header ads

পৰিৱেশ দিৱসৰ চিন্তা

পৰিৱেশ দিৱসৰ চিন্তা

পৰিৱেশ দিৱসৰ চিন্তা

        সভ্যতাৰ বিকাশ মানেই ক'ৰবাত কিবা এটা দিশৰ ধ্বংস জড়িত হৈ থাকে | ঘৰৰ ভেটি এটা মাটিৰে পূৰ কৰিবলৈ অন্য এঠাইৰ মাটি খান্দি আনিব লগীয়া হোৱাৰ লেখিয়াকৈ মানুহে কিবা এটা নতুনকৈ গঢ়াৰ কাৰণে আন এটা বস্তুক ধ্বংস কৰিবলগীয়া হয় | মানুহৰ চিন্তা শক্তিৰ বিকাশ আৰু ৰুচি-অভিৰুচিৰ বৃদ্ধি হোৱাৰ লগে লগে মনত নতুনত্ব লাভ কৰাৰ বাসনা জাগিবলৈ লয় | যিহেতু পৃথিৱীৰ ভৌগলিক অৱস্থানৰ ভিতৰতহে নতুন সৃষ্টিৰ পাতনি মেলা হয়, সেয়েহে কিবা এটা ধ্বংস কৰিহে আন এটা সৃষ্টি সম্ভৱ হয় |

        পৃথিৱীত যিমান ধ্বংসাত্মক কাৰ্য সংঘটিত হয় সেই সকলোবোৰৰ বাবে একমাত্ৰ দায়ী কেৱল মানুহ | মানুহে সভ্য হোৱাৰ বাসনাত ক্ৰমশ: প্ৰকৃতিৰ ধ্বংসলীলাত লিপ্ত হৈছে | মানুহৰ অবাধ প্ৰকৃতি ধ্বংস যজ্ঞৰ ফলশ্ৰুতিতেই এতিয়া প্ৰতিবছৰে পালন কৰিবলগীয়া হৈছে পাঁচ জুনত বিশ্ব পৰিৱেশ দিৱস | মানুহৰ উন্নত আৰু অত্যাধুনিক বিলাসী জীৱন-যাপনৰ আকাংক্ষাৰ বাবেই ভৌগলিক পৰিৱেশ আৰু ইয়াৰ ভিতৰত থকা জৈৱ-বৈচিত্ৰ্য ক্ৰমাৎ ধ্বংসৰ গৰাহলৈ ধাৱমান হৈছে |

        ঔপনিৱেশিক নাৱিক সকলৰ ৰুচি পূৰণৰ বাসনাতে মৰিছাছ দ্বীপৰ সৌন্দৰ্য দ'দ' চৰাই আৰু কেলভেৰিয়া মেজ'ৰ নামৰ উদ্ভিদ বিধৰ বিলুপ্তি ঘটিছিল । মানুহৰ সহজ উপায়েৰে ধন অৰ্জন আৰু উপভোগৰ বাসনাতে প্ৰকৃতিৰ বুকুৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে মূল্যৱান গছ-গছনি আৰু আপুৰুগীয়া জীৱ-জন্তু | নদ-নদী, জলাশয়ৰ বুকুৰ পৰা হেৰাই গৈছে বিচিত্ৰ প্ৰজাতিৰ জলজ প্ৰাণী কেৱল মানুহৰ দানৱীয় আনন্দৰ বাবে | বন ধ্বংসৰ লগে লগে বহু বনৰীয়া জীৱ-জন্তু খাদ্য আৰু আৱাস স্থলৰ অভাৱত মৃত্যু মুখত পৰিছে আৰু অন্য কিছুমান জনাঞ্চললৈ খাদ্যৰ সন্ধানত আহি মানুহৰ পাশৱিক অত্যাচাৰৰ বলি হ'বলগীয়া হৈছে |

           অবাধ বন ধ্বংস, পাহাৰীয়া মাটিৰ খনন কাৰ্য আৰু ঔদ্যোগীকৰণৰ ফলত সেউজীয়া পৰিৱেশ বিনষ্ট হোৱাৰ ফল জীৱ-জন্তুৰ লগতে এতিয়া মানুহেও ভূগিব লগা হৈছে | অৰ্থনৈতিক বিকাশ আৰু জীৱন-ধাৰণৰ উন্নয়নৰ কাৰণে কল-কাৰখানা, উদ্যোগ স্থাপন আৰু পথ নিৰ্মাণ আদিৰ বাবে কৃষি ভূমিকে আদি কৰি প্ৰকৃতিৰ হাবি-বননি, পাহাৰ আদি ধ্বংস হ'ব ধৰিছে |

       প্ৰকৃতিৰ ওপৰত চলোৱা মানুহৰ ধ্বংস লীলাক যেন প্ৰকৃতিয়ে সহ্য কৰিব নোৱাৰা হৈছে | ইয়াৰ ফলত মানুহকে ধৰি সমগ্ৰ জীৱ জগতলৈ বিভীষিকা নামি আহিছে | বন ধ্বংসৰ বাবেই বায়ুমণ্ডলত কমি আহিছে অক্সিজেন, বাঢ়ি আহিছে উদ্যোগজাত আৰু ইন্ধনজাত মাৰাত্মক জীৱন ধ্বংসকাৰী প্ৰদূষক গেছৰ পৰিমাণ | গোলকীয় উষ্ণতা বৃদ্ধিৰ লগে লগে কুপ্ৰভাৱ পৰিছে ঋতু আৰু জলবায়ুত | জলবায়ুৰ পৰিৱৰ্তনৰ হীন-দেৰিৰ ফলত তাৰতম্য ঘটিছে বৰষুণৰ পৰিমাণত, এফালে বানপানীৰ সমস্যাই যদি জুৰুলা কৰিছে, আনফালে খৰাং পীড়িত হৈছে পৃথিৱীৰ বহু অঞ্চল |

      সত্তৰ শতাংশ পানীৰে ভৰা পৃথিৱীত এটুপি খোৱা পানীৰ বাবে মানুহে হাহাকাৰ কৰিব লগা অৱস্থা আহি পৰিছে | উৰ্বৰ কৃষি ভূমি কল-কাৰখানা, উদ্যোগ আদি স্থাপনত ব্যৱহাৰ হোৱা বাবে খাদ্য-শস্যৰ সমস্যাই দেখা দিছে | খাদ্যৰ অভাৱ দূৰ কৰিবলৈ কম কৃষি ভূমিতে অধিক শস্য প্ৰস্তুত কৰাৰ বাবে ৰাসায়নিক সাৰ আৰু কীট নাশক দ্ৰব্যৰ অধিক প্ৰয়োগৰ ফলত মানুহ আৰু জীৱ-জন্তুৰ বেমাৰ-আজাৰ বৃদ্ধি হোৱাৰ লগতে জলচৰ প্ৰাণী মৃত্যুমুখত পৰিছে | কৃষিৰ বাবে বন জুই জ্বলোৱাৰ ফলত ধ্বংস হৈছে বন ভূমি, বনৰীয়া জীৱ-জন্তু আৰু বাঢ়িছে কাৰ্বন -ডাই- অক্সাইডৰ পৰিমাণ |

           মানৱ সমাজে নিজেই কৰা প্ৰকৃতি ধ্বংসৰ ফলস্বৰূপে আজি নিজেই কৰিবলগীয়া হৈছে বিশ্ব পৰিৱেশ দিৱস পালন | মানুহ সচেতন হোৱা হ'লে, প্ৰকৃতিৰ প্ৰতি প্ৰেম থকা হ'লে বিশ্ব পৰিৱেশ দিৱস পাতি পৰিৱেশ সংৰক্ষণৰ শ্ল'গান দিব লগীয়া নহ'লহেঁতেন |

        বৰ্তমান আমি প্ৰকৃতি ৰক্ষাৰ বাবে অধিক সচেতন হোৱাৰ সময় আহি পৰিছে | আমি সজাগ আৰু সচেতন নহ'লে উঠি অহা প্ৰজন্মটোৱে পৃথিৱীত জীয়াই থকাৰ পৰিৱেশ নাপাব | সৰু কালৰে পৰা ল'ৰা-ছোৱালীক পৰিৱেশ সংৰক্ষণৰ প্ৰেৰণা যোগালেহে তেওঁলোকৰ মাজত সজাগতা আহিব | এই সজাগতাৰ বাবে পৰিয়াল, বিদ্যালয় আৰু সমাজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আৱশ্যক |  বিদ্যালয়ৰ পৰিৱেশত বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীৰ মনত সজাগতা সৃষ্টি কৰা আৱশ্যক | শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলৰ লগত 1973 চনত চুন্দাৰলাল ভগানৰ নেতৃত্বত উত্তৰ প্ৰদেশত গঢ়ি উঠা 'চিপকো' আন্দোলনৰ কথা আলোচনা কৰি পৰিৱেশ ৰক্ষাৰ সজাগতা আনিব পাৰে | ভাৰতৰ অৰণ্য মানৱ যাদৱ পায়েঙে অকলে কিদৰে তিনি দশক জুৰি  বৃক্ষৰোপণ কৰি অৰণ্য ৰক্ষাৰ কামত আত্মনিয়োগ কৰিছে তাৰ কাহিনী শুনাই ছাত্ৰ-ছাত্ৰীক প্ৰকৃতি ৰক্ষাৰ প্ৰতি সচেতন কৰিব পাৰে | চালুমাৰাদা থিম্মাখাই কিদৰে  ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত 385 জোপা বট গছ আৰু 8000 জোপা অন্য গছ ৰুই  নিজৰ জীৱন প্ৰকৃতিৰ বাবে বিলীন কৰিছে তাৰ কাহিনীও ছাত্ৰ-ছাত্ৰীৰ বাবে আদৰ্শ স্বৰূপ হ'ব | ওঠৰ বছৰীয়া চুইদিছ পৰিৱেশ কৰ্মী গ্ৰেটা থানবাৰ্গ(Greta Thunberrg), ৰাজস্থানৰ জল সংৰক্ষক, পৰিৱেশ কৰ্মী ৰাজেন্দ্ৰ সিং, পোন্ধৰটা কৃত্ৰিম গ্লেছিয়াৰ নিৰ্মাণ কৰা লাডাখৰ চিৱাং নৰফেল, বিহাৰৰ পৰ্বত মানৱ দশৰথ মানঝি, দিল্লীৰ প্ৰকৃতি কৰ্মী লেখিকা বন্দনা শিৱা আদি প্ৰকৃতি সংৰক্ষণৰ লগত জড়িত ব্যক্তি সকলৰ কাহিনী ছাত্ৰ-ছাত্ৰীসকলৰ আগত উত্থাপন কৰিলে তেঁওলোকৰ মনত সজাগতা আৰু সচেতনতা বাঢ়িব |

       চৰকাৰেও প্ৰকৃতি সংৰক্ষণৰ লগত অবিৰত ভাবে লাগি থকা ব্যক্তি সকলৰ কৰ্ম জীৱনৰ ওপৰত তথ্য চিত্ৰ নিৰ্মাণ কৰি বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে, যাতে মানুহৰ মনত পৰিৱেশ সংৰক্ষণৰ সজাগতা আৰু সচেতনতা বৃদ্ধি পায় | পৰিৱেশ ৰক্ষাৰ প্ৰতি মানুহ সচেতন হ'লেহে আমি বাস কৰা গ্ৰহটো উত্তৰ পুৰুষৰ বাবে জীৱন ধাৰণৰ উপযুক্ত ঠাই হৈ থাকিব |

----------------------------------------


হেমন্ত কুমাৰ কলিতা

সহকাৰী শিক্ষক

শিকাৰহাটী আঞ্চলিক হাইস্কুল

শিক্ষা খণ্ড:- ৰাণী

মোবাইল- 9101000769 

 

অলংকৰণ:-সুৰভি দাস



Post a Comment

0 Comments