক্লিষ্ট বৰ্ষা, বাৰিষাই বিধ্বস্ত কৰা কৃষকৰ মুখত হাঁহি বিৰিঙাই ধৰালৈ মিঠা শৰতৰ ঘটে আগমন । শৰতৰ প্ৰতিটো প্ৰভাতত নিয়ৰসিক্ত দূৱৰিৰ পৰশত মানুহৰ প্ৰাণত জাগি উঠে এক মিঠা হেঁপাহ। কলুষতাক সমাধিস্থ কৰি নিৰ্মল পৰিৱেশেৰে জিলিকি উঠে ঋতুৰাণী শৰৎ। মোহনীয় শৰতৰ সৌন্দৰ্য্যত কবি, গীতিকাৰ তথা সাহিত্যিকৰ সুললিত বৰ্ণনা আৰু কল্পনাই সৰগ ৰচে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও এদিন শৰতৰ ৰূপত আপোনপাহৰা হৈ গাইছিল ,
      "পুষ্পিত মন্দাৰ কুন্দ গন্ধে হুৱা ভোল।
       মধুমণ্ড অনেক ভ্ৰমৰে কৰে ৰোল।।
       শৰৎ চন্দ্ৰ কান্তি অতি সুকোমল। 
       দেখি মহা সন্তোষিত গোপীকাসকল।।"
        শৰতৰ আগমনে প্ৰকৃতিৰ বুকুত ন-ৰহণ সানে। গ্ৰীষ্মৰ বা বৰ্ষাৰ ৰৌদ্ৰোজ্জ্বল দিনৰ তাপমাত্ৰা ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰে। বায়ুমণ্ডল হৈ পৰে নাতিশীতোষ্ণ। সজীৱ হৈ উঠে দূৱৰিৰ দলিচা। পুৱাৰ ৰাঙলী সূৰুযে দূৱৰি বনৰ ওপৰত নিয়ৰৰ টোপালক মুকুতাৰে যেন খোপাহে সজায় । 
          শৰৎ বুলিলেই মনলৈ আহে পদূলিমুখৰ শেৱালিজোপাৰ কথা । শেৱালি অবিহনে শৰৎ যেন ক'ৰবাত অসম্পূৰ্ণ। শৰৎ বুলিলেই মনলৈ আহে জুবিনৰ গীতৰ এটি কলি-
                 "দূৱৰিৰ দলিচা পাৰি
                         বাটে বাটে শেৱালি সিঁচি
                  পদূলি গৰকি তুমি
                        শৰৎ আনিবা.....।"
শৰতৰ প্ৰতিটো পুৱা তলসৰা শেৱালিয়ে হৃদয়ত জগাই তোলে আনন্দৰ জোঁৱাৰ। পুৱা উঠিয়েই এই শুভ্ৰ দলিচাৰ দৰে সিঁচৰতি হৈ থকা শেৱালি ফুল বুটলাৰ আমেজেই সুকীয়া। শেৱালি ফুলৰ গোন্ধই সকলোৰে মনৰ কলুষতা আঁতৰাই এক নিকা পৰিৱেশৰ সৃষ্টি কৰে। শৰতৰ শুভ্ৰ জোনাকৰ পোহৰে নিশাবোৰ কৰি তোলে অতি বিতোপন । শৰতৰ চন্দ্ৰাৱলী ৰাতি স্নিগ্ধ জোনাকৰ সুকোমল পোহৰত আইতাৰ সৈতে নাতি-নাতিনীহঁতে সাধুকথাৰ মেল পাতে । 
           শৰতৰ লগত শেৱালিৰ যি নিবিড় সম্পৰ্ক, ঠিক তেনেকৈয়ে শৰতৰ লগত আহিনৰো সম্পৰ্ক যুগমীয়া । শৰৎ আৰম্ভ হোৱাৰ লগে লগে শ্যামলিমা প্ৰকৃতিৰ বুকুত কহুঁৱা বনবোৰ ফুলি বতাহত হালি জালি ৰূপহী অসমীৰ জেউতি চৰায় । কহুঁৱা ফুলা মানেই যেন চৌদিশে বিৰাজমান এক উৎসৱমুখৰ পৰিৱেশ । কিয়নো ধৰালৈ আগমন ঘটে মা দুৰ্গাৰ।আৰম্ভ হয় শাৰদীয় দুৰ্গোৎসৱৰ। দেৱী দুৰ্গা প্ৰাণদায়িনী, শক্তিদায়িনী । তেওঁ হ'ল মহিমাৰে দেৱীস্বৰূপ, আৰু মমতাৰে মাতৃস্বৰূপ। শৰৎ হ'ল শস্যৰে ভৰা ঋতু । শস্য আমাৰ প্ৰাণ। দেৱীয়ে শস্য ৰক্ষা কৰি আমাক জীয়াই থকাৰ সম্বল যোগায়। ব্যাধি, ত্ৰাস, সংকট আৰু আসুৰিক শক্তিৰ তেওঁ সংহাৰ কৰে। এই দুৰ্গোৎসৱৰ সময়ত ৫/৬ দিনধৰি গাঁও, নগৰ-চহৰ সকলোতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় । কথিত আছে যে, অযোধ্যাৰ ৰজা শ্ৰীৰামচন্দ্ৰই সীতা হৰণকাৰী ৰাক্ষস ৰাৱণক বধ কৰিবৰ বাবেই শৰৎ কালত অকাল বোধনেৰে দেৱী দুৰ্গাক পূজা কৰিছিল আৰু তেতিয়াৰ পৰাই এই শাৰদীয় দুৰ্গা পূজাৰ প্ৰচলন হৈ আহিছে । 
         মোহময়ী শৰতৰ বৰ্ণনাৰ অন্ত নাই, কলমো হৈ নপৰে স্তব্ধ । সকলোৰে হৃদয়ে হৃদয়ে সদায়ে হেঁপাহ হৈ থাকক 'শৰৎ' । যুগে যুগে দশভূজাৰ ৰূপ লৈ পৃথিৱীৰ কলুষতা মষিমূৰ কৰিবলৈ আৱিৰ্ভাৱ হওঁক একোজনী 'দুৰ্গা'ৰ । অসুৰৰূপী মানুহৰ হওঁক বিনাশ । শান্তিৰ চাকি জ্বলি উঠক চৌপাশে । তাৰেই কামনাৰে -
      "যা দেৱী সৰ্ৱভূতেষু শক্তিৰূপেন সংস্থিতা ।
       নমস্তসৈ নমস্তসৈ নমস্তসৈ নমো নমঃ।" 


ভাগ্যশ্ৰী ডেকা
সহঃ-শিক্ষয়িত্ৰী                    
নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল  ৰামপুৰ শিক্ষাখণ্ড

অলংকৰণ:--

Post a Comment

0 Comments